ভট্টদেৱ বিশ্ববিদ্যালয়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত “জি ২০ত ভাৰতৰ অধ্যক্ষতা”-শীৰ্ষক আলোচনা সত্ৰ-কুইজ প্ৰতিযোগিতা

0 100

পাঠশালা ৭ আগষ্টঃ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত আজি “জি ২০ত ভাৰতৰ অধ্যক্ষতা ” শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে আজিৰ এই আলোচনা সত্ৰখন শুভ উদ্বোধন কৰে। সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰুনিমা শৰ্মা আৰু ছাত্ৰ – ছাত্ৰীৰ সহযোগত মঙ্গলাচাৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড ° অৰিন্দম তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰে । গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বিনীতা বৰা দেৱ চৌধুৰীয়ে অধ্যক্ষতা কৰা “জি ২০ ত ভাৰতৰ অধ্যক্ষতা” শীৰ্ষক আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে “আই.আই . টি” গুৱাহাটীৰ ‘Bio Science’ আৰু ‘Bio engineering ‘ ৰ অধ্যাপক উৎপল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থ প্ৰতীম বৰুৱা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° পৰাগ বৰ্মন উপস্থিত থাকে। আলোচনা সত্ৰখনত “জি ২০ সন্মিলনৰ এক অন্যতম লক্ষ্য জলবায়ু পৰিবৰ্তন আৰু বিশ্বজুৰি ইয়াৰ বিৰূপ প্ৰভাৱৰ কথা আৰু ভাৰতৰ অৰ্থনৈতিক দিশটোৰ কথাও আলোচনা কৰা হয় । আলোচনা সত্ৰখনৰ আজি এখন “জি ২০ ভাৰতৰ অধ্যক্ষতা শীৰ্ষক ” বিষয়ত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। বিশিষ্ট কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মাই আজিৰ এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে। কুইজ প্ৰতিযোগিতাখনত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী তনয় খাটনীয়াৰ, ৰাজ দাসে আৰু নিহাৰিকা শৰ্মা আৰু নিকিতা চৌধুৰীয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে।আজিৰ এই গোটেই অনুষ্ঠানটো আকাশবাণী গুৱাহাটীৰ প্ৰসাৰণ কাৰ্য্যবাহী ইন্দ্ৰজিত দাস আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা শৰ্মিষ্ঠা দাসে আঁত ধৰে । এই অনুষ্ঠানটোত আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্য্যবাহী সমন্বয়ক ভাস্কৰ জ্যোতি গগৈ, প্ৰসাৰণ কাৰ্য্যবাহী অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মা আৰু যুৱবাণীৰ অংশকালীন ঘোষক ধ্ৰুৱজ্যোতি মালাকাৰ আৰু কৃতাঞ্জলী বৰ্মন উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More