বিদ্যালয়ৰ পৰা অহাৰ পথত ঘৰৰ সন্মুখৰ পৰাই শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিলে চিলনী চোৰে

0 46

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৭ আগষ্ট : তেজপুৰ চহৰৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমুহত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ উপদ্ৰৱ। বিগত সময়খিনিত তেজপুৰৰ বিভিন্ন প্ৰান্তত দিন দুপৰতে চিলনী চোৰে বহুকেইগৰাকী মহিলা – যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই লৈ যোৱাৰ লগতে পথাচাৰিৰ জেপৰ পৰা মোবাইল ফোন থপিয়াই নিয়া একাধিক ঘটনাৰ পিছত আজি দিন দুপৰতে নিজৰ বাসগৃহৰ সন্মুখৰ পৰা এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে তেজপুৰৰ বাম পৰ্বতীয়াৰ সংস্কৃত টোল নিবাসী ভাৰত শৰ্মাৰ শিক্ষয়িত্ৰী পত্নী ৰুমী দেৱী শৰ্মা বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্হাতে দিনৰ প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়। শিক্ষয়িত্ৰী গৰাকীৰ পৰা জানিব পৰা মতে বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ বুলি আহি থকা অৱস্হাত এখন মটৰচাইকেলত অহা দুটা আৰোহীয়ে ভাড়া ঘৰত থকা এজন লোকৰ বিষয়ে জানিব বিচাৰে। সেইখিনি ঠাইত ভাড়া ঘৰ নাই বুলি কিছু আঁতৰত খবৰ ল’বলৈ কোৱাত আঁতৰি যায় যদিও পুনৰ ঘূৰি আহি সন্ধান নেপালে বুলি কৈ তেওঁৰ স্বামীয়ে জানিব পাৰে বুলি ঘৰত সুধিবলৈ যাবলৈ ক’লে। তাৰ পিছতেই ঘৰৰ গেট খুলিবলৈ লওঁতেই হঠাৎ থপিয়াই ডিঙিৰ চেইন লৈ উধাও হয় দুই বাইক আৰোহী। ঘটনা সন্দৰ্ভত স্হানীয় লালমাটি আৰক্ষী চকীত শিক্ষয়িত্ৰী গৰাকীয়ে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষী অদ্যাপি সন্ধান উলিয়াব পৰা নাই চিলনী চোৰৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More