ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ অক্টোবৰঃ ১৯৭২ চনৰ ২ অক্টোবৰত ডিব্ৰুগড় জিলাৰ পৰা লখিমপুৰক পৃথক কৰি লখিমপুৰ জিলা প্ৰতিষ্ঠা কৰা হৈছিল৷ সেইদৰে পৰৱৰ্তী সময়ত লখিমপুৰৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাক নিলগাই সুকীয়া জিলাৰ মৰ্যাদা দিয়া হয়৷ উল্লেখ্য যে আজি লখিমপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তীৰ ক্ষণত লখিমপুৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ কেৱল লখিমপুৰ জিলা প্ৰশাসনেই নহয় জিলাখনৰ বিভিন্ন দল সংগঠন আদিয়েও ভিন ভিন কাৰ্যসূচীৰে এই জিলা দিৱস অনুষ্ঠিত কৰে৷ পুৱা চাইকেল সমদলেৰে জিলাখনৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়৷ ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা সমদলটোৰ শুভ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই৷ সমদলত বিধায়ক মানৱ ডেকা, জিলা উপায়ুক্ত সুমিত সাত্তাৱন আদিয়েও অংশগ্ৰহণ কৰে৷ লক্ষণীয় কথা যে দেশৰ স্বাধীনতা আন্দোলনত লখিমপুৰ আৰু ডিব্ৰুগড় মহকুমাক লৈ জিলা গঠন কৰা হৈছিল আৰু ইয়াৰ চাৰিসীমা আছিল পূৱে ব্ৰহ্মপুত্ৰ, পশ্চিমে হাৱাজান, উত্তৰে-নেফা, দক্ষিণে লোহিতসুঁতি৷ ১৯৭১ চনৰ ২ অক্টোবৰত লখিমপুৰ আৰু ডিব্ৰুগড়ক পৃথক জিলা হিচাপে ঘোষণা কৰা হয় আৰু সাম্প্ৰতিক সময়ত লখিমপুৰ জিলাৰ চাৰিসীমাৰ মানচিত্ৰখন হৈছে উত্তৰে-অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূৱে ধেমাজি আৰু ডিব্ৰুগড় জিলা, পশ্চিমে হৈছে বিশ্বনাথ জিলা৷ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ বিভিন্ন প্ৰান্তত লখিমপুৰ জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ বগীনদী, ঢকুৱাখনা আদিত পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বিয়লি লখিমপুৰৰ ত্যাগক্ষেত্ৰত এখন সভা অনুষ্ঠিত হয়৷ ইফালে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে জিলা দিৱস উপলক্ষে ঘনচৰাই মথাউৰিত এক কাৰ্যসূচী গ্ৰহণ কৰে৷ সেই মৰ্মে সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিৰ ঘনচৰাইত খহনীয়া ৰোধ কৰি মথাউৰি সুৰক্ষা দিবলৈ দিনে নিশাই সেৱা আগবঢ়োৱা জলসম্পদ বিভাগৰ একাংশ নিষ্ঠাবান বিষয়া-কৰ্মচাৰীক প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ বৰ্ষপূৰ্তি উপলক্ষে যোৱা ২৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত ঢকুৱাখনাত বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ বিশেষকৈ ‘পথ সুৰক্ষা জীৱন সুৰক্ষা’ নামৰ বাটৰ নাট খনি ঢকুৱাখনা মহাবিদ্যালয়, ঢকুৱাখনা চাৰিআলি, ঘিলামৰা চাৰিআলি আদিত আটক ধুনীয়া বাটৰ নাট মঞ্চস্থ কৰা হয়৷ এই বাটৰ নাটে স্থানীয় ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বাটৰ নাটখনিত অভিনয় কৰে- শিক্ষয়িত্ৰী মিনা নেওগ হাজৰিকা, নৃত্য শিল্পী ৰমেন দাস, সংগীত শিল্পী মুনমুন দত্ত, বাদ্যকৰ প্ৰশান্ত বৰা, হেমন্ত বনিয়া, তুলেন, পূজা আৰু জানমনিয়ে৷
পূৰ্বৱৰ্তী লেখা