বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনা, মহিলাসহ আহত পাঁচ

উচ্ছেদিত অঞ্চলত পুনৰ বেদখল

0 7

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুলাই : নগাঁও বন সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি অভয়াৰণ্যত আজি দিনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা৷ অলপতে উচ্ছেদিত অংশত পুনৰ একাংশ বেদখলকাৰীয়ে থিতাপি লোৱাৰ বিপৰীতে আজি বিভাগীয় ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত বনবিভাগৰ দ্বাৰা সংঘটিত হয় এই গুলিচালনাৰ ঘটনা৷ উল্লেখ্য যে,প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলা প্ৰশাসনৰ অধীনস্থ যদিও এই বন্যপ্ৰাণী অভয়াৰণ্যখন নাগঁও বন বিভাগৰ অধীনত৷ইয়াত কিছুদিন পূৰ্বে বৃহৎ অভিযানৰে বেদখলমুক্ত কৰা অভিযান সফলতাৰে চলোৱাৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ সুযোগ লৈয়েই অভয়াৰণ্যখনত পুনৰ একাংশ লোকে প্ৰৱেশ কৰি ঘৰ সজাৰ পিছতে এই বেদখল মুক্ত কৰিবলৈ আজি বনবিভাগে অভিযান চলাইছিল৷ এক উত্তপ্ত পৰিস্থিতিৰ মাজত সংঘটিত বনবিভাগৰ গুলিচালনাত আহত হয় ৫জনকৈ লোক৷ ইয়াৰে দুজন লোক গুৰুতৰ ভাৱে আহত হৈছে৷ ইয়াৰ ভিতৰতে এগৰাকী মহিলাৰ অৱস্থা সংকট জনক৷ বুঢ়াচাপৰি অভয়াৰণ্যৰ পূৱ লাঠিমাৰিত সংঘটিত হোৱা এই ঘটনাত আহত সকল হৈছে আহমদ আলী,ৰমজান আলী আৰু ৰহিমা খাতুন৷আনহাতে আহত আন দুজনৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই। বনবিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত পূব লাঠিমাৰীৰ উচ্ছেদিত ভূমিত বাসগৃহ বনাই পুনৰ বেদখল কৰাৰ বাবেই বনবিভাগে এই পদক্ষেপ গ্ৰহণ কৰে৷আহত তিনিওকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More