বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত ৰাজহুৱা শুনানী

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদন সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানীত অন্যান্য সংগঠনৰ লগতে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনেও অংশগ্ৰহণ কৰে। এছচিয়েছনৰ উপদেষ্টা বিমল দাস,আহ্বায়ক অজয় আচাৰ্য আৰু সদস্য অজিত আচাৰ্যই শুনানীত উপস্থিত থাকি বক্তব্য দাঙি ধৰে। এছচিয়েছৰ পক্ষৰ পৰা কোৱা হয় যে বিদ্যুৎ আইন,২০০৩ ৰ ৬১ নম্বৰ ধাৰা, য’ত বিদ্যুৎ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ কথা পৰিস্কাৰকৈ কোৱা হৈছে সেয়া লংঘন কৰি এপিডিচিএলে প্ৰতি বছৰে মাচুল বৃদ্ধি কৰি সাধাৰণ গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা জাপি দি আছে। গ্ৰাহকে মাচুল আদায় দিয়াৰ পিছতো কি কাৰণত এপিডিচিএলে প্ৰতিবছৰে লোকচানৰ হোৱা বুলি দেখুৱায় সেয়া সঠিককৈ নিৰ্ধাৰণ কৰিবলৈ এখন তদন্ত কমিটি গঠন কৰাৰ বাবেও এছচিয়েছনে নিয়ামক আয়োগৰ ওচৰত পৰামৰ্শ আগবঢ়ায়।তদুপৰি বিভিন্ন যুক্তি দাঙি ধৰি বিদ্যুতৰ মাচুল পুনৰবাৰ বৃদ্ধি কৰাত অনুমোদন নিদিয়াৰ বাবে এছচিয়েছনে নিয়ামক আয়োগক অনুৰোধ জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More