তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান উৎসৱ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰি আহিছে বাৰ্ষিক বিজ্ঞান উৎসৱৰ৷ এই বাৰ্ষিক বিজ্ঞান উৎসৱে এইবাৰ দশম বৰ্ষত ভৰি দিছে আৰু তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ মুকলি বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূৱ আঞ্চলিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীৰ৷ ইয়াত বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ তিনিটা ভাগত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিছে আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ উদ্ভাৱনী ধাৰণা সমূহ প্ৰদৰ্শন কৰিছে৷ এই বিজ্ঞান আৰ্হি প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলক সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব৷ ভাৰতীয় যুৱ বিজ্ঞান একাডেমীৰ সৌজন্যত অনুষ্ঠিত এই তিনি দিনীয়া বিজ্ঞান মহোৎসৱত ছাত্ৰ-ছাত্ৰী সকলৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More