ব্যতিক্ৰমী অনুষ্ঠানেৰে নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান

১৮ এপ্ৰিলত নবীন তামুলী সোঁৱৰণী সদৌ অসম বিহু কুঁৱৰী প্ৰতিযোগিতা

0 22
শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৫ এপ্ৰিলঃ  এইবেলি কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠানেৰে নলবাৰী মহকুমা বিহু সন্মিলীয়ে উদযাপন কৰিব সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান।নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিহুৰ এই অনুষ্ঠান। কাৰ্যসূচী অনুসৰি ১৭ এপ্ৰিলত পুৱাৰ ভাগত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিহু সন্মিলনীৰ সভাপতি গণেশ তামুলী, পৃৃৃষ্ঠপোষক তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু কাৰ্যকৰী সভাপতি মনোজ কুমাৰ চৌধুৰীৰ লগতে ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে। জ্যেষ্ঠ ব্যক্তিৰ আশিস প্ৰদান অনুষ্ঠান মুকলি কৰিব সমাজসেৱী ফণীন্দ্ৰ নাথ শৰ্মাই। ইয়াৰ পিছতেই লাড়ু-পিঠাৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা, দিনৰ ১১ বজাত জেং বিহু প্ৰতিযোগিতা আৰু ইয়াৰ পিছত অনুষ্ঠিত কৰা হ’ব চিত্ৰাঙ্কণ প্ৰতিযোগিতা। সন্ধিয়া ৭ বজাত মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব অসম শক্তি উৎপাদন নিগম লিমিটেডৰ সঞ্চালক ড° দেৱজিৎ মহন্তই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব উপায়ুক্ত গীতিমণি ফুকন, আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত অতিথি শিল্পী হিচাপে মাধুৰিমা চৌধুৰী উপস্থিত থাকিব। সন্ধিয়া ৭-৩০ বজাত অনুষ্ঠিত কৰা হ’ব উৰুলী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বিজয়ীক সোণৰ নাকফুলি আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। নিশা ৮ বজাত স্মৰণিকা (জাপি) উন্মোচন কৰিব কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ গোস্বামীয়ে। ১৮ এপ্ৰিলত আবেলি ২ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা, আবেলি ২-৩০ বজাত আবৃত্তি প্ৰতিযোগিতা আৰু আবেলি ৩ বজাত পুৰুষ-মহিলাৰ খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।সন্ধিয়া ৭ বজাত নবীন তামুলী সোঁৱৰণী সদৌ অসম বিহু কুঁৱৰী প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট চিকিৎসক ধীৰেন নাথে। এই অনুষ্ঠানত প্ৰয়াত নবীন তামুলীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব পুত্ৰ গনেশ তামুলীয়ে।উল্লেখ্য, বিহু কুঁৱৰী প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক ক্ৰমে ২৫০০০, ১৫০০০ আৰু ১০০০০ টকা আগবঢ়োৱাৰ লগতে ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। ১৯ এপ্ৰিলত বিয়লি ৩ বজাত ৰছী টনা প্ৰতিযোগিতা আৰু বিয়লি ৩-৩০ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সাংস্কৃতিক সংগঠক পবিন শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু অতিথি হিচাপে বিশিষ্ট ব্যৱসায়ী অনুপম শৰ্মা, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই অনুষ্ঠানত অতিথি শিল্পী হিচাপে কণ্ঠ শিল্পী জুবলী আৰু ৰিদিপ্তাই অংশ ল’ব। উল্লেখ্য, বিহুতলীত উপস্থিত হোৱা ব্যক্তিৰ মাজৰ পৰা অসমীয়া সাজ-পাৰ প্ৰতিযোগিতাত নিৰ্বাচন কৰি পুৰুষ-মহিলাক অসমীয়া সাজ-পাৰ বঁটা প্ৰদান কৰা হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More