ব্ৰিটেইনত অসহ্যকৰ তাপত নাগৰিকৰ নৰকবাস

তাপ প্ৰবাহত ১০০০ ব্ৰিটিছৰ মৃত্যুৰ আশংকা

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : বৰ্তমান ব্ৰিটেইনত তাপ প্ৰবাহৰ সৃষ্টি হৈছে। উষ্ণতা প্ৰায় ৪০ ডিগ্ৰী। গৰমৰ ফলত প্ৰায় ১০০০ ব্ৰিটিছ লোকৰ মৃত্যু হৈছে বুলি অনুমান কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে। ব্ৰিটেইনত য’ত গ্ৰীষ্মকালীন উষ্ণতা ২০ ডিগ্ৰীৰ পৰা ২৫ ডিগ্ৰীৰ ওচৰত থাকে, তাত এতিয়া পাৰাস্তম্ভ প্ৰায় ৪০ ডিগ্ৰীত উপনীত হৈছে। ভাৰতৰ দৰে গ্ৰীষ্মকালীন দেশৰ নাগৰিকৰ বাবেও এই উষ্ণতা সহ্য কৰাটো কঠিন হৈ পৰে। খবৰ অনুসৰি এই উত্তাপৰ পৰা হাত সাৰিবলৈ বহু প্ৰবাসী ভাৰতীয়ই এই সময়ছোৱাত দেশলৈ উভতাৰ সিদ্ধান্ত লৈছে।

* গৰমে সলাইছে ব্ৰিটেইনৰ জীৱন-ধাৰণ পদ্ধতি
উষ্ণ প্ৰবাহে ব্ৰিটেইনত মানুহৰ জীৱন-যাপনৰ ধৰণ কৰণ সলনি কৰিছে। ব্ৰিটেইনৰ সাধাৰণ নাগৰিকে দিনৰ ভাগত হ’লেও নিজকে ঘৰৰ ভিতৰত ৰখাই ভাল বুলি ভাবে। এই সময়ত ব্ৰিটিছসকলে বন্ধৰ দিনত পিকনিক উপভোগ কৰিছিল। বিভিন্ন পৰ্যটন কেন্দ্ৰলৈ গৈ ভিৰ কৰে। বৰঞ্চ এতিয়া মানুহে ঘৰতে থাকিবলৈয়ে পছন্দ কৰিছে। তীব্ৰ গৰমৰ বাবে বন্ধ হৈ পৰিছে বিদ্যালয়, মহাবিদ্যালয়। ব্ৰিটেইনৰ কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ এগৰাকী ভাৰতীয় ছাত্ৰই এই উত্তাপৰ তৰংগক ৰাজস্থানৰ উদয়পুৰৰ উত্তাপৰ সৈতে তুলনা কৰিছিল। তেওঁ কয়— ‘‘মই যোৱা তিনি বছৰ ধৰি ব্ৰিটেইনত আছোঁ। কেতিয়াও এই ধৰণৰ গৰম অনুভৱ কৰা নাছিলোঁ। এই বছৰ যি গৰম পৰিছে, সেই গৰমে উদয়পুৰৰ কথা মনত পেলাই দিয়ে।”

* ঘৰত অনুৰাগী নাই, বদনাম ব্ৰিটিছৰ
ব্ৰিটেইন এখন ঠাণ্ডা দেশ। ইয়াত প্ৰায় ১০ মাহ শীতকাল। বাকী দুমাহ গ্ৰীষ্মকাল। গ্ৰীষ্মকালতো উষ্ণতা বিশেষভাৱে বৃদ্ধি নহয়। বৰঞ্চ ১০ মাহ ঠাণ্ডা হোৱাৰ পিছত ব্ৰিটেইনৰ সাধাৰণ মানুহে ভাল বতৰ উপভোগ কৰে। ইমান দিনে ব্ৰিটেইনত যি উষ্ণতা আছিল, সেই উষ্ণতাত ফেনৰ প্ৰয়োজন নাছিল। এয়াৰ কণ্ডিচনাৰ বা এ চিৰ কথাও কোনেও ভাবিব নোৱাৰে। এইবাৰ তাত তাপমাত্ৰা ৪০ ডিগ্ৰী। এই উষ্ণতাত সাধাৰণ মানুহ বিচলিত হৈ পৰে। ব্রিষ্টনৰ এজন বাসিন্দাই কয়— ‘‘গ্রীষ্মকালৰ বাবে ল’ৰা-ছোৱালীক স্কুলৰ পৰা যাবলৈ দিয়া হৈছে। এনে গৰমত সৰু সৰু ল’ৰা-ছোৱালী ঘৰত থাকিব পৰা নাই। মোৰ ঘৰত এগৰাকী অসুস্থ শাহু আছে। গৰমৰ বাবে তেওঁ টোপনি নাযায়। শাৰীৰিক আৰু মানসিকভাৱে বিৰূপ প্ৰভাৱ পৰিছে।”

* গৰমৰ পৰা বাচিবলৈ অফিচ গমন
বেছিভাগ ব্ৰিটিছ নাগৰিকৰ ঘৰত নাই এ চি বা ফেন। কিন্তু কৰ্পৰেট অফিচবোৰত এ চি আছে। গৰমৰ পৰা হাত সাৰিবলৈ ব্ৰিটিছ জনসাধাৰণে কাৰ্যালয়লৈ যাবলৈ আগ্ৰহী। লাক্সেমবাৰ্গত থকা আমাজনৰ জ্যেষ্ঠ ব্ৰেণ্ড মেনেজাৰ সুপৰ্ণা মুখোপাধ্যায়ে কয়— “ইমান বছৰ ধৰি মই বুজি পোৱা নাই যে গৰম কেতিয়া আহে আৰু কেতিয়া যায়। বছৰৰ বেছিভাগ সময় ব্ৰিটেইন ঠাণ্ডা হৈ থাকে। গৰমৰ পৰা হাত সাৰিবলৈ মই প্ৰতিদিনে অফিচলৈ যাওঁ।”

* নৰকত বাস কৰা যেন লাগে
১৯ জুলাইত ব্ৰিটেইনত তাপমাত্ৰা আছিল ৪০.২ ডিগ্ৰী চেলছিয়াছ। এই তাপমাত্ৰা ব্ৰিটেইনৰ সৰ্বোচ্চ। ব্ৰিটেইনৰ বাহিৰেও ইউৰোপৰ কেইবাটাও প্ৰান্তত খৰাং বতৰত অধিক উষ্ণতা দেখা গৈছে। ফলত ফ্ৰান্স, পৰ্তুগাল, স্পেইনৰ কেইবাটাও স্থানত অগ্নিকাণ্ড সংঘটিত হৈছে। ফৰাচী ৰাজনীতিবিদ মেলানি ভোগালে টুইট কৰি কয়— ‘‘নৰকত জীয়াই থকাৰ দৰে অনুভৱ হয়। জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত আমি যদি সক্ৰিয় ভূমিকা গ্ৰহণ নকৰোঁ তেন্তে আমি এইদৰেই মৰিম।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More