বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল তেজপুৰৰ মাহাত্ম্যৰে পূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান 

বাৰ্ষিক পালনামত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম 

0 47
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মেঃ তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভক্তিভৰা অন্তৰেৰে গভীৰ প্ৰত্যয়েৰে অপেক্ষা কৰি থকা তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাৱঁৰ অতি মাহাত্ম্যৰে পূৰ্ণ “চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান” ৰ আজিৰ  বাৰ্ষিক পালনামৰ দিনটোত পুৱাই ভক্তপ্ৰাণ ৰাইজে বৈকুণ্ঠ পুৰীলৈ পৰ্যৱসিত কৰিলে থান প্ৰাংগন। উল্লেখ্য যে, জনবিশ্বাস আৰু কিংবদন্তি অনুসৰি অতি মাহাত্ম্যৰে পূৰ্ণ এই চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ মাহাত্ম্যই অকল তেজপুৰ বা জিলাখনৰে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। আনহাতে প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰে গঠিত থান পৰিচালনা সমিতিয়ে প্ৰতিবছৰেই ১ মে’ৰ দিনটোত বিশ্ব শান্তিৰ হকে পৰম কৰুণাময় ভগৱন্ত প্ৰভুৰ কৃপা লাভ কৰি সমাজৰ হিংসা, অসূয়া, অশান্তি দূৰ কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে বাৰ্ষিক পালনামৰ আয়োজন কৰি আহিছে। ৰাজ্যখনৰ বিভিন্ন সত্ৰৰ অধিকাৰ সকলৰ দ্বাৰা পৰিচালিত আৰু বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰা এই পালনামৰ দিনটোত ধূপ ধূনা নৈবেদ্যৰে থানখনত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটাৰ দৰে আজিও হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ধূপ – নৈবেদ্যৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে । থান পৰিচালনা সমিতিয়ে এই ভক্তপ্ৰাণ ৰাইজক মাহ প্ৰসাদৰ লগতে খিছিৰি ভোগেৰে আপ্যায়ন কৰাৰ সময়ছোৱাত থানখন  বৈকুণ্ঠ পুৰীলৈ পৰ্যৱসিত হৈ পৰে।এইবাৰো আজিৰ দিনটোত প্ৰায় ২০ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰে  থান পৰিচালনা সমিতি। আজি পুৱা ৫ বজাত ঊষা কীৰ্ত্তন, ৮ বজাত গছপুলি ৰোপণৰ পিছত পুৱা ৯ বজাৰ পৰা তেজপুৰ দেউৰী গাঁৱৰ ৰূপ নাৰায়ণ সত্ৰৰ ডেকা অধিকাৰ জয়ন্ত কৃষ্ণ মহন্তৰ পৰিচালনাত  আৰম্ভ হয় ভকত বৈষ্ণৱসকলৰ নাম প্ৰসঙ্গ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More