বিন্দুকুৰীত মজিয়া এফ পি চিৰ পথাৰ পৰিদৰ্শন অতিৰিক্ত মুখ্য সচিব ড০ আশিস কুমাৰ ভূটানীৰ

0 9
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ এপ্রিলঃ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা, শোণিতপুৰ জিলাৰ বিন্দুকুৰী কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱৰ মজিয়া কৃষক উৎপাদক কোম্পানীৰ ( FPC ) পথাৰ পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ড০ আশিস কুমাৰ ভূটানীয়ে। ১৩০ গৰাকী মহিলা কৃষকৰ সহিতে মুঠ ৩১০ গৰাকী প্ৰগতিশীল কৃষকৰ দ্বাৰা গঠিত কৃষক উৎপাদক কোম্পানীটোৱে বিগত বৰ্ষত ২০০ বিঘা মাটিত শালি ধানৰ বীজ উৎপাদনৰ জড়িয়তে প্ৰায় ২৩ লাখ ৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে চলিত বৰ্ষত ২০০০ বিঘা মাটিত শালি ধানৰ বীজ উৎপাদন কৰি ৪০ লক্ষাধিক টকাৰ লাভ অর্জনৰ আশা কৰিছে। ইয়াৰ উপৰিও ধান, আলু, সৰিয়হ ইত্যাদি কৃষিৰে কৃষক উৎপাদক কোম্পানীটোৱে বহু লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। FPC টোৰ এই সামগ্ৰীক দিশ পৰ্যবেক্ষণ কৰাৰ লগতে কৃষকসকলৰ সৈতে মতবিনিময় কৰিলে সন্মানীয় অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ড০ আশিস কুমাৰ ভূটানীয়ে। কৃষক উৎপাদক কোম্পানীটোৰ কৃষকসকলক একেডৰা মাটিতে ঋতু অনুসৰি বিভিন্ন খেতি কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে এফ পি চিটোলৈ কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে আগবঢ়োৱা ট্ৰেক্টৰ, কম্বাইন হাৰ্ভেষ্টাৰ, মিনি কম্বাইন হাৰ্ভেষ্টাৰ, ৰোটাভেটৰ, বীজ আৰু সাৰ প্ৰয়োগ কৰা যন্ত্ৰ, ব্ৰীকেট প্রস্তুত কৰা যন্ত্ৰ ইত্যাদি অত্যাধুনিক প্রযুক্তিৰ  সহায়ত দুগুণ উৎসাহেৰে কৃষিকাৰ্যত নিয়োজিত হ’বলৈ আহ্বান জনায় । লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি অৰ্থাৎ পি এম কিষাণ আঁচনি সম্পৰ্কত উপস্থিত কৃষকসকলৰ সৈতে মতবিনিময় কৰিলে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে। ইয়াৰ উপৰিও আগন্তুক দিনবোৰত চৰকাৰ তথা কৃষি বিভাগৰ তৰফৰ পৰা এফ পি চিটোলৈ সহায় সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। এই  অনুষ্ঠানতে শোণিতপুৰ জিলা কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগীয় বিভিন্ন আঁচনিৰ খতিয়ান আৰু পৰিকল্পনা সম্পৰ্কে মতবিনিময় কৰে। পৰিদৰ্শন কালত তেখেতক সংগ দিয়ে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, কৃষি বিভাগৰ উত্তৰ মণ্ডলৰ যুটীয়া সঞ্চালক পবিত্ৰ শৰ্মা, জিলা কৃষি বিষয়া পঙ্কজ শইকীয়া, জিলা সহকাৰী আয়ুক্তৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More