ভাৰতীয় বিজ্ঞানীৰ আচৰিত উদ্ভাৱনঃ সাগৰৰ পানীৰ পৰা ইউৰেনিয়াম নিষ্কাষণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট : আমি সৰুৰে পৰা শিকি আহিছোঁ যে পৃথিৱীৰ তিনি অংশ পানী আৰু এভাগ মাটি। এনে ক্ষেত্ৰত পৃথিৱীত সাগৰৰ পানীৰ অভাৱ নাই। আনকি সাগৰৰ তলতো কাৰ্যতঃ এখন বেলেগ পৃথিৱী আছে। ইয়াৰে কিছুমান এতিয়াও অনান্বেষিত হৈ আছে। বিভিন্ন প্ৰাণীৰ উপস্থিতিৰ উপৰি সাগৰৰ তলত বিপুল খনিজ সম্পদো আছে। আনকি সাগৰৰ ঢৌবোৰতো তাৰ উপস্থিতি আছে। যিয়ে ভৱিষ্যতৰ চিন্তা আঁতৰাব পাৰে। কেৱল সেয়াই নহয়, ইন্ধনৰ সমস্যাও সমাধান কৰিব পৰা যায়। কাৰণ সাগৰীয় নিমখীয়া পানীত তেজস্ক্ৰিয় ধাতু ইউৰেনিয়াম থাকে। অৱশ্যে সামগ্ৰিকভাৱে কথাটো সহজ যেন লাগে যদিও একেবাৰেই নহয়। বৰঞ্চ নিমখীয়া সাগৰৰ পানীৰ পৰা ধাতু উলিওৱাটো এক প্ৰত্যাহ্বান। কিন্তু এইবাৰ বংগৰ এজন বিজ্ঞানীয়ে অসম্ভৱক কাৰ্যতঃ সম্ভৱ কৰি তুলিলে। জানিব পৰা মতে, বাংকুৰাৰ বাসিন্দা সুজিত কুমাৰ ঘোষৰ এই গুৰুত্বপূৰ্ণ গৱেষণা ইতিমধ্যে ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰীৰ এখন আলোচনীত প্ৰকাশ পাইছে। মূলতঃ এই গৱেষণা পত্ৰখন ৰচনা কৰিছিল পুনেৰ বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (ICIR)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক সুজিত কুমাৰ ঘোষৰ তত্বাৱধানত পি এইচ ডি ছাত্ৰ সম্ৰাজ মল্লিকে। অৱশ্যে সমগ্ৰ গৱেষণাৰ আঁৰত আছে সুজিত কুমাৰ ঘোষেই। এনে অৱস্থাত যদি মাটিৰ তলত অত্যধিক ইউৰেনিয়াম জমা হৈ থাকে তেন্তে ১০০ বছৰলৈ শক্তি সংকট দূৰ কৰিব পৰা যাব বুলিও তেওঁ কয়। ইফালে কয়লাৰ অপৰ্যাপ্ততাও ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে। ফলত পাৰমাণৱিক শক্তিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাব। তাৰ পিছত আকৌ ইউৰেনিয়ামৰ ভাণ্ডাৰক লৈ হৈ চৈ সৃষ্টি হ’ব। অৱশ্যে সাগৰৰ পানী কাৰ্যতঃ লুকাই আছে ইউৰেনিয়াম আহৰণৰ উপায়! তেওঁ কয় যে সাগৰৰ পানীত জমা হৈ থকা ইউৰেনিয়াম আহৰণৰ কৰিব পাৰিলে অহা ১০০০ বছৰলৈ ইন্ধনৰ চিন্তাৰ বিষয় নহ’ব। মন কৰিবলগীয়া যে সুজিত কুমাৰ ঘোষৰ গৱেষণাৰ তত্বাৱধায়ক তথা কিয়’ট’ বিশ্ববিদ্যালয়ৰ অধ্যাপক সুমুমু কিতাগাৱা ধাতুৰ জৈৱিক যৌগ প্ৰস্তুতৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে সুপৰিচিত। এই গৱেষণাৰ মূল ধাৰণাটো তেওঁ তেওঁৰ পৰাই পাইছিল। পৰৱৰ্তী সময়ত সুজিত কুমাৰ ঘোষে নিজা পদ্ধতিৰে নতুন যৌগ প্ৰস্তুত কৰিছিল। কিছুমান বিশেষ পদ্ধতি ব্যৱহাৰ কৰি সেই যৌগটো এচিডত ৰাখি ইউৰেনিয়ামৰ দ্ৰৱণ গঠন কৰা হয়। যাৰ ধৰ্ম খনিত পোৱা ধাতুৰ দৰেই। ইফালে, পৰিসংখ্যা অনুসৰি সাগৰত ইউৰেনিয়ামৰ পৰিমাণ প্ৰায় ৪৫ কোটি মেট্ৰিক টন। কিন্তু পানীৰ লগত মিহলি কৰিলে ইয়াৰ ঘনত্ব অতি কম। এই প্ৰসংগত সুজিত বাবুৱে কয় যে ইউৰেনিয়ামক কেলচিয়াম আৰু মেগনেছিয়ামৰ দৰে মৌলৰ পৰা পৃথক কৰাটো আটাইতকৈ কঠিন কাম। আনকি, বিদেশতো এই সন্দৰ্ভত বহু চেষ্টা কৰা হৈছে যদিও কোনো ফল পোৱা নাই। কিন্তু সুজিত ঘোষৰ পদ্ধতিত লাভজনকভাৱে ইউৰেনিয়াম নিষ্কাশন হয়। মূলতঃ সেই ধাতুবোৰৰ লগত জৈৱিক যৌগ মিহলাই ধাতুৰ জৈৱিক কাঠামো প্ৰস্তুত কৰা হয়। তাত থকা মাইক্ৰ’প’ৰবোৰৰ মাজেৰে তেজস্ক্ৰিয় ধাতুবোৰ প্ৰৱেশ কৰে। ইয়াৰ পিছত দেখা যায় যে দুঘণ্টাৰ ভিতৰতে পানীত থকা ইউৰেনিয়ামৰ ৯৫ শতাংশই যৌগটোৱে শোষণ কৰিছে। কেৱল সেয়াই নহয়, সেই পদ্ধতিৰে ব্যৱহাৰযোগ্য ইউৰেনিয়াম মাত্ৰ দুদিনতে সংৰক্ষণ কৰাটো সম্ভৱ বুলি জনা যায়।