বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত সমূহীয়া মাছ ধৰাত শোণিতপুৰ জিলা প্ৰশাসনৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ জানুৱাৰীঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত একাংশ লোকে মাঘ বিহুৰ সময়ত সমূহীয়া ভাবে মাছ ধৰাৰ এক কাৰ্যসূচী আয়োজন কৰাৰ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত তথা বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ অধীনত এনে গতিবিধি বেআইনী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগৰে লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেই অনুসৰি কৰ্ত্তৃত্বপ্ৰাপ্ত বিষয়াৰ আগতীয়া অনুমতি অবিহনে অভয়াৰণ্যৰ ভিতৰত ৫ জন বা তাতোধিক লোকৰ সমাগম বা অভয়াৰণ্যলৈ আহ-যাহ সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে৷ তথা অভয়াৰণ্যৰ ভিতৰত যিকোনো ধৰণৰ মাছ ধৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তৎকালীন ভাৱে বলবৎ হোৱা এই নিষেধাজ্ঞা উলংঘা কৰিলে উলংঘাকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি দণ্ডাধীশ গৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে।