বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই প্ৰদৰ্শন কৰিলে “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ” ৰ কৰ্মসূচী

0 103

শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ তেজপুৰৰ তৰুণ অসম সংঘত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান দিবসৰ লগত সংগতি ৰাখি ‘ বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ  অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অখিল কুমাৰ  ডেকাক বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনযোৰা সাধনা সন্মান “বিজ্ঞান সৌষ্ঠৱ বঁটা” আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ” ৰ সভাপতি তথা বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, সম্পাদক ৰিপুঞ্জয় বৰদলৈ, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেন দাসে এই বঁটাৰ হৈ গামোচা, চেলেং, স্মাৰক আৰু প্ৰশস্তি প্ৰদান কৰাৰ পিছত এই বঁটা গ্ৰহণ কৰি ড০ অখিল ডেকাই নিজৰ অনুভৱ সদৰী কৰে। বিজ্ঞানৰ নিৰৱ সাধক, শিক্ষাবিদ ডঃ ডেকাই তেওঁ কৰা কামৰ লগত বঁটা প্ৰদান কৰা অনুষ্ঠানটিৰ কামৰ মিল আছে বাবেই তেওঁক নিশ্চয় এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় বুলি মন্তব্য কৰি অনুষ্ঠানটিক আৰম্ভণিতে কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে উঠি অহা প্ৰজন্মক সহজ ভাবে বিজ্ঞান শিক্ষা প্ৰদান কৰি অহা শিক্ষাবিদ ড০ ডেকাই এই সন্দৰ্ভত বিগত সময়ৰ নিজৰ কামৰ কেতবোৰ খতিয়ান দাঙি ধৰি কমদামী অথবা বিনামূলীয়া সঁজুলিৰে পাঠ্যপুথিৰ বিজ্ঞানৰ ধাৰণা বিলাক শিকিব পাৰি নে তাক চাবলৈ বহু সময় খৰছ কৰিছিলোঁ বুলি কৈ ৮৩ বছৰীয়া ড০ ডেকাই এই বিষয়ত প্ৰায় সফল হৈছিলোঁ বুলি কৈ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই বিজ্ঞানৰ বহুকেইখন জনপ্ৰিয় গ্ৰন্থ লেখিবলৈ সক্ষম হও বুলি মন্তব্য কৰে। এই সঁজুলি বোৰৰ দ্বাৰাই বহু ঠাইত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অসম বিজ্ঞান সমিতি, এছ চি ই আৰ টি, ইপ্তা, বাৰ্ক আদিৰ পৰা নিমন্ত্ৰণ পাবলৈ সক্ষম হৈছিল বুলি কয়। উল্লেখ্য যে, “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ” ৰ সভাপতি তথা বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই কেন্দ্ৰই বিগত সময়ত নতুন প্ৰজন্মক বিজ্ঞান মনস্ক কৰি গঢ়ি তুলিবলৈ গ্ৰহণ কৰা বিভিন্ন কৰ্মসূচী সমূহ দৃশ্য শ্ৰাব্য মাধ্যমেৰে উপস্থিত ৰাইজৰ সন্মুখত দাঙি ধৰা অনুষ্ঠানটিত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অবনী কুমাৰ শৰ্মাই ভাষণ প্ৰদান কৰি ড০ অখিল ডেকা এগৰাকী জাতীয়তাবাদী সত্বাৰ অধিকাৰী আছিল বুলি কৈ মাতৃভাষা মাধ্যমৰ বিকাশ আৰু উত্তৰণৰ বাবে প্ৰতি মুহূৰ্ত পাৰ কৰিছিল বুলি মন্তব্য কৰে। আন এগৰাকী বিশিষ্ট বিজ্ঞান লেখক তথা দৰংমহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামীয়ে শিক্ষক হিচাপে এগৰাকী নিষ্ঠাবান শিক্ষক আছিল বুলি কৈ ড০ ডেকাৰ পাঠদানৰ দ্বাৰা বহু শিক্ষাৰ্থী বিশেষ ভাৱে উপকৃত হৈছিল বুলি কৈ তেওঁৰ নিয়মানুৱৰ্তীতা আৰু সময়ানুবৰ্তিতা গুণে সকলোকে উদ্বুদ্ধ কৰি তুলিছিল বুলি কয়। আনহাতে অনুষ্ঠানটিত উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেন দাসে অসম বিজ্ঞান সমিতিত ড০ ডেকাৰ যি অৱদান সেয়া একক আৰু অনন্য বুলি মন্তব্য কৰে। দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ জয় শংকৰ হাজৰিকাই ড০ ডেকাৰ যি বিজ্ঞান সাধনা সেই সাধনাই তেওঁক মহত্ব প্ৰদান কৰি গৈছে বুলি মন্তব্য কৰে। আনহাতে ড০ অখিল ডেকাৰ ভাতৃ, বিশিষ্ট শিক্ষাবিদ ডঃ বসন্ত ডেকাইও চমু ভাষণ দিয়া অনুষ্ঠানটিত বৰ্তমানৰ দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়াইও তেজপুৰ বিজ্ঞান সমিতিক গতিশীলতা প্ৰদান কৰা আৰু শিক্ষাৰ্থী সকলক বিজ্ঞান মনস্ক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ড০ অখিল ডেকাৰ অৱদান এতিয়ালৈকে কোনেও পূৰণ কৰিব পৰা নাই বুলি মন্তব্য কৰে। উল্লেখ্য যে,  ২০০১ চনতে গঢ় লৈ উঠা ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ বিশেষকৈ শিশু আৰু জনসাধাৰণৰ মাজত বিজ্ঞান-প্ৰযুক্তিমূলক জ্ঞানৰ প্ৰচাৰৰ লগতে বৈজ্ঞানিক মানসিকতাৰ বিকাশত নিৰৱছিন্ন প্ৰচেষ্টা চলাই আছে৷ অনুষ্ঠানটোৱে জনপ্ৰিয় বিজ্ঞান লেখাৰ কৰ্মশালাকে ধৰি বাজ্যিক ভিত্তিক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছেআনহাতে, ১৯৪১ চনৰ ১৯ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা তেজপুৰৰ সন্তান ড০ অখিল কুমাৰ ডেকাই কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক নিউক্লীয় পদাৰ্থবিজ্ঞানত পিএইচ ডি  উপাধি লাভ কৰিছিল৷ তেওঁ ১৯৬৩-২০০১ চনলৈকে দৰং মহাবিদ্যালয়ত অধ্যাপনা কৰা ড০ ডেকাই অধ্যাপনাৰ লগে লগে তেওঁ বিজ্ঞান জনপ্ৰিয়কৰণৰ কামতো নিজকে জড়িত কৰিছিল৷ তেওঁ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আমোদজনক ব্যবহাৰিক পদ্ধতিৰে বিজ্ঞানৰ শিক্ষাদান কৰি বিজ্ঞানৰ মৌলিক জ্ঞান আহৰণ কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ বিকাশ ঘটোৱাত গুৰুত্ব আৰোপ কৰে৷ অসম বিজ্ঞান সমিতি, এছটেক আদিয়ে আয়োজন কৰা শিক্ষণ প্ৰশিক্ষণ আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন কাৰ্যসূচীত তেওঁ পৰীক্ষা-নিৰীক্ষা ভিত্তিক  বক্তৃতা প্ৰদান কৰিছিল৷ডঃ  ডেকাই ১৯৮০ৰ দশকত নিজাববীয়াকৈ তেজপুৰ চহৰত এটা বিজ্ঞান ক্লাব গঠন কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক হাতে-কামে বিজ্ঞান শিকাইছিল৷ সেই কামৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আগ্ৰহ কৰি দিয়া ধন আৰু ভূমিৰে ১৯৯০ চনত তেজপুৰৰ মিছন চাৰিআলিত ‘তেজপুৰ বিজ্ঞান মন্দিৰ সমিতি’ নামৰ এটা প্ৰতিষ্ঠান গঠন কৰে৷ সেই প্ৰতিষ্ঠান পাছত ‘তেজপুৰ বিজ্ঞান কেন্দ্ৰ’  নামকৰণেৰে অসম বিজ্ঞান সমিতিলৈ  হস্তান্তৰ কৰা হয়৷ তেওঁ ২০১৯ চনলৈকে সেই কেন্দ্ৰৰ সঞ্চালকৰ ‘অবৈতনিক’ নায়িত্বও পালন কৰে। আনহাতে ডঃ ডেকাই ৰচনা কৰা জনপ্ৰিয় বিজ্ঞান আৰু গণিতৰ ১৬খনকৈ পুথি ইতিমধ্যে প্ৰকাশ হৈছে৷ তাৰ ভিতৰত চুম্বকৰ সৈতে ধেমালি আৰু পৰীক্ষা [১৯৮৫] আৰু  ‘ইলেক্ট’নিকছ’ৰ ক, খ [১৯৮৯] নামৰ গ্ৰন্থ দুখন  অসম সাহিত্য সভাৰ দ্বাৰা পুৰষ্কৃতও হৈছে৷ গ্ৰন্থ প্ৰকাশৰ উপৰি ডঃ  ডেকাৰ বিজ্ঞান জেউতি, সঁফুৰা, প্ৰান্তিক, গণিত বিকাশ আদি আলোচনীত শতাধিক অসমীয়া নিবন্ধ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত ইংৰাজী নিবন্ধ প্ৰকাশ পাইছে৷ তেওঁ ছাত্ৰ-স্থানীয়ে হাতে-কামে বিজ্ঞান শিকাৰ বাবে কমদামী আৰু সহজলভ্য বস্তুৰে সঁজুলি-বাকচ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এজন অগ্ৰণী ব্যক্তি৷ ১৯৯০ চনত তেওঁ উদ্ভাবন কৰা পদাৰ্থবিজ্ঞানৰ প্ৰথমটো সঁজুলি-বাকচ অসম বিজ্ঞান সমিতিয়ে অসমৰ বিভিন্ন স্কুলত যোগান ধৰিছিলনিৰৱে বিজ্ঞান সাধনা কৰি অহা প্ৰচাৰ বিমুখ ডঃ ডেকা অসম বিজ্ঞান সমিতিৰ এজন আজীবন সক্ৰিয় কৰ্মী৷ তেওঁৰ প্ৰচেষ্টাতে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰা অসম বিজ্ঞান সমিতিৰ তেজপুৰ শাখাৰ তেওঁ আছিল প্ৰথম সাধাৰণ সম্পাদক আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল অধ্যক্ষ বিপিন পাল দাস৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More