বিশ্বৰ শেষ পথ ‘ই-৬৯ হাইৱে’

য'ত মৃত্যুৰ হাত থাকে ৰৈ

0 79
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুলাই : ‘মই যি বাটে ওলালো আজি, নাহোঁ উভতি’— দশক দশক পূৰ্বে দৰদী গায়ক জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটো আজিও বহুতে গুণগুণায়। উভতি নহাৰ পথটোৱেই শেষ পথ! জীৱনৰ! এইটো আচলতে জীৱনৰ শেষ পথ— যিপথে গ’লে কোনো উভতি নাহে। কিন্তু পৃথিৱীতো আছে অন্তিমটো পথ। সেই পথটো হৈছে ‘ই-৬৯ হাইৱে’। দুঃসাহসিকতাপ্ৰেমীৰ ভাষাত ক’বলৈ গ’লে ইয়াত আকাশখন পৃথিৱীৰ লগত মিলি যায়। সপোনে ইয়াতেই নিজৰ গন্তব্যস্থান বিচাৰি পায়।
* ‘ই-৬৯ ঘাইপথ’
বিশ্বৰ শেষৰটো ৰাস্তাৰ ঠিকনা ইউৰোপৰ নৰৱে। কিন্তু ইয়াক শেষ পথ হিচাপে কিয় ঘোষণা কৰা হৈছে সেয়া নিশ্চয়কৈ জানিবলৈ মন যাব। গতিকে শুনক, এই পথটো হয় উত্তৰ গোলাৰ্ধত অৰ্থাৎ বিষুৱৰেখাৰ ঠিক ওপৰত। উত্তৰ মেৰুত গা ঘঁহাই এই পথটো একাবেঁকাকৈ যায়। বিজ্ঞানীসকলৰ মতে এই পথটোৱে ইউৰোপৰ নৰ্ডকেপ আৰু নৰৱেৰ অল্ডফ্জ’ৰ গাঁৱক সংযোগ কৰিছে।
* শেষ পথৰ দৈৰ্ঘ্য
‘ই-৬৯ হাইৱে’ৰ দৈৰ্ঘ্য প্ৰায় ১২৯ কিলোমিটাৰ। গোটেই পথটোত পাঁচটা সুৰংগ আছে। ইয়াৰে আটাইতকৈ ডাঙৰটো হৈছে নৰ্থ কেপ সুৰংগ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৬.৯ কিলোমিটাৰ। এই সুৰংগ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২১২ মিটাৰ তললৈ পাৰ হৈ যায়। এই ৰাস্তাটো তাতেই শেষ হয়। অৰ্থাৎ ৰাস্তাটো তলত শেষ হয়।
* ৰাস্তাত যোৱাৰ নিয়ম
এই পথত যাত্ৰা কৰিবলৈ কিছুমান নিয়ম মানি চলিব লাগে। নিয়ম মানি নচলিলে এই পথেৰে যাবলৈ দিয়া নহয়। কাৰণ গোটেই ৰাস্তাটো বিপদজনক। মৃত্যু প্ৰতিটো কেঁকুৰিতে থাকে।
* বতৰৰ বিধি পথালি
‘ই-৬৯ হাইৱে’ত যাতায়ত কৰাৰ মূল বাধা হৈছে বতৰ। ইয়াত কোনো বতৰৰ পূৰ্বাভাসে কাম নকৰে। কেৱল শীতকালতে নহয়, গ্ৰীষ্মকালতো বেছিভাগ সময়তে ৰাস্তাটো বৰফেৰে আবৃত হৈ থাকে। প্ৰায়ে বন্ধ হৈ থাকে ৰাস্তা-ঘাট। বতৰৰ চঞ্চলতাৰ বাবেই নিজৰ জীৱনটো হাতত লৈ ৰাস্তাটোৰে যাব লগা হয়। ইয়াত বতাহ প্ৰবল গতিৰে বয়। যিটো প্ৰায় ধুমুহাৰ দৰে। ধুমুহা আৰু বৰষুণ এই পথত অহৰহ সংগী হৈ থাকে।
* পথ নিৰ্মাণৰ সময়
১৯৩০ চনত ‘ই-৬৯ ঘাইপথ’ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু তাৰ চাৰি বছৰৰ পাছতহে পথ নিৰ্মাণৰ কাম আৰম্ভ হয়। প্ৰায় ৬২ বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। ১৯৯২ চনত পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More