ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰঃ চালক অবিহনে মেট্ৰ’ চলিব? হয়, আপুনি ঠিকেই পঢ়িছে। এইবাৰ মেট্ৰ’ত ড্ৰাইভাৰৰ চিটত কোনো নবহাকৈ ছিগনেলিং ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ ৰে’ল চলিব। দেশত প্ৰথমবাৰৰ বাবে চেন্নাইত আৰম্ভ হ’বলৈ গৈ আছে এই সেৱা। মেট্ৰ’ৰেলৰ সূত্ৰ অনুসৰি এই সেৱা দুটা পৰ্যায়ত আৰম্ভ কৰা হ’ব। চেন্নাই মেট্ৰ’ৰেলৰ সঞ্চালক (চিষ্টেম-অপাৰেচন) ৰাজেশ চতুৰ্বেদীয়ে সংবাদ সংস্থা এএনআইক কয় যে চেন্নাই মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ কাম অতি দ্ৰুত গতিত আগবাঢ়িছে। এই পৰ্যায়ত ৰে’ল সেৱা সম্পূৰ্ণ চালকবিহীন হ’ব। চিগনেলৰ ওপৰত নিৰ্ভৰ কৰি ৰে’ল চলিব। ৰাজেশে লগতে কয় যে ২০২৬ চনৰ ভিতৰত এই সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে। তেওঁৰ ভাষাত— “চেন্নাই মেট্ৰ’ৰ মূল উদ্দেশ্য হৈছে অধিক লোকক নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱা। ইয়াৰ উপৰি QR ক’ডৰো প্ৰৱৰ্তন কৰা হৈছে যাতে যাত্ৰীসকলে সহজে টিকট বুকিং কৰিব পাৰে।” দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পটো তিনিটা কৰিডৰত বিভক্ত কৰা হৈছে বুলিও ৰাজেশে কয়। এই পৰ্যায়ত ৰে’ল মুঠ ১১৮.৯ কিলোমিটাৰ চলিব। এই সমগ্ৰ ৰে’লৱেত থাকিব ১২৮টা ষ্টেচন।
পূৰ্বৱৰ্তী লেখা
৮ অক্টোম্বৰত কলিকতাত ফুলবাৰীৰ অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ”
পৰৱৰ্তী লেখা