বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উদযাপন

0 25
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০চেপ্তেম্বৰঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি উদযাপন কৰা হয় বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস। এই দিৱস তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ “য়ুথ ৱেলনেছ হাব” উদ্যোগত উদযাপিত হয়। সেই উদ্দেশ্য কমিউনিটি চাইকিয়াট্ৰিৰ অধীনত তেজপুৰৰ পাছমাইল  উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ১০০ ৰো অধিক ছাত্র ছাত্ৰীৰ উপস্থিতত আত্ম হত্যা প্ৰতিৰোধ সজাগতা সম্পৰ্কে বিভিন্ন অনুষ্ঠান ৰূপায়ন কৰা হয়। মানসিক চিকিৎসা প্ৰতিষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ দ্বাৰা ৰূপায়িত অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়কে ধৰি প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী, ছাত্র -ছাত্ৰী আৰু বিভিন্ন বিভাগৰ  শিক্ষক শিক্ষয়িত্ৰী সকলেও অংশ গ্ৰহণ কৰে। আন্তৰাষ্ট্ৰীয় আত্ম  হত্যা প্ৰীতিৰোধ সংস্থা (IASP)ৰ সহযোগিতাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন সাপেক্ষে ২০০৩ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে ঘাইকৈ সমাজত আত্ম হত্যা সম্পৰ্কীয় সজাগতা মূলক শিক্ষা, আত্মহত্যা যে প্ৰতিৰোধ কৰিব পাৰি সেই দিক্ষা  লগতে আত্ম হত্যাৰ ক্ষেত্ৰত জড়িত কৰক সমূহ নিৰ্মূলৰ চেষ্টাই হৈছে এই দিৱসৰ মূল কথা।  প্রতিষ্ঠান ৰ চাইকীয়াত্ৰীক নাছিং বিভাগে ৰোগী আৰু আত্মীয়ৰ বাবে সজাগতা মূলক অনুষ্ঠান, চাইকীয়াত্ৰীক ছচিয়েল ৱৰ্ক বিভাগৰ উদ্যোগত সজাগতা সভা আদি অনুষ্ঠিত কৰা হয়। সভাত প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলয়েও অংশগ্ৰহণ কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More