ব্ৰহ্মপুত্ৰৰে নিশা গৰুৰ অবৈধ সৰবৰাহঃ মেছিন নাওঁ সহ গৰু জব্দ

0 19
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৭জুনঃ তেজপুৰৰ পৰা নিশা ব্ৰহ্মপুত্ৰৰে নাৱত গৰুৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে চোৰাং ব্যৱসায়ীয়ে।ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে তথা নিষেধাজ্ঞাৰ বিপৰীতে শোণিতপুৰৰ লজতে তেজপুৰৰ বিভিন্ন ঘাটৰ পৰা নিশা নাৱত নগাঁও জিলালৈ গৰুৰ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে  ব্ৰহ্মপুত্ৰৰ জলপথৰে যোৱা নিশা দুখন যন্ত্ৰচালিত দুখন নাৱত নগাঁৱলৈ  অবৈধভাৱে গৰু সৰবৰাহৰ চেষ্টা চলোৱা সময়তে নদী আৰক্ষীৰ তহলদাৰী দলে প্ৰত্যক্ষ কৰে৷তেজপুৰৰ নদী আৰক্ষীৰ অভিযানকাৰী দলে লগে লগে দুইখন নাওঁ অনুসৰণ কৰাত হাতভঙা চৰৰ সমীপত এখন নাও এৰি সৰবৰাহকাৰীয়ে পলায়ন কৰে য’দিও অন্ধকাৰ আৰু ব্ৰহ্মপুত্ৰৰ সোঁতৰ সুযোগ লৈ আনখন নাওঁ পলায়ন কৰে৷আনহাতে নদী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা   নাওঁখনৰ পৰা নদী আৰক্ষীয়ে ১৩টা বলধ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নদী আৰক্ষীৰ উপ পৰিদৰ্শক লাবণ্য বেজবৰুৱাৰ নেতৃত্ব  নিশা  অভিযানকাৰী দলটোৱে জব্দ কৰা যন্ত্ৰ চালিত  নাওঁ খনৰ লগতে ১৩টাকৈ বলধ গৰু চৰটোতে ৰাখি পহৰাৰ ব্যৱস্থা কৰে আৰু আজি পুৱাই নাওসহ আটাইকেইটা গৰু তেজপুৰৰ জাহাজঘাটলৈ অনা হয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More