‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ সমাজ বিজ্ঞানী তৰুণ গগৈক প্ৰদান

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পদক্ষেপ

0 44

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান অনুষ্ঠানটি বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত শনিবাৰে সুকলমে অনুষ্ঠিত হৈ যায় ৷ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই মুকলি সভাৰ আদৰণি ভাষণত কয় যে ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিচক্ষণ সেনাপতি তথা এগৰাকী মহান বিপ্লৱী নেতা বীৰপুৰুষ মতাটুকুৰা বৰুৱা কেৱল যোদ্ধাই নহয়, তেখেত আছিল একেধাৰে সেনাপতি, নিপুণ শিল্পী, সু-সংগঠক আৰু ধৰ্মপৰায়ণ ব্যক্তি ৷ কালৰ কুটিল গ্ৰাসত এই মহান বিপ্লৱী নেতাগৰাকীৰ মূল্যায়ন তেনেই সীমিত ৷ সেয়েহে বীৰপুৰুষজনক সন্মান জনাই তেখেতৰ কৰ্মৰাজিক জগত সভাত চিনাকী কৰাই দিবলৈ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে প্ৰৱৰ্তন কৰিছিল ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ ৷ এইবাৰ মটক জনগোষ্ঠীৰ বিশিষ্ট লেখক, বুৰঞ্জীবিদ, সমাজ বিজ্ঞানী, চিন্তাবিদ তৰুণ গগৈক এই বঁটা প্ৰদান কৰা হৈছে ৷ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য গোহাঁইৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বঁটাপ্ৰাপকক প্ৰশস্তিপত্ৰসহ শৰাই, চেলেং,স্মাৰক আগবঢ়াই ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান কৰা হয়। । অনুষ্ঠানত মুখ্য অতিথি হিচাপে চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা উপস্থিত থকাৰ লগতে সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰুজ গোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, আটাছু, টাইপা, আটছা, বীৰ লাচিত সেনাকে ধৰি একাধিক দল, সংগঠনৰ বিষয়ববীয়া, বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More