বিদায় আসন্ন!

২০২৫ চনৰ ভিতৰত সকলো মিগ-২১ৰ অৱসৰ

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুলাই : মিগ-২১ যুঁজাৰু বিমানক বিদায় দিয়াৰ সময় আহি পৰিছে। সূত্ৰ অনুসৰি, চাৰিটা স্ক্ৰোৱাড্ৰনকো ছেপ্টেম্বৰ মাহত বন্ধ কৰি দিয়া হ’ব। বাকী তিনিটা স্ক্ৰোৱাড্ৰনকো অহা তিনি বছৰৰ ভিতৰত অৱসৰ দিয়া হ’ব। সূত্ৰ অনুসৰি, এই অৱসৰৰ লগে লগে ২৮ জুলাইত বাৰ্মাত সংঘটিত মিগ দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। নতুন যুঁজাৰু বিমান অনাৰ পৰিকল্পনা কৰা হৈছে। তাৰ বাবেই এইবাৰ MiG 21 এৰিব লাগিব। সূত্ৰ অনুসৰি, শ্ৰীনগৰস্থিত ছোৱাৰ্ড আৰ্মছ নামেৰে পৰিচিত ৫১ স্কোৱাড্ৰনে দুমাহৰ ভিতৰত অৱসৰ ল’ব। যোৱা কেইবছৰমানত কেইবাখনো মিগ-২১ বিমান বাৰে বাৰে দুৰ্ঘটনাৰ সন্মুখীন হৈছে। কিন্তু এয়া ভাৰতৰ দীৰ্ঘদিনীয়া যুঁজাৰু বিমান। এতিয়া সেই যুদ্ধ বিমানৰ বয়স হৈছে। গতিকে স্বাভাৱিকভাৱে বিদায় দিব লাগে মানুহৰ দৰেই। ১৯৬৩ চনত বায়ুসেনাই প্ৰথমখন একক ইঞ্জিনৰ মিগ ২১ যুঁজাৰু বিমান লাভ কৰিছিল। বিগত ৬ দশকত ৪০০ৰো অধিক মিগ-২১ দুৰ্ঘটনাত পতিত হৈছে। ইয়াৰ বাবেই মৃত্যু হয় ২০০ জন পাইলটৰ। প্ৰাক্তন সহকাৰী বায়ুসেনা প্ৰধান এয়াৰ ভাইচ মাৰ্শ্বাল অৱসৰপ্ৰাপ্ত সুনীল নানোডকাৰে কয় যে আকাশমাৰ্গ পহৰা দিবলৈ পৰ্যাপ্ত সংখ্যক যুঁজাৰু বিমানৰ প্ৰয়োজনো আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More