নিৰ্জন দ্বীপত আবদ্ধ এজন ব্যক্তিৰ কাহিনী

নেমু আৰু কয়লা খাই বাচি থাকিল পাঁচদিন

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট : সুস্থ আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে প্ৰতিজন মানুহক পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু পানীৰ প্ৰয়োজন। যিয়ে আমাৰ শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পুষ্টিৰ অভাৱ পূৰণ কৰে। এনে অৱস্থাত এজন ব্যক্তি এদিন বা দুদিন নোখোৱাকৈ থাকিলেই দুৰ্বল হৈ পৰে। লগতে এনেদৰে বহুদিন থাকিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে। এবাৰ ভাবি চাওকচোন— যদি এজন ব্যক্তিয়ে একেৰাহে ৫ দিন খাদ্য আৰু পানী নাপায় তেন্তে তেওঁৰ কি হব পাৰে? এই প্ৰতিবেদনত আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ ঠিক তেনে এজন ব্যক্তিৰ কাহিনী। যি কাৰ্যতঃ মৃত্যুৰ মুখৰ পৰা উভতি আহিছে। কেৱল সেয়াই নহয়, তেওঁ নিজৰ ভয়ংকৰ অভিজ্ঞতাও শ্বেয়াৰ কৰিছে।

* অজ্ঞাত দ্বীপত আবদ্ধ হৈ পৰে ব্যক্তিজন
এই পৃথিৱীত দুঃসাহসিক কৰ্ম ভাল পোৱা বহু মানুহ আছে। কিন্তু কেতিয়াবা তেওঁলোকৰ এই চখটোৱে ভয়ংকৰ বিপদৰ সৃষ্টি কৰে। আনকি জীৱন হেৰুৱাৰ সম্ভাৱনাও সৃষ্টি হয়। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ বাসিন্দা ৫১ বছৰীয়া নেলছন নেডীয়ো একেধৰণৰ ঘটনাৰ সন্মুখীন হয়। জানিব পৰা মতে তেওঁ গ্ৰুমাৰী বিচলৈ ভ্ৰমণৰ বাবে গৈছিল। সেই সময়ত নেলচনে কেৱল মজা ল’বৰ বাবেই এটা ডাঙৰ শিল বগাবলৈ চেষ্টা কৰিছিল। ঠিক তেতিয়াই সাগৰৰ এটা ডাঙৰ ঢৌৱে নেলছনক ঢৌৱাই লৈ গ’ল। এনে অৱস্থাত নেলচনৰ সাঁতোৰ দক্ষতা থকাৰ বাবে সাগৰত উটি নগ’ল। প্ৰায় ৩ কিলোমিটাৰ অবিৰতভাৱে সাঁতুৰি থাকিল তেওঁ। এইদৰে নেলচনে সাগৰত সাঁতুৰি সাঁতুৰি পালমাছ নামৰ বসতিহীন দ্বীপটোত উপস্থিত হয়। যিটো এটা অজ্ঞাত দ্বীপ আছিল আৰু তাত কোনো মানুহৰ উপস্থিতি নাছিল। এই পৰিস্থিতিত নেলচন কাৰ্যতঃ নিৰ্জন দ্বীপটোত আবদ্ধ হৈ পৰিল। কেৱল সেয়াই নহয়, তাতে তেওঁ পাঁচদিন কটাবলগীয়া হ’ল। সেই সময়ত নেলচনে সাঁতুৰি উভতি যাবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল।

* জীয়াই থাকিবলৈ নেমু আৰু কয়লা খাইছিল
অসহায় নেলচনে সহায়ৰ বাবে অপেক্ষা কৰাৰ বাহিৰে আন উপায় নাছিল। ইয়াৰ উপৰি সেই নিৰ্জন দ্বীপটোত ভোক ৰোধ কৰিবলৈ তেওঁ খাদ্যৰ সন্ধান কৰিবলগীয়া হৈছিল। দ্বীপটোত ঘূৰি ফুৰি থাকোঁতে নেলচনে এঠাইত এটা তম্বু বিচাৰি পায়। বোধহয় স্থানীয় মাছমৰীয়াই স্থাপন কৰিছিল। সেই তম্বুত তেওঁ দুটা নেমু পাইছিল। তদুপৰি তাত কয়লাও সিঁচৰতি হৈ আছিল। এনে অৱস্থাত নেলচনে নেমু খাই ভোক দূৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও পেট নভৰাত কয়লা খাবলৈ বাধ্য হৈছিল। মূলতঃ দ্বীপটোত বাস কৰা বান্দৰবোৰে কয়লা খাই আছিল আৰু সেই দৃশ্য দেখি নেলচনে নিজৰ ভোক নিবাৰণৰ উপায় বিচাৰি পাইছিল।

* পাঁচদিন পিছত উদ্ধাৰ
জনা যায় যে নেলচনে দ্বীপটোৰ পৰা ওলাই আহিবলৈ সকলো প্ৰচেষ্টা চলাইছিল। লগতে তম্বুত থকা কম্বল এখন উৰুৱাই সকলোকে সংকেত দিবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো সুফল পোৱা নাছিল। এটা সময়ত নেলচনে সাঁতুৰি গ্ৰুমেৰী বিচলৈ যাবলৈ চেষ্টা কৰিছিল যদিও সাগৰৰ প্ৰবল ঢৌৱে তেওঁক বাৰে বাৰে দ্বীপটোলৈ ঘূৰাই আনিছিল। এনেদৰে ৫ দিন পাৰ হোৱাৰ পাছত নেলচনে সাগৰত এখন মটৰবোট দেখা পায়। মটৰবোটখন দেখি নেলচনে বতাহত তেওঁৰ টি-চাৰ্টটো জোকাৰিবলৈ ধৰিলে। মটৰবোটত থকা লোকসকলে সেয়া প্ৰত্যক্ষ কৰে আৰু তেওঁক দ্বীপটোৰ পৰা তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। নেলচন সম্প্ৰতি বিপদমুক্ত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More