বিহু বিতৰ্কঃ এটি তাৎক্ষণিক প্ৰতিক্ৰিয়া

0 235

হৰ্ষবৰ্দ্ধন

এইকেইদিন সামাজিক মাধ্যমত বিহু বিষয়ক বিতৰ্ক এটা চলি আছে। পঢ়ি আছোঁ, একাংশই টেগ কৰিছে, একাংশই প্ৰতিক্ৰিয়া বিচাৰিছে। আচলতে এইকেইদিন বিতৰ্কৰ পৰা কিছু আঁতৰি আছোঁ বাবেই একো মাত দিয়া নাছিলোঁ। কিন্তু মনে মনে বহুকথাই ভাবি আছিলোঁ। এটা সময়ত নিলিখাৰ বাবে,মাত নমতাৰ বাবে বিবেক দংশন হ’ল। সেয়েহে জনা কথাখিনি ইয়াতে তুলি ধৰিলোঁ। মই এটা কথাক লৈ অন্ততঃ গৌৰৱ কৰিছিলোঁ যে বিহুত কোনো জাতি-ধৰ্ম-বৰ্ণৰ কথা নাই। এই বিষয়ে পুৰণি পষ্ট এটিৰ এছোৱা তুলি দিছোঁ।
“অসমীয়া হিচাপে প্ৰায়েই গৌৰৱবোধ হয় কাৰণ বিহু আমাৰ জাতীয় উৎসৱ। বিহুৰ আটাইতকৈ লক্ষণীয় দিশটো হ’ল যে বিহুৰ সৈতে ধৰ্ম বা ধৰ্মীয় বিশ্বাসৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।মাঘৰ উৰুকাৰ নিশা হিন্দু, মুছলমান,খৃষ্টান,শিখ আদিৰ প্ৰশ্ন নাহে। সেইদিনা গোটেই গাঁওখনৰ বা চুবুৰীটোৰ মানুহে একেলগে ভোজ-ভাত খায়। বহাগৰ বিহুত ঢকুৱাখনাৰ সৰ্বেশ্বৰ শৰ্মাই (প্ৰচলিত নাম সৰ্বেশ্বৰ বামুণ) যেনেদৰে বিহুনাম গায় ঠিক একেদৰে শেনছোৱা গাঁৱৰ ভদীয়া কাইয়েও একেদৰেই গায়। নাথাকে কোনো আদৰ্শগত ভেদাভেদ আদি। গাঁৱৰ বিজেপি, এজিপি, কংগ্ৰেছ, মাৰ্ক্সিষ্ট সকলোৱে একেলগে বিহু পালন কৰে। বিহু আনন্দ, মিলাপ্ৰীতিৰ উৎসৱ।”
কিন্তু বিহু বিতৰ্কই মোৰ সেই ধাৰণাটো যেন নস্যাৎ কৰি পেলালে। হিন্দু-মুছলমান আদি কথাবোৰ বিহুগীতত আহিল কৰ পৰা? মূল কথালৈ যোৱাৰ আগতে প্ৰথমেই আমি ইতিহাসৰ পাত লুটিয়াই চাব লাগিব যে বিহুৰ আৰম্ভণি কেনেকৈ? বুৰঞ্জী (আচলতে ইতিহাস)ত আমি চুতীয়াসকলে প্ৰথম বিহু পাতিছিল বুলি পঢ়িবলৈ পাওঁ, কাৰণ সাত বহাগৰ দিনা আহোমে ঢোল বজাই চল কৰি বিহুবলীয়া চুতীয়াসকলক পৰাস্ত কৰা, নীতিপালৰ মৃত্যু আৰু সতী সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ সৈতে বিহুৰ সম্পৰ্ক আছে। কিন্তু বিহুৰ উৎপত্তি আচলতে কৃষি প্ৰধান সমাজখনৰ পৰাহে। আগতে (সঠিক চন তাৰিখ ক’ব নোৱাৰি) পথাৰত বা হাবিৰ কাষত (বহুতে মাজত বুলি কয় কিন্তু মাজত হ’ব নোৱাৰে, কাৰণ মাজত হ’লে জীৱ জন্তুৰ ভয় থাকে।) মানুহে
“হায় ঐ মতা ম’হৰ বেজাৰত মাইকী ম’হ বেচিলোঁ
কৰিয়া তুলিলো ঐ চাঙত
তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ ঐ
তোমাক নেপালোহি ঘৰত”
বুলি যিটো চিঞৰ মাৰিছিল তাত আছিল বন্যতা। যৌন অভিপ্সাৰ কথাও এই সময়ৰ গীতসমূহত স্পষ্ট। কিন্তু এই সকলো কথাৰ মাজত এটা তাৎপৰ্যপূৰ্ণ কথা হ’ল যে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ “অসমীয়া সাহিত্যৰ চানেকি”ত এষাৰ বৰ উল্লেখযোগ্য কথা কৈছে যে অসমীয়া সাহিত্যৰ আটাইতকৈ দীঘলীয়া যুগটোৱেই গীতি যুগ। ইয়াৰ সময় তেওঁ ৬০০-৮০০ আব্দ বুলি ঠাৱৰ কৰিছে। কিন্তু এটা কথা ঠিক যে বিহুৰ উৎপত্তি আৰু ক্ৰমবিকাশ খৃষ্টপূৰ্ব ২০০০-৩০০০ত অহা কিৰাট মংগোলীয় লোকসকলৰ সৈতে জড়িত। আনকি কছাৰীসকলে ৰণত জিকি আনন্দতে “ৰণ জিকৈছোঁ, ৰণ জিকৈছোঁ হা-ৰে-ৰে ৰণ জিকৈছোঁ কোঠ ভাঙইছোঁ কোঠ ভাঙইছোঁ হা-ৰে-ৰে কোঠ ভাঙইছোঁ” বুলি যি এক চিঞৰ মাৰিছিল সেয়াও হয়তো বিহুৰ পৰাই ওপজা।
পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতে মুখে মুখে প্ৰচলিত বিহুগীতখিনি ৫০০ বছৰৰ অধিক পুৰণি নহ’ব কাৰণ বৰ্তমানৰ প্ৰচলিত অসমীয়া ভাষাটো ১০০০ বছৰৰ অধিক পুৰণি নহয়। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে যেতিয়া বিহু হাবি আৰু পথাৰ পাৰ হৈ ৰজা বা কোনোবা ডা-ডাঙৰীয়া বা আঢ্যবন্ত লোকৰ চোতাল পালেহি তেতিয়া ডেকা বা গাভৰুসকলে:
ঔ ফুল ফুলিলে জগতে জানিলে
থেকেৰা ফুলিলে ৰাতি
বুকু ৰমেৰমাই দেহা চমেচমাই
ঐ কৰিলা টোপনি ক্ষতি

হাতী পানী খালে ঐয়াঙে দৈয়াঙে
ঘোঁৰাই পানী খালে ৰৈ
ধনে পানী খালে পিৰিতিৰ নিজৰাত
থিয় গড়াত খোপনি লৈ

বা লাইলাং গীত যেনে:

জকাই ৰাঙলী খাটল ৰাঙলী
তাতোকৈ ৰাঙলী পাই এৰি আহিছোঁ
দুয়ো কৰঙনৰ মাজ।।

দুৱনী ঐ বমনী ঐ দুয়ো বনী ঐ
অমৰা নথবি ঐ দমাই;
অমৰা তলীতে ঐ ধৰিম গবা মাৰি ঐ
বাপেৰে ঐ বুলিব ঐ জঙাই।
জঙাই হেৰা জৰা টেঙা
একে হানে কৰিম বেঙা
মেখেলি বাল কৰি দিম ঐ ৰঙা।।

আদি গীতবোৰ গাব নোৱাৰা হ’ল। তেতিয়াই সৃষ্টি হ’ল এই পদ ঘোষা মালিতা আদিৰ। তেতিয়াই কোনোবাই গালে:

স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে
ঐ দুলিয়াই পাতিলে দোলা
কানত জিলিকিলে নৰা জাঙেফাইয়ে
ঐ গাতে গোমেচেংৰ চোলা

এ দেউতা ঈশ্বৰ ঐ নামত নধৰিব দায়ে দেউতা ঈশ্বৰ ঐ
পদত নধৰিব দায়ে দেউতা ঈশ্বৰ ঐ
আমাৰ চেঙেলীয়া মন

তাৰ লগে বিহুগীতলৈ আহিল মনিকোঁৱৰৰ গীত ফুল কোঁৱৰৰ গীত, পগলা পাৰ্বতীৰ গীত আদিবোৰ। পাছৰ পৰ্যায়ত মনিৰাম দেৱানৰ গীত,বদন বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত, লাচিত বৰফুকনৰ গীত আদিও যোগ দিয়া হ’ল।
শংকৰদেৱৰ সময় আছিল অসমীয়া সমাজখনে বৈষ্ণৱ সংস্কৃতিৰে ঠন ধৰি উঠাৰ সময়। গতিকে বিহুগীতত হৰি বিষ্ণু, গোবিন্দ আদিৰ প্ৰৱেশ। ইয়াত হিন্দু-মুছলমান বুলি কথা নাছিল। পদ আমি আগতেও দিছিলোঁ কিন্তু তাত কোনো দেৱ দেৱী নাছিল মাত্ৰ “আই” আছিল:

“আই সৰেচতি লংফুল বকুলি তোমালৈ মানি যাওঁ কি
তোমালৈ মানি যাওঁ শুকুলা ছাগলী মাহে পৰসাদে দি।।

শংকৰদেৱৰ আগমনৰ পাছত তাৰ সৈতে ভগৱানক অনা হ’ল দ্বিতীয় স্থানত:
প্ৰথমে প্ৰনামো আই সৰেচতি
ঐ দ্বিতীয়ে প্ৰণামো হৰি
তৃতীয়ে প্ৰণামো সমজুৱা ৰাইজ ঐ
ধৰি যাওঁ নামৰে গুৰি।।

তাৰ পাছত কিন্তু ভগৱানক আগস্থান দিয়া হ’ল:
হে কৃষ্ণস্বামী কৰিছোঁ মিনতি পাতি আমি বিহুৰে খেলা
আপোনাক শিৰত লৈ নকথা কৰি যাম
ৰাখিবা সংকটৰ বেলা।।

গোবিন কৃষ্ণ ৰাম নাৰায়ণ হৰি এ জয়

এই ভকতীয়া সুৰৰ নামষাৰৰ পাছত যে “জয়” বুলি গালে সেয়া বিহু। আগতে গোৱা হৈছিল:
ৰংঘৰ কাৰেংঘৰ ঐ
জয়দৌল শিৱদৌল ঐ
আহোমৰ বিজয় কিৰিটি ৰৈয়া কি ৰয়ে না ঐ

কিন্তু শংকৰদেৱৰ আগমনৰ পাছত ইয়াক গোৱা হ’ল:
ৰংঘৰ কাৰেংঘৰ ঐ ৰাম
জয়দৌল শিৱদৌল ঐ ৰাম
আহোমৰ বিজয় কিৰিটি হৰি গোপাল গোবিন্দ ৰাম

অসমৰ মুছলমান সকলেও আনকি সেই সময়ত আজান দিব বা নামাজ পঢ়িব নাজানিছিল, কাৰণ আৰবীয় সংস্কৃতিৰ সৈতে আমাৰ অসমীয়া মুছলমান সমাজখনৰ তেতিয়া চিনা-পৰিচয় নাছিল। আজান ফকীৰে আহি তেওঁলোকক আজান দিবলৈ,নামাজ পঢ়িবলৈ শিকোৱাৰ কথা ইতিহাসে আমাক কয়। গতিকে পাছৰ পৰ্যায়ত আজান ফকীৰৰ গীত, জিকিৰ আদিও বিহুৰ ভিতৰুৱা হ’ল। আমি সৰুতে শুনিছিলোঁ

দিখৌ নৈৰে কাষৰী সৰাগুৰি চাপৰিত
আজানে দিলেগৈ স্থান…

বা জিকিৰ যেনে:
আম্মানৰ কুটুম তৰা,
সজাত মইনা আছে, ঘনে লগাই মাত, সজাৰ মইনাটিৰ অনেক মুকুতি, ডেও মাৰি পাৰ হয় এৰিলে পীৰিতি, ডেও মাৰি পাৰ হৈ জীৱই আছে চাই, চোৱাঁ চোৱাঁ জীৱ সবৰ ভেলৰ বিলাই।

এই কথাবোৰে আমাৰ জাতীয় ঐক্যৰ পৰিচয়কে বহন নকৰে নে? অসমীয়া জাতি কোনো উমৈহতীয়া ভাষা, বিশ্বাস আদিৰ যোগেদি গঢ়ি উঠা জাতি নহয়। বিভিন্ন ভাষা-ভাষীৰ বিভিন্ন ঠাইৰ লোকে একেখন ঠাইতে বসতি স্থাপন কৰি নিজস্ব উপাদানেৰে অসমীয়া জাতিক গঢ় দিছে, সমৃদ্ধ কৰিছে, বিকাশ ঘটাইছে। এয়া এৰাতিতে হোৱা চমৎকাৰ নহয়,ই এক হেজাৰ বছৰীয়া যাত্ৰা। একধৰণৰ inter civilizational encounterৰ প্ৰক্ৰিয়াৰ মাজেৰে আহি আমি ইজনে আনজনৰ বিকাশত সহায় কৰিছোঁ। এনেধৰণৰ বৌদ্ধিক আহিলা গ্ৰহণ কৰি হিন্দু-মুছলমান আদি কৰি আমাক ভাগ ভাগ কৰি সমাজলৈ বিভেদ আনিবলৈ চেষ্টা নকৰাটোৱেই ভাল।
এনেদৰেই সময়ৰ সৈতে বিহুৰ অনেক ধৰণেৰে বিকাশ ঘটিছে, বিহুলৈ পৰিবৰ্তন আহিছে। কিন্তু মূল বিষয়বস্তৰ পৰা ফালৰি কটাৰ ভয়ত আৰু অত্যধিক দীঘলীয়া হোৱাৰ আংশকাত সেইসমূহ উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ।।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More