বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

0 15
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলাৰ সহযোগত স্কুল গণিতৰ ওপৰত এখন এদিনীয়া কৰ্মশালা কালি তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গণিতৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা এই কৰ্মশালা শুভাৰম্ভ হয় অনামিকা গগৈ পৰিচালিত আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰা অসম গণিত শিক্ষায়তনৰ প্ৰতীকী গীতেৰে। আনহাতে অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সভাপতি, অধ্যাপক ডঃ ৰামচৰণ ডেকাই  আদৰণি ভাষণ প্ৰদান কৰা  কৰ্মশালাৰ শুভ উদ্বোধন কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য্যই ভাষণ প্ৰসংগত কয়-গণিত বিষয়ৰ শিক্ষাদান কেৱল শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ থাকিলে নহ’ব৷ ইয়াক সমাজৰ মাজলৈ লৈ যাব লাগিব৷ বিশ্বত বহুতো সমাধানবিহীন বিষয় আছে৷ এই বিষয়বোৰ সমাধান কৰিবৰ বাবে গণিতে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে৷ যদিহে ছাত্ৰ-ছাত্ৰীয়ে গণিত ভাল পায় তেন্তে জীৱনত সফলতা দিশত আগুৱাই যোৱাত সহায় হয়৷ কৰ্মশালাখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ  অধ্যাপক নয়নদ্বীপ ডেকা বৰুৱাই দিনটোৰ তাপর্য্য ব্যাখ্যা কৰি কয় যে এই দিনটো “পাই দিৱস” হিচাপে আগতে উদযাপন কৰা হৈছিল যদিও ২০২০ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে উদ্‌যাপন কৰা হৈছে৷ আগতে ইয়াৰ বিষয় আছিল ‘‘সকলোতে গণিত’’৷ ভাষণ প্ৰসংগত অধ্যাপক ডেকা বৰুৱাই গণিতজ্ঞ আৰ্য্যভট্টকে ধৰি বিশ্বৰ বিভিন্ন গণিতজ্ঞই বিভিন্ন সময়ত উদ্ভাৱন কৰি অহা ‘পাই’ ৰ মান প্ৰদৰ্শন কৰে৷ লগতে ‘পাই’ ৰ বিভিন্ন আলোকচিত্ৰ প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী সকলক সুন্দৰ ব্যাখ্যা দিয়াৰ উপৰিও সকলো শিক্ষক-শিক্ষয়ত্ৰীকে আপ্লুত কৰে৷ অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱজিত হাজৰিকাই ভাষণত কয় যে-বিজ্ঞানৰ সকলো শাখাতে গণিতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ গণিত নহ’লে একো কামেই সুকলমে কৰিব পৰা নাযায় আৰু সেইবাবে গণিত বিষয়টো ছাত্ৰ-ছাত্ৰীৰ বাবে মনোগ্ৰাহী হোৱাতো অতি প্ৰয়োজন৷ উল্লেখ্য যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা কৰ্মশালাখনত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে‍৷ গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সভাপতি তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী  অধ্যাপক ডঃ ৰামচৰণ ডেকাই গণিতৰ জ্যামিতিৰ বিভিন্ন মডেল কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীকো হাতে কামে প্ৰস্তুত কৰিবৰ বাবে পৰামৰ্শ দিয়ে৷ তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগত ভগ্নাংশ বিষয়ে বিভিন্ন জ্ঞান হাতে কামে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰি সবিশেষ ব্যাখ্যা দাঙি ধৰে। ইয়াৰোপৰি কৰ্মশালাখনৰ অন্যতম সমল ব্যক্তি তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভীম প্ৰসাদ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক হাতে কামে গণিতৰ শিক্ষা দি জ্যামিতিৰ, ত্ৰিভূজৰ ধৰ্ম প্ৰমাণ কৰিবলৈ দিয়াৰ লগতে ৰেখা আদিৰ সুন্দৰ বৰ্ণনা আগবঢ়াই৷ বিশিষ্ট গণিতজ্ঞ ড০ শৰ্মাই বীজগণিতৰ যোগ-বিয়োগ প্ৰক্ৰিয়াও বিভিন্ন মডেলৰ জৰিয়তে সহজভাৱে বুজাই দিয়ে শিক্ষাৰ্থী সকলক। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকলেও অংশ গ্ৰহণ কৰি সমল ব্যক্তিৰ সহায়ক হিচাপে উপস্থিত থকা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে তেজপুৰ বিশ্ববিদ্যালয়ে বিদ্যালয়ৰ শিক্ষাৰ্থী সকল উপকৃত হ’ব পৰাকৈ এনে কৰ্মশালাৰ আয়োজন কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক সময়ত প্ৰত্যেক শিক্ষা খণ্ডতে এনে কৰ্মশালাৰ পোষকতা কৰে৷ দিনজোৰা এই কৰ্মশালা আৰু আন্তঃৰাষ্ট্ৰীয় গণিত দিৱসৰ কাৰ্যসূচী আঁত ধৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিপুল কুমাৰ শৰ্মাৰ লগতে অধ্যয়নৰত ছাত্ৰ অবিনাশ শইকীয়া আৰু ছাত্ৰী কৃশাংগী তালুকদাৰে৷ অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে শলাগ জ্ঞাপন কৰে অনুষ্ঠানৰ অন্তত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More