বিশ্ব অভিলেখ বিহুৰ নামত শোণিতপুৰত ব্যাপক অনিয়মৰ অভিযোগ

একাংশৰ বাবে বিহু একাংশৰ বাবে ক্ষোভ

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ অহা ১৪এপ্ৰিলত বিহু পৰিৱেশনৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলোৱা মহা আয়োজনৰ বিপৰীতে শোণিতপুৰত ইমানদিনে আখৰা কৰি অহা ভালেসংখ্যক বিহুৱা বিহুৱতী ইয়াত অংশ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সন্মুখত এই সকল বিহুৱা বিহুৱতীয়ে বিহু পৰিবেশন কৰে৷ইপিনে,চৰকাৰে এই অভিলেখ গঢ়াৰ বাবে অংশগ্ৰহণকাৰী বিহুৱা বিহুৱতী সকলক নিৰ্দ্ধাৰিত পৰিমানৰ ধন দিয়াৰ ব্যৱস্থা কৰিছে য’দিও এনে বহু বিহুৱা বিহুৱতীৰ একাউণ্টত সেই ধন সোমোৱা নাই৷এনে অৱস্থাত যিসকলৰ একাউন্টত প্ৰাপ্য ধন সোমোৱা নাই তেওঁলোকক নগদ ধন আদায় দিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ নিৰ্দেশ দিছিল৷ কিন্তু সেই নিৰ্দেশ শোনিতপুৰত অমান্য হোৱাৰ অভিযোগ তুলিছে বহু সংখ্যক বিহুৱা বিহুৱতী আৰু তেওঁলোকৰ অভিভাৱকে৷এই সমগ্ৰ বিষয়টোত ব্যাপক খেলিমেলি আৰু অনিয়ম সংঘটিত কৰাৰ আঁৰত চৰকাৰী বিষয়াৰ লগতে এক দালাল প্ৰকৃতিৰ লোকো জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে৷প্ৰাপ্য ধন অনাদায়ৰ লগতে আৰম্ভণিৰ পৰা আখৰাত থকা নাচনীৰ নাম কৰ্টন কৰাৰ উপৰি মাত্ৰ দুদিন আখৰালৈ অহা নাচনীৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা ঘটনাকলৈয়ো তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছে৷এই সকলো অনিয়মৰ অভিযোগ তোলা ক্ষুব্ধ বিহুৱা বিহুৱতী সকলে জিলাখনৰ সাংস্কৃতিক বিষয়া জিতেন দাসৰ পৰা এই বিষয়ে সুদুত্তৰ বিচাৰি আজি তেজপুৰৰ নেহৰু ময়দানত দীৰ্ঘ সময় অপেক্ষা কৰে যদিও বিষয়াজন ইয়াত উপস্থিত নহ’ল৷উল্লেখযোগ্য যে,শোণিতপুৰৰ একাংশ ঢুলীয়াৰ নাম সোমাইছে কামৰূপ বা বৰপেটা, গোৱালপাৰা আদি জিলাৰ তালিকাত৷একেদৰে,নিশাৰ ভিতৰতে একাংশ নাচনীৰ নাম কৰ্তন কৰি কি বুজাবুজিৰে আখৰা নকৰাকৈ চুড়ান্ত তালিকাত আন একাংশ নাচনীৰ নাম সোমাল সেই লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে৷এনে অৱস্থাত বিক্ষুব্ধ ঢুলীয়া সকলে আজিৰ ভিতৰত চূড়ান্ত তালিকা ৰাজহুৱা কৰিব লাগে বুলি দাবী কৰি যদিহে তেনে নকৰে তেতিয়া শোণিতপুৰৰ কোনো ঢুলীয়াই অহা ১৪ এপ্ৰিলৰ অনুষ্ঠানত অংশ গ্ৰহণ নকৰে বুলিও ক্ষোভ ব্যক্ত কৰে সংবাদমাধ্যমৰ আগত৷ তেওঁলোকে কয় যে, শোণিতপুৰৰ যুৱকে আন জিলাৰ হৈ ঢোল বজাবলৈ নাযায়৷আনহাতে ক্ষুব্ধ অভিভাৱক সকলে এইসকল ঢুলীয়াক বঞ্চিত কৰাৰ বাবে জ্যোতি ভাৰতীৰ বিষয়া দাসে তেওঁলোকৰ সামগ্ৰী ক্ৰয়ৰ সকলো ধন ঘুৰাই দিব লাগিব৷ এই সকলো ঘটনাৰ আঁৰত অনাহুতভাবে বিহুৰ আখৰা আৰু প্ৰস্তুতিৰে সোমাই পৰা দালালৰো হাত থকা বুলি অভিযোগ উঠিছে৷এই সকলো বেমেজালিৰ বিপৰীতে ইয়াৰ বাবে দায়ী সকলৰ বিৰুদ্ধে এক উপযুক্ত তদন্তৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More