ভূৱা নথিৰে দেশৰ অৰ্দ্ধসামৰিক বাহিনীত যোগদান বহিৰাজ্যৰ যুৱকৰ

 তেজপুৰত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক

0 49
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ তেজপুৰত দুই প্ৰৱঞ্চকে যোগানধৰা ভূৱা নথিৰ সহায়ত দেশৰ অৰ্দ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰি বহিৰাজ্যৰ একাংশই সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷যোৱা নিশা তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত এই দুজনীয়া প্ৰৱঞ্চক দলটো গ্ৰেপ্তাৰ হোৱাৰ পাছতে উদ্ধাৰ হৈছে এই জালিয়াতি চক্ৰটোৰ উদ্বেগজনক কৰ্মকাণ্ড৷ উল্লেখযোগ্য যে,তেজপুৰৰ শালনিবাৰী আৰক্ষী চকী অন্তৰ্গত দিহিঙীয়া গাঁৱৰ গাঁও প্ৰধান দুৰ্লভ কুমাৰ বৰাৰ নামত ভূৱা নথি তৈয়াৰ কৰি হাৰিয়ানাৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডেকাৰগাঁও ৰেলৱে কলনিৰ তৰুণ বিশ্বাসে চলাই গৈছিল এই জালিয়াতিৰ বেহা৷ প্ৰনিধানযোগ্য যে,এই দুই প্ৰৱঞ্চকৰ ভিতৰত হাৰিয়ানাৰ ৰাজেন্দ্ৰ প্ৰসাদ আকৌ ইণ্ডো তিব্বেতান বৰ্ডাৰ পুলিচত কৰ্মৰত৷ যোৱা নিশা আৰক্ষীয়ে ৰাজেন্দ্ৰ প্ৰসাদক তেজপুৰৰ মিছন চাৰিআলিৰ এখন হোটেলৰ পৰা আৰু তৰুণ বিশ্বাসক নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে,দুই প্ৰৱঞ্চকে ধনৰ বিনিময়ত একাংশক অসমৰ স্থায়ী বাসিন্দাৰ ভূৱা প্ৰমান পত্ৰ যোগান ধৰি আহিছিল । বৰ্হি ৰাজ্যৰ নিৱনুৱাই এইদৰে ৰাজ্যৰ স্থায়ী বাসিন্দাৰ ভূৱা প্ৰমান পত্ৰলৈ ৰাজ্যৰ যুৱক যুৱতীৰ বাবে দেশৰ অৰ্দ্ধ সামৰিক বাহিনী আৰু সামৰিক বাহিনীত মকৰলৰ ক্ষেত্ৰত প্ৰযোজ্য  বিশেষ ৰেহাই ব্যৱস্থাৰ সা-সুবিধালৈ যোগদান কৰাৰ সুযোগ লাভ কৰিছিল৷  আই টি বি পি, এছ এছ বি, বি এছ এফৰ দৰে কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীত চাকৰি কৰি আছে এনে একাংশ বহিৰাজ্যৰ যুৱকে ।দিহিঙীয়া গাঁৱৰ  গাঁওবুঢ়া দুৰ্লভ কুমাৰ বৰাৰ  চীল, চহী আৰু পেড জালিয়াতিৰে তৈয়াৰ কৰাৰ অভিযোগত তেজপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৮/৩৪ ধাৰাত পঞ্জীয়ন ভূক্ত  ১৭৮/২৩ নম্বৰৰ এক গোচৰৰ বিপৰীতে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা স্পষ্ট হৈ পৰে যে গাঁও প্ৰধান বৰাৰ চীল চহী আৰু পেড জালিয়াতি কৰি নিজকে আই টি বি পি ৰ জোৱান বুলি পৰিচয় দিয়া  ৰাজেন্দ্ৰ প্ৰসাদৰ লগত মিলি তৰুণ বিশ্বাসে বৰ্হি ৰাজ্যৰ পাঁচ যুৱকৰ প্ৰত্যেকৰ পৰা  ডেৰ হেজাৰকৈ টকা লৈ  স্থায়ী বাসিন্দাৰ ভূৱা প্ৰমান পত্ৰ দিয়ে৷ সেই পাঁচজন যুৱকে অসমৰ নিবনুৱা  যুৱক যুৱতীৰ বাবে উপলব্ধ বিশেষ সা সুবিধালৈ সম্প্ৰতি কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীত প্ৰশিক্ষণ লৈ আছে।উল্লেখযোগ্য যে, শেহতীয়াকৈ উক্ত পাঁচজন যুৱকৰ পুলিচ ভেৰিফিকেছন অহাতহে প্ৰকৃত ঘটনা  পোহৰলৈ আহে৷ ইপিনে গাঁও প্ৰধান বৰাই এই ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে আৰু ইয়াৰ পাছতেই আৰক্ষী অনুসন্ধানত নামি পৰে৷দুই প্ৰৱঞ্চকে আনকি ভূৱা ভোটাৰ পৰিচয়পত্ৰও প্ৰস্তুত কৰে৷ সম্প্ৰতি পাঁচজন যুৱকে এনে ভূৱা নথিৰে দেশৰ অৰ্দ্ধ সামৰিক বাহিনীত যোগদানৰ সুযোগ লাভ কৰাৰ বিষয়ে পোহৰলৈ আহিলেও এই জালিয়াতিৰ শিপা আৰু অধিক গভীৰলৈ থকাৰ আশংকা কৰা হৈছে৷ গুৰুতৰ বিষয়টোকলৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More