বৰছলাত শীঘ্ৰেই উচ্ছেদ চলিব:বিধায়ক পদ্ম

খিলঞ্জীয়াৰ নতুন প্ৰজন্মক ধ্বংসৰ ষড়যন্ত্ৰ:কৃষক মৰ্চাৰ সভাপতি বৰা

0 10

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: “খিলঞ্জীয়াৰ বাবে কৃষিভূমি উদ্ধাৰৰ স্বাৰ্থত চৰ-চাপৰিত পুনৰাই উচ্ছেদ চলিব৷ সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা কৃষিভূমি কাঢ়ি আনি গতাই দিয়া হ’ব খিলঞ্জীয়াক৷”–বেদখলকাৰীক উচ্ছেদ প্ৰসংগত পুনৰ আজি তেজপুৰত এইদৰে মন্তব্য কৰে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷ উল্লেখ্য যে, তেজপুৰ কনভেনচন চেন্টাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপিৰ সহযোগী সংগঠন কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি বিধায়ক হাজৰিকাই লগতে কয় যে,গৰুখুঁটিৰ দৰে বৰছলাত অচিৰেই উচ্ছেদ চলিব৷ তাৰ পিছত এইদৰেই বেদখল মুক্ত কৰাৰ স্বাৰ্থত ৰাজ্যৰ আন জিলাতো চলিব উচ্ছেদ অভিযান৷” আনহাতে দেশৰ আগন্তুক স্বাধীনতা দিৱসত আলফাই কৰা ঘোষণা সন্দৰ্ভত জ্ঞাত নহয় বুলি মন্তব্য কৰি বিধায়ক হাজৰিকাই লগতে কয় “স্বাধীন দেশৰ নাগৰিক হিচাপে দেশৰ স্বাধীনত দিৱস উলহ-মালহেৰে পালন কৰিম৷ তাত কোনোবাই বাধা দিয়াটো উচিত নহয়৷” আনহাতে, আলফাই একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰা বুলিও উল্লেখ কৰে বিধায়ক হাজৰিকাই৷ আনহাতে, অসম প্ৰদেশ কংগ্ৰেছ দল তথা দলৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি তেওঁলোকে উলিয়াব খোজা পদযাত্ৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বিধায়ক হাজৰিকাই কয় যে,কাম তথা কামৰ গুণাগথা ঠিকেই কৰে কংগ্ৰেছে৷ কিন্তু নিৰ্বাচনৰ ফলাফল ওলোৱাৰ আগদিনালৈকে দপদপাই থাকি ফলাফলৰ পিছত ওলোটা বাগৰ মৰাটো কংগ্ৰেছৰ চৰিত্ৰ বুলি সমালোচনা কৰে বিধায়ক হাজৰিকাই৷ তেওঁ কংগ্ৰেছে শূন্যত গদা ঘূৰাই কোনো লাভ নাই বুলিও লগতে মন্তব্য কৰে৷

ইপিনে, বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱ বৰাই সন্দেহযুক্ত নাগৰিকৰ দখলত ৰাজ্যৰ কৃষিভূমি থকাৰ অভিযোগ উত্থাপন কৰি কয় যে, সন্দেহযুক্ত নাগৰিকৰ হাতত এতিয়া ৰাজ্যৰ বহু কৃষিভূমি ৷ খিলঞ্জীয়াৰ নতুন প্ৰজন্মক ধ্বংস কৰাৰ কুটিল ষড়যন্ত্ৰ ৰচি সন্দেহযুক্ত নাগৰিকে উৎপাদিত ফচলত অত্যাধিক মাত্ৰাত সাৰ তথা কীটনাশক দৰৱ ব্যৱহাৰ কৰি আহিছে বুলিও দোহাৰে বৰাই৷ তেওঁ কয় যে সেই গতিকে সময়ৰ আহ্বান, সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা কৃষিভূমি আনিবই লাগিব৷ সভাপতি বৰাই কৃষক মৰ্চাক ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত সুদৃঢ় তথা সংঘৱদ্ধ ৰূপত গঢ় দিয়াৰ পৰিকল্পনা হাতত লোৱাৰ কথাও লগতে জানিবলৈ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More