ডাঃ সুৰজিৎ গিৰি
মূৰটো তুলি দূৰৈৰপৰা চালো।আইতা গৰাকীক হস্পিটেললৈ লৈ যোৱাৰ যা-যোগাৰ কৰিছে।
ৰক্ষা!
মই বুঢ়া হৈ আহিছোঁ। পূৰ্বৰ দৰে লৰা-ধপৰা কৰিব নোৱাৰোঁ। ভেকুলী, নিগনি আদিবোৰ বৰ বেগাই যায় দেখোন!যিখন পিটনিত মই থাকো, সেইখনো সংকুচিত হৈ আহিছে দেখোন! মানুহে ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত আমাৰ বাসস্থানবোৰ ধংস কৰিছে। আমাৰ খাদ্যবোৰ যেনে বেং, নিগনি, চিকা আদিবোৰে নতুন বাসস্থান বিচাৰি গুচি গৈছে। এফালে মোৰ বাসস্থান নাইকীয়া হৈছে, সিফালে মোৰ খাদ্য নাইকীয়া হব ধৰিছে! যি কেইটা খাদ্য আছে, সেইকেইটাই মোৰ বুঢ়া বয়সৰ সুবিধা লৈছে।যোৱা এক মাহত মাত্ৰ কেইটামান পোক খাইহে জীয়াই আছো।
আমি মানুহৰ ঘৰত প্ৰবেশ নকৰোঁ।মানুহবোৰক আমাৰ বৰ ভয় লগে।
পিটনিটোৰ ওচৰৰ ঘৰখনত হাঁহ-কুকুৰাৰ গড়াল আছিল। কুকুৰাৰ সৰু পোৱালী বোৰৰপৰা ওলোৱা উষ্ম তৰংগই মোক বহু দিনৰ পৰা বিচলিত কৰি আছিল। তথাপি মানুহজনৰ ঘৰত গৈ কুকুৰাৰ পোৱালীকেইটা খোৱাৰ মোৰ কোনো অভিপ্ৰায় নাছিল।লোভ লাগিছিল,কিন্তু যিহেতু কিছুদিন আগলৈকে মই থকা পিটনিখনত মোৰ খাদ্য যেনে বেং,এন্দুৰ আদিৰে ভৰপূৰ আছিল,মোৰ খাদ্যৰ অভাৱ নাছিল বাবে মানুহ ঘৰৰ হাঁহ-কুকুৰাৰ গড়ালেও মোক বিশেষ বিচলিত কৰা নাছিল।
কিন্তু এমাহ মান আগতে কিবা অদ্ভূত শব্দ কৰি এটা প্ৰকাণ্ড মেচিন এটাই মস্ত পিটনিখন তহিলং কৰে। তাত থকা প্ৰাণীবোৰে নিজৰ প্ৰাণ ৰক্ষা কৰি ফৰিং-চিটিকা দিয়ে।আমি কেইটামান থাকি গলো।বেলেগ জীৱৰ দৰে আমি আমাৰ বিচৰণ ভূমি সঘনাই সলাই নাথকো। তেতিয়াৰ পৰাই মোৰ খাদ্যবোৰ নাইকীয়া হয়। ওচৰৰ মানুহৰ ঘৰত থকা হাঁহ-কুকুৰাৰ গড়ালে তেতিয়াহে মোক বৰকৈ আকৰ্ষিত কৰিছিল।প্ৰথমবাৰ চুচুক- চামাককৈ গৈ দূৰৰ পৰাই চাই আহিলো। দ্বিতীয় দিনাখনো দূৰৰ পৰাই মাত্ৰ চাই আহিলোঁ।ভোকত পেটটো কলমলাই গৈছিল । তথাপি কিন্তু মানুহৰ বসতি ঠাইত যাবলৈ সাহস নহৈছিল।
শেষত কিন্তু পেটটোৰে জয় হয়।২০২২ বৰ্ষৰ পহিলা বহাগত ভোক-পিয়াহত জৰ্জৰিত হৈ হাঁহ-কুকুৰাৰ গড়াললৈ আগবাঢ়ি যাওঁ।তেতিয়া আবেলিৰ প্ৰায় ৬ বাজিছিল চাগে।অলপ আন্ধাৰো হৈছিল। সন্মুখত এগাল খাদ্য দেখি মই পগলা হৈ গৈছিলো।লাহে লাহে গড়ালটোলৈ আগবাঢ়ি গৈছিলো।
কিন্তু এইয়া কি?মোৰ সন্মুখত পাহাৰ সদৃশ এই বাধাটো কি? গৰালটোত সোমাব লওঁতেই সম্মুখৰ আকস্মিক বাধাটো পাই মই দিক-বিদিক হেৰুৱাই পোলাইছিলো।ঘৰৰ আইতা গৰাকী সেই সময়তে গড়ালটোৰ দুৱাৰ বন্ধ কৰিবলৈ আহিছিল।ভোক আৰু খঙত একো নাই হৈ মই আইতা গৰাকীৰ (মোৰ কাৰণে পাহাৰ সদৃশ) সো ভৰিটোৰ পিছফালে দংশন কৰোঁ।
আইতাই তৎক্ষণাৎ বিষত চিঞৰ-বাখৰ কৰি দিয়ে।পেটৰ চিন্তা বাদ দি মই তাৰপৰা পলাই আকৌ পিটনিলৈ গুচি আহো। দূৰৈৰ পৰা ফেটটো তুলি ঘৰৰ মানুহবোৰৰ কাণ্ড-কাৰখানাবোৰ চালো।ৰক্ষা তেওঁলোকে ডিমৌ হস্পিটেললৈ যাবলৈ যা-যোগাৰ কৰিছে। চেঃ একমাত্ৰ মোৰ পেটৰ কাৰণে অকস্মাতে ঘটনাটো ঘটি গল।তেওঁক পাৰ্য্যমনে বিহ ঢালিলো।
“ছাৰ,মই মৰাণৰপৰা কৈছোঁ।মাক সাপে দংশন কৰিছে,অত্যন্ত বিষ হৈছে।
হাঁহ- কুকুৰাৰ গড়ালটো বন্ধ কৰিব যাওঁতেই সো ভৰিত দংশন কৰিছে।”
লক্ষণবোৰ শুনি ফেঁটী সাপৰ দংশন যেন লাগিছিল।আনুসংগিক পৰামৰ্শ দি তেওঁক ডিব্ৰুগড় মেডিকেল কলেজলৈ যাবলৈ পৰামৰ্শ দিও।
“নাই ছাৰ আমি ডিমৌলৈকে গৈ আছোঁ, ইতিমধ্যে আমি চেপন পালোৱেই।”
কৰ্তব্যত থকা চিকিৎসক ডাক্তৰ বিজিত বৰাক এখন সম্ভাব্য যুদ্ধলৈ সাজো হবলৈ ফোনতে অনুৰোধ কৰো।কি অৱস্থাত তেওঁ ডিমৌ হস্পিটেল আহি পাব কব নোৱাৰি।
ডিমৌ হস্পিটেল আহি পাই মানে তেওঁৰ অৱস্থা তেনেই তথৈবচ আছিল।
যেনে-তেনে উশাহটো টানি আছিল। হৃদপিণ্ডও লাহে লাহে বন্ধ হব গৈ আছিল।কিন্তু কৰ্ত্যবত থকা নাৰ্চ আৰু ডাক্তৰ বিজিত বৰাই সৰ্প দংশনৰ আছুতীয়া কক্ষত থকা এন্তিভেনম বেজী আৰু নেওষ্টিগমিন বেজী প্ৰয়োগ কৰিব ধৰে।ঘটনাৰ আকস্মিকতা আৰু তেখেতৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিত উপস্থিত ৰাইজ আৰু ৰোগীৰ লগত অহা আত্মীয়ও এন্তিভেনম পাউডাৰটো জুলীয়া কৰিবলৈ সহযোগ কৰিছিল।ৰাতি প্ৰায় ৭ মান বজাত তেওঁলোক ডিমৌ হস্পিটেল আহি পাইছিল।আমাৰ স্বাস্থ্যকৰ্মীসকলৰ চিকিৎসাৰ প্ৰহাৰত ৰাতি প্ৰায় ১০:৩০ মান বজাত ৬০ বছৰীয়া শ্ৰীমতী সবিতা চেলেং সম্পূৰ্ণৰূপে সুস্থ হৈছিল।
পিছদিনা ৰাতিপুৱা তেওঁক পৰীক্ষা কৰি মই আশ্বস্ত হৈছিলোঁ যে সাপডাল বিষাক্ত ফেঁটী সাপ আছিল আৰু সো আঁঠুৰ প্ৰায় পিছফালে দংশন কৰিছিল।ইমান ওপৰলৈ ফেট তুলিবলৈ হলে সাপডাল বুঢ়া ফেঁটী সাপ হব লাগিব।
তেখেতৰ পুত্ৰ আদিত্যক কলো,
“কিছুদিনৰ পাছত,ইফালে-সিফালে চাবচোন! আপোনালোকে মৃত ফেঁটী সাপ এডাল পাবও পাৰে।ই নিশ্চয় ভোকত আতুৰ হৈ কুকুৰাৰ পোৱালীবোৰ খাব আহিছিল।ই চাগে চিকাৰ কৰিব নোৱাৰা হৈছে।ভোকত ইয়াৰ মৃত্যু হোৱাৰ অৱকাশ আছে।”
“হয় ছাৰ,আমাৰ ঘৰৰ পিছফালে এটা ডাঙৰ পিটনি আছিল।কিন্তু এমাহমান পৰা পিটনিটো মাটিৰে পুতি পেলাইছিল।কিবা ৰাস্তা আৰু কিবা বনাব বোলে।এতিয়া মস্ত পিটনিটোৰ ঠাইত সৰু পিটনি এটাহে আছে।”
সবিতা আইতাৰ ভৰিটোত ঘাঁ লাগিছিল যদিও আমাৰ স্থাস্থ্যকৰ্মীসকলৰ চিকিৎসাত তেওঁ দ্ৰুত আৰোগ্য লাভ কৰিছিল আৰু কিছুদিনৰ পাছত তেওঁক ছুটী দিয়া হৈছিল।
বেলেগ জীৱৰ দৰে আমাৰ শ্ৰৱণ শক্তি একেবাৰে কম।শব্দৰ তৰংগৰ ওপৰত ভিত্তি কৰিয়েই আমি আমাৰ কামবোৰ কৰো।ধৰক ভেকুলী এটা জঁপিয়াই জঁপিয়াই মোৰ পৰা পলাই গৈছে;জাপৰ ফলত বায়ুত উৎপন্ন হোৱা তৰংগ মই অনুসৰণ কৰি ভেকুলীটোক খাবলৈ অনুসৰণ কৰোঁ।
ঘৰখনৰপৰা কোনো ধৰণৰ কান্দোনৰ কম্পন নাপাই মই আস্বস্ত হৈছিলোঁ আইতা গৰাকী বাচি আছে।মৃত্যু হোৱা নাই।তেখেতক দংশন কৰাৰ মোৰ কোনো অভিপ্ৰায় নাছিল।মোৰ খাদ্যৰ সন্মুখত তেওঁ কৰপৰা জানো আহি গল,গমকে নাপালোঁ।
আপোনালোকে আমাক দেখিব নোৱাৰে। মাৰো-কাটোকৈ থাকে।কিন্তু আপোনালোকে ভাবকচোন,আপুনি ভোকত আছে,৪-৫ দিন ধৰি খাবলৈ পোৱা নাই,৬ নম্বৰ দিনাখন আপোনাৰ সন্মুখত খাদ্য! কিন্তু কোনোবা এজনে আপোনাৰ পৰা খাদ্যৰ টোপোলাটো কাঢ়িবলৈ লৈছে।আপুনিও হিংসুক নহবনে?নিশ্চয় হব।সন্মুখত থকা খাদ্য খাব নাপাব বুলি আপুনি তেওঁৰ লগত কাজিয়া নকৰিবনে?ময়ো সম্মুখৰ খাদ্য খাবলৈ নোপোৱাৰ খঙত মই তেওঁক প্ৰহাৰ কৰোঁ।সৰ্প দংশন কোনো কপালৰ লিখন নহয়।ই এটা বাধা দিব পৰা দুৰ্ঘটনা।
বাৰু যি কি নহওঁক,মানুহৰ চিঞৰ-বাখৰত ময়ো বৰ ভয় খালো। সেইফালে আৰু কেতিয়াও নগলো।মই জানো খাদ্যৰ অভাৱত মই লাহে লাহে মৰি যাম।লাহে লাহে দুৰ্বল অনুভৱ কৰিছিলোঁ।চলি-ফুৰিবলৈ মোৰ শক্তি নাছিল।আজি দুমাহেই হল, মই ভালকৈ খাবলৈ পোৱা নাই।
আমি সাপবোৰে আমাৰ মৃত্যু অনুভৱ কৰিব পাৰোঁ।সেইবাবে যেনে- তেনে গছ এটাৰ খোৰোঙলৈ সোমাই গলো।মোৰ মৃত্যু অৱধৰিত।মোৰ মৃত্যুত আপোনালোকৰো হাত আছে।আপোনালোকে নিজকে জীৱশ্ৰেষ্ঠ বুলি ভাবে।কিন্তু বিনন্দীয় পৃথিৱীখন আপোনালোকে ধ্বংস কৰিছে। হাবি,জঙ্ঘল,পিটনি আদি উন্নয়নৰ নামত ধ্বংস কৰিছে।আপোনালোকে নিজৰ জীৱন বিপন্ন কৰাৰ লগতে আমাৰো জীৱন বিপন্ন কৰিছে।প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট কৰিছে।কৰবাত খৰাং,কৰবাত বানপানী।হিমাচল প্ৰদেশৰ অৱস্থা চাওক।আপোনালোকে ভাবিব আমাৰ ইয়াত হোৱা নাই নহয়।হব।সকলোতে প্ৰলয় হব।বিজ্ঞানীসকলে কৈছেই, এয়া আৰম্ভণিহে!
ডাক্তৰ গিৰিৰ তথ্যমতে অসমত বছৰি প্ৰায় ৪০,০০০ সংখ্যক সৰ্প দংশন হয়।প্ৰত্যেক বছৰে সংখ্যাটো বাঢ়িয়েই আছে।তাৰ কাৰণ মানৱ জাতিটোৱে আমাৰ বাসস্থানবোৰ,খাদ্যবোৰ শেষ কৰি দিছে।খাদ্যৰ সন্ধানত সাপবোৰ ইফালে- সিফালে ঘূৰি ফুৰোতে বা মানুহৰ ঘৰত থকা চিকা,এন্দুৰ,হাঁহ -কুকুৰাৰ পোৱালী,কণী আদি বিচাৰি প্ৰৱেশ কৰে আৰু তেতিয়াই মানুহ আৰু সাপৰ সংঘাত হয় আৰু মানুহ দংশিত হয়।
আমি মাংসভোজী প্ৰাণী,আমি গাখীৰ নাখাও।আমাৰ বিহ, বিহ দাঁতত থাকে,নেগুৰত নাথাকে।আমাৰ স্মৃতিশক্তি নাই।সেইবাবে আমি প্ৰতিশোধ লব নোৱাৰোঁ।আপুনি মোক মৰম কৰিলে বুলি আপোনাক দংশন নকৰোঁ বুলি কথা নাই,কেনেবাকৈ কষ্ট পালে আমি আমাক পোহপাল দিয়া মানুহজনকো দংশন কৰিম।আমাক তেনেদৰেই ভগৱানে বনাইছে।নাগিন চিনেমাৰ দৰে বীণৰ শব্দত আমি নানাচো।বীণ বজোৱাজনে বীণটো লৰচৰ কৰি থাকে, সেই লৰচৰত উৎপন্ন হোৱা কম্পনটো অনুসৰণ কৰিহে আমি মূৰটো লৰাও।আমাৰ কোনো দুটা বা ১০ টি মূৰ নাই।সকলো জীৱৰ দৰে আমাৰো এটাই মূৰ।বিষাক্ত সাপৰ দংশনত মৃত্যু হলে, ভূৰ আদিত আপোনাৰ প্ৰিয়জনৰ মৃতদেহ উটুৱাই নিদিব।এবাৰ মৃত মানে মৃত।পৌৰাণিক যুগৰ কাহিনীবোৰ ধৰি নাথাকিব।
আমাক বুজক।আমাৰ লগত সহবাস কৰক।আমাৰ দংশনবোৰ বাধা দিয়ক।প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰাখিব চেষ্টা কৰক।আমাক চিনি পাওক।অসমৰ ৭৪ প্ৰজাতিৰ সাপৰ ভিতৰত মাত্ৰ ৬ বিধ সাপহে বিষাক্ত! আমাক চিনি পাওক!
সাপৰ মানৱ সমাজত ভূমিকা :
এযোৰ এন্দুৰে বছৰি ৪০০ এন্দুৰ জন্ম দিব পাৰে।এটা এন্দুৰে ১৫ কেজি ধান/শস্য ধ্বংস কৰিব পাৰে।৪০০ টা এন্দুৰে ৬০০০ কেজি ধান নষ্ট কৰিব পাৰে।ধৰা হওক ৪০০ টা এন্দুৰৰ ভিতৰত ১৭৫ টা স্ত্ৰী আৰু ১৭৫ টা পুৰুষ এন্দুৰ আছিল।আকৌ তেওঁলোকৰ মিলন হৈ বছৰি ৭০,০০০ এন্দুৰ হব পাৰে।এই ৭০,০০০ এন্দুৰ কেইটাই ১০লাখ ৫০ হেজাৰ কেজি ধান/শস্য নষ্ট কৰিব পাৰে।
কিন্তু সাপবোৰে এই এন্দুৰবোৰ ভক্ষণ কৰি, এন্দুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে বাবে আজি মানৱ জাতিটোৱে পেটে ভাতে খাই জীয়াই আছো।
- এটা গৱেষণাৰ মতে পৰিৱেশত সাপ নাথাকিলে এজন মানুহ মাত্ৰ ১৯ বছৰহে জীয়াই থাকিব পাৰে।অৰ্থাৎ সাপেহে মানুহক জীয়াই ৰাখিছে!
আমি মানৱ জাতিটোক জীয়াই ৰাখিছো! কিন্তু আপোনালোকে আমাক নিগমে মাৰিছে! আমাক জীয়াই থাকিবলৈ দিয়ক!
শেষ বাক্য হিচাবে কও “হাবিবোৰ সংৰক্ষণ কৰক”।মোৰ ক্ৰমশঃ মৃত্যু ঘটিছে…মই চিৰনিদ্ৰাত পৰিছো…
কেইদিনমানৰ পাছত শ্ৰীমতী সবিতা চেলেঙৰ পুত্ৰই ফোন কৰি মোক জনায়,
“ছাৰ,মৃত ফেঁটী সাপ এডাল বাৰীৰ পিছফালে পাইছোঁ।”
(১৬ জুলাই,বিশ্ব সৰ্প দিৱস উপলক্ষে শ্ৰীমতী সবিতা চেলেংৰ সন্মতি সাপেক্ষে ৰাইজৰ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।)