বিহগুৰিত অজাযুছাপৰ তেজপুৰ জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলন সম্পন্ন

0 21
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৫ মাৰ্চঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ জিলা সমিতিয়ে ন-পুৰণি সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে বিহগুৰি চন্দ্ৰ নাথ শৰ্মা স্মৃতি ভৱনত অনুষ্ঠিত কৰে। পুৱা পতাকা উত্তোলন কৰে তেজপুৰ জিলা সমিতিৰ সভাপতি নৃপেন নাথে আৰু সতীৰ্থ স্মৰণৰ বন্তি প্ৰজ্বলন কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু তালুকদাৰে। ইয়াৰ পাছতে জিলা সভাপতি নৃপেন নাথৰ সভাপতিত্বত অনুষ্ঠিত ন-পুৰণি সতীৰ্থ সন্মিলনৰ মুকলি সভাত সংগঠনটিৰ মূখ্য উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱাই মুকলি কৰা সভাত ৭৮’ চনৰ পৰা সংগঠনটিয়ে বিভিন্ন সময়ত কৰি অহা কাৰ্যসূচী সন্দৰ্ভত দাঙি ধৰে। জন্ম লগ্নৰে পৰা উত্থাপন কৰি অহা দাৱী চনদৰ ওপৰত বক্তব্য দাঙি ধৰি পাৰপত্ৰ, পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থাই অসমৰ খিলঞ্জীয়া লোক সুৰক্ষিত হব বুলি কয়। সভাত কেবাগৰাকী প্ৰাক্তন জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকি যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা আতৰি গৈয়ো সংগঠনৰ প্ৰতি থকা মৰমৰ বহি প্ৰকাশ ঘটে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, মূখ্য উপদেষ্টা প্ৰদিপ গোস্বামী,যুটীয়া সম্পাদক হিমাংশু শইকীয়া ,অবিভক্ত শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি যতীন বৰা, সাধাৰণ সম্পাদক শান্তনু বৰুৱা, শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন মহন্ত, সাধাৰণ সম্পাদক  দিপ দত্ত, পংকজ শইকীয়া, জয়ন্ত শৰ্মা প্ৰমুখ্যে প্ৰতিখন আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি-সাধাৰণ সম্পাদক উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সুদীৰ্ঘ সময় সংগঠনৰ মজিয়াত থাকি কৰি অহা বিভিন্ন উন্নয়ন মূলক কৰ্মৰাজীৰ জড়িয়তে ৰাইজৰ কাষ চাপি যোৱাৰ লগতে দীৰ্ঘ ম্যাদী আন্দোলন আগবঢ়াই নিয়া বুলি কয়। তাহানিৰ চিন্তা চৰ্চা আৰু আজিৰ ডিজিটেল যুগৰ চিন্তা চৰ্চাৰ পাৰ্থক্য আছে। নিৱনুৱা সমস্যাই গা কৰি তোলা ৰাজ্যখনত যুৱ চামৰ বাবে সংস্থাপনৰ অভাবে প্ৰভাৱ পেলোৱা বুলিও বক্তা সকলে উল্লেখ্য কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক-যুৱতী সকলক প্ৰশিক্ষণ আদিৰ জৰিয়তে পাৰ্গত কৰি তোলাৰ বাবে আহ্বান জনায়। বিভিন্ন ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ থকা প্ৰাক্তন সদস্য সকলে মতাদৰ্শ পাৰ্থক্য থাকিলেও সাংগঠনিক শিক্ষা লোৱা পৰিষদৰ মজিয়াক সদায়ে শ্ৰদ্ধা কৰি অহা বুলিও কয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More