বিশ্ব হোমিওপেথিক দিৱস পালন

0 32
বিশ্ব হোমিওপেথিক দিৱস পালন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১১ এপ্ৰিল : পঞ্জীয়নভুক্ত হোমিওপেথিক চিকিৎসক সন্থা যোৰহাট আৰু ডা° জীবকান্ত শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত, হোমিওপেথিক চিকিৎসা বিজ্ঞানৰ আবিস্কাৰক ডা° চেমুৱেল খ্ৰীষ্টান ফেড্ৰেৰিক হ্যানিমেনৰ ২৬৭ তম জন্ম জয়ন্তী বিস্তৃত কাৰ্য্যসূচীৰে ডা°জীৱকান্ত শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহ প্ৰাঙ্গণত অনুষ্ঠিত হয় । পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলী অৰ্পণ বৃক্ষ ৰোপন অনুষ্ঠান কেইটি ক্ৰমে  ডা° বিকাশ কুমাৰ শৰ্মা, ডা°গনেশ চন্দ্ৰ বৰা, ডা°মনোমোহন গগৈ, ডা°গৌতম দাসে সমাপন কৰে । ডা° বিকাশ কুমাৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মূল সভাখনি উদ্ধোধন কৰে ডা° জে,কে, শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডা° কৃপাল কুমাৰ শৰ্মাই । হ্যানিমানৰ ওপৰত আলোকপাত কৰি নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় ক্ৰমে ডা° জে, কে, শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় অৱসৰ প্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা যোৰহাটৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডা° ধীৰেন চন্দ্ৰ সেনাপতি, হোমিওপেথিক চিকিৎসক সন্থা যোৰহাটৰ সভাপতি ডা°গনেশ চন্দ্ৰ বৰা  আৰু অন্যতম যোৰহাটৰে বিশিষ্ট হোমিওপেথিক চিকিৎসক ডা° ৰানা সন্দিকৈয়ে । সন্থাৰ সম্পাদক ডা° মনো মোহন গগৈয়ে আঁত ধৰা সভাখনিত সমজোৱাৰ দুৱাষাৰ আগবঢ়ায়  মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিমন্যু বৰা আৰু সভানেত্ৰী তুৰিষ্মা দেৱী শইকীয়াই ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More