বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল

১৩ মাৰ্চত ৰাজভৱন ঘেৰাও কাৰ্যসূচী

0 36
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ মাৰ্চঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ গঠিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ প্ৰথমখন বৈঠকত লোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তসমূহ আজি ৰাজহুৱা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰ চাৰিআলিত থকা ভূপেন কুমাৰ বৰাৰ নিজা বাসগৃহত পুৱা ১১ বজাত সম্বোধন কৰা এখন সংবাদমেলত আজি এই সিদ্ধান্ত সমূহৰ কথা তেওঁ ঘোষণা কৰে৷ ভূপেন কুমাৰ বৰাই কয়– এলায়েন্সৰ ক্ষেত্ৰত আমাৰ সভাই কালি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে এ আই ইউ ডি এফ দলৰ লগত মিত্ৰতা সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন মন্তব্য কৰিলেও দলৰ সৰ্বোচ্ছ সভাখনত এইটো সিদ্ধান্ত হয় যে আমি কোনো পৰিস্থিতিতে এ আই ইউ ডি এফৰ লগত মিত্ৰতা বা বুজাবুজি নকৰো৷ কিন্তু বাকী অসমৰ যিসমূহ বিৰোধী ৰাজনৈতিক দল আছে, ৰাইজৰ দল, এ জে পি, চি পি আই, চি পি এম, এল ডি পি আদি দলসমূহৰ লগত অতি শীঘ্ৰে আমাৰ কঠোপকথন, আলোচনা-বিলোচনা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছো বুলি ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সিদ্ধান্তৰ কথা ব্যক্ত কৰে৷ একেদৰে তেওঁ কয় যে- বিজেপি চৰকাৰৰ যি দুমুখীয়া নীতি এফালে চৰকাৰী মাটিৰ পৰা মানুহক উচ্ছেদৰ নামত এটা অভিযান, আনফালে লিডু, মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন, কাৰ্বি আংলঙত অবৈধ পাহাৰ কাটি গোটেই খাস্তাং কৰি অবৈধ চিণ্ডিকেট চলি আছে৷ এফালে মানুহক দেখাবৰ বাবে জধে মধে উচ্ছেদ, উচ্ছতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা নামানে, এফালে বিহপুৰীয়াৰ বিধায়কে মাটি বেদখল কৰিছে, বিজেপিৰ কেন্দ্ৰীয় কৰ্যালয় জলসম্পদ বিভাগৰ মাটি বেদখল কৰি বহুৱাইছে, আকৌ বেলেগ মানুহে যদি কাৰোবাৰ চৰকাৰী মাটিত আছে তেওঁলোকক জধে-মধে উচ্ছেদ কৰিছে৷ চৰকাৰৰ এনে দুমুখীয়া নীতিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ গণ সংগ্ৰামৰ সিদ্ধান্ত গ্ৰহণ কৰিছো বুলি কয়৷ আদানিৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যি অহৈতুকী প্ৰীতি, এনে প্ৰীতিৰ বিৰুদ্ধে অহা ১৩ মাৰ্চত কংগ্ৰেছে ৰাজভৱন ঘেৰাও কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ একেদৰে পঞ্চায়ত নিৰ্বাচনত টিকট বিতৰণ তথা প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি জিলা, ব্লক, পঞ্চায়ত সমূহক দায়িত্ব প্ৰদান কৰা হ’ব বুলি ৰাজনৈতিক পৰিক্ৰমা সমিতিত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিত্তিত বুথ সভাপতি কনফাৰেন্স অনুষ্ঠিত কৰিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷ একপ্ৰকাৰে তৃৰ্ণমূলৰ কৰ্মীসকলৰ মূল ভেটি এই বুথ সমূহক নেতৃত্ব লোৱা সভাপতি-সম্পাদক সকলৰ একোখনকৈ অভিবৰ্তন অনুষ্ঠিত কৰাৰ কথা কালিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ দেওবাৰৰ বৈঠকখনত গ্ৰহণ কৰা মুঠ ৬টা সিদ্ধান্তৰ কথা আজি সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাজহুৱা কৰে৷ উল্লেখ্য যে দেওবাৰে ভি ডি অ’ কনফাৰেন্সিং পদ্ধতিৰে অনুষ্ঠিত উক্ত গুৰুত্বপূৰ্ণ বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ গৰিষ্ঠ সংখ্যক সদস্যই অংশগ্ৰহণ কৰে৷ সমিতিয়ে গ্ৰহণ কৰা উক্ত সভাৰ সিদ্ধান্তসমূহ আজি বিহপুৰীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More