বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

 শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ

0 16
শতাব্দ প্ৰতিনিধি‍ লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় সন্মুখত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদতে আজি সংগঠনটোৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম শক্তি বিতাৰক কোম্পানী লিমিটেডে প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে জাননী জাৰি কৰি উক্ত হাৰত উপভোক্তাৰ পৰা মাচুল সংগ্ৰহ কৰাৰ প্ৰতিবাদতে আজি সংগঠনটোৱে এনে কাৰ্যসূচী গ্ৰহণ কৰে৷ দুপৰীয়া প্ৰায় ১২ বজাত শক্তি মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি বিভিন্ন ধবনি দি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাসৰ দাবী জনায়৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মানসপ্ৰতিম শইকীয়া, সাধাৰণ সম্পাদক বিমলা প্ৰসাদ দাসে৷ এ পি ডি চি এলে শীঘ্ৰে বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰ্তন নকৰিলে যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে৷ আজিৰ কাৰ্যসূচীত আঞ্চলিক সমিতিৰ উপদেষ্টা জ্যোতি দাসৰ লগতে দিগন্ত ভূঞা, অৰুণ গগৈ আদিয়ে অংশগ্ৰহণ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More