বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী তিনিদিয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন 

0 74
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ তেজপুৰৰ সমীপৱৰ্তী বেছেৰীয়াৰ একাংশ বিদ্বান ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৬ত প্ৰতিষ্ঠা হোৱা বেছেৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ১৯৯২ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়৷বৰ্তমান বেছেৰীয়াৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে সম্পূৰ্ণ কৰিলে গৌৰৱউজ্জল ৭৫ টা বছৰ৷ কালিৰে পৰা এইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ অনুষ্ঠিত হৈছে হীৰক জয়ন্তী সমাৰোহ৷হীৰকজয়ন্তী সমাৰোহৰ কাৰ্যসূচী অনুসৰি কালি পুৱা পতাকা উত্তোলনৰ পিছত আৰম্ভ হয় বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷অৱসৰপ্ৰাপ্ত তথা বৰ্তমানৰ শিক্ষক কৰ্মচাৰী,ছাত্ৰছাত্ৰী আৰু অভিভাৱক তথা ৰাইজৰ প্ৰৱল উৎসাহৰ মাজেৰে আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া সমাজৰ সকলো কৃষ্টি সংস্কৃতিৰ লগতে মহাপুৰুষ জনাৰ সত্ৰীয়া সংস্কৃতিও প্ৰদৰ্শন কৰা হয়৷ শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰে মুকলি কৰে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা৷ গজৰাজক আগত লৈ সত্ৰীয়া সংস্কৃতিৰ সাধক গায়ন বায়ন সকলক আগত লৈ হোৱা এই শোভাযাত্ৰাত বড়ো, মিছিং, তিৱা, গাৰো, চাহ আদিবাসী লোক সকলৰ লগতে অসমীয়াৰ বিহু প্ৰদৰ্শিত হয়৷ বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতীক পদ, নামঘৰৰ মনিকূটৰ আৰ্হি ডবা কাঁহ প্ৰদৰ্শন কৰা হয়৷ লগতে অসমীয়া সমাজৰ পৰম্পৰা গত গীত বিয়ানাম, দিহানাম, আইনাম, পানীতোলা নাম আদি আয়তী সকলে সুদীৰ্ঘ পাঁচ কিলোমিটাৰ পথত পৰিবেশন কৰে৷ বিদ্যালয় খনৰ পৰা এই ৭৫ বছৰীয়া পৰিক্ৰমাত ৰাজ্যৰ লগতে বহিঃ ৰাস্ট্ৰত বিভিন্ন ক্ষেত্ৰত নিয়োজিত প্ৰাক্তন ছাত্ৰ ছাত্ৰছাত্ৰী সকলৰ লগতে বেছেৰীয়া, ডিপোটা, বেবেজীয়াৰ প্ৰায় পাঁচ হেজাৰৰো অধিক ৰাইজে এই শোভাযাত্ৰাত অংশ লয়৷ এই শোভাযাত্ৰাৰ পূৰ্বে পুৱা ৭৫ খন বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ১৪ খন গাঁৱৰ বয়োজ্যেষ্ঠ সকলে ইয়াৰ পিছতেই প্ৰাক্তন শিক্ষক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ সুৰেন্দ্ৰ মোহন নাথে৷ অসম আন্দোলনৰ ছহিদ সকলৰ পৰিয়ালৰ দ্বাৰা ছহিদ সকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰা হয় শ্বহীদ বেদিত৷ কালি অনুষ্ঠিত হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণ আছিল মহাপুৰুষ জনাৰ অমৰ সৃস্টি ভাওনাৰ বেশভূষা৷আনহাতে, আজি অনুষ্ঠিত হোৱা সতীৰ্থ সন্মিলনত  বিদ্যালয় খনৰ প্ৰায় হেজাৰোধিক প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে অংশ গ্ৰহণ কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে গীতে মাতে অনুষ্ঠানটো জীপাল কৰি তোলে৷আনহাতে,অহা  ২৪ ডিচেম্বৰত মূল সাংস্কৃতিক সন্ধিয়াত অংশ ল’ব জুৱিন গাৰ্গে৷ ইতিমধ্যে জনপ্ৰিয় কণ্ঠশিল্পীজনৰ  অনুষ্ঠানত হব লগা  জন সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মাটিখন্দা বাকৰিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷তদুপৰি,২৫ ডিচেম্বৰৰ মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে অংশ গ্ৰহণ কৰাৰ কথা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More