শোণিতপুৰত সঘন বিদ্যুৎ কৰ্টনত অতিষ্ঠ সৰ্বসাধাৰণ

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪জুলাইঃ সম্প্ৰতি শোণিতপুৰৰ সকলো অঞ্চলতেই বিদ্যুতৰ সঘন কৰ্টনে ৰাইজক অতিষ্ঠ কৰিছে৷স্মাৰ্ট মিটাৰ সংযোজনৰ লগতে বিদ্যুৎ মাছুল বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াভাবে যোগান ধৰিব নোৱৰাত এপিডিচিএলৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ দিনকদিনে বৃদ্ধি পাইছে৷উল্লেখযোগ্য যে,অবিভক্ত শোণিতপুৰত এই সমস্যা গ্ৰীষ্মৰ সময়ত বৃদ্ধি পোৱাৰ উপৰি সম্প্ৰতি বিদ্যুৎ সৰবৰাহ হৈ থকাৰ সময়ত ভল্টেজৰ মাত্ৰা হ্ৰাস পোৱাত অধিক ক্ষোভিত হৈছে ৰাইজ৷উল্লেখযোগ্য যে জিলাখনৰ অন্যান্য অঞ্চলৰ লগতে ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, বালিপৰা, ৰঙাপৰা আৰু জামুগুৰিহাটত বিদ্যুতৰ সৰবৰাহত চূড়ান্ত অনিয়মীয়া হোৱাৰ সমস্যা অব্যাহত আছে৷ চহৰ তথা কেন্দ্ৰ সমূহতে এনে অৱস্থাৰ বিপৰীতে গ্ৰামাঞ্চলত এই সমস্যা আৰু অধিক৷ তেজপুৰে মাজগাঁও, চানমাৰী, দেউৰীগাঁও, বেছেৰীয়া, পৰ্বতীয়া, ঊষানগৰ, শইকীয়াচুবুৰী, পটীয়াচুবুৰী, মিলনপুৰ, বাঁহবাৰী, পখীয়াঝাৰ, বিন্দুকুৰি, ডেকাৰগাঁও আদি সৰ্বত্ৰ দিনটোত ১০বাৰলৈকে বিদ্যুৎ কৰ্টন হয়৷ অনুৰূপ অৱস্থা ঢেকিয়াজুলি,বালিপৰা,বৰছলা,বিহগুৰি,জামুগুৰিহাটতো৷উল্লেখযোগ্য যে, তেজপুৰ চহৰতে বিদ্যুতৰ সৰ্বাধিক চাহিদাৰ সময়ত প্ৰয়োজন হয় দৈনিক ২৫মেগাৱাট বিদ্যুতৰ৷আনহাতে,ডিপোটাৰ পৰা দৈনিক লাভ কৰে ৭২মেগাৱাট বিদ্যুৎ আৰু জাহাজডোবাৰ পৰা লাভ কৰা হয় ১০মেগাৱাট বিদ্যুৎ৷মুঠ ৮২মেগাৱাট বিদ্যুতৰে জিলাখনৰ এটা অংশ সামৰিবলগীয়া হয়৷উল্লেখযোগ্য যে,এপিডিচিএলৰ সূত্ৰৰ মতে তেজপুৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চললৈ প্ৰয়োজনীয় চাহিদা অনুসৰি বিদ্যুতৰ যোগান আছে৷তেনেস্থলত ইমান সঘন বিদ্যুৎ কৰ্টন কিয় হয়? উল্লেখযোগ্য যে,প্ৰয়োজনীয় বিদ্যুতৰ বিপৰীতে একাংশ উদ্যোগত বিদ্যুৎ ব্যৱহাৰৰ প্ৰকৃত পৰিমানৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া আৰু এনে ঘটনা পূৰ্বে পোহৰলৈও আহিছে৷তদপৰি,সম্প্ৰতি বাতানুকূল যন্ত্ৰৰ ব্যৱহাৰ ব্যাপক ৰূপত বাঢ়িছে য’দিও এনে অধিকাংশ ঘৰতে বিদ্যুৎ ক্ৰয়ৰ সীমা বৃদ্ধি কৰা নাই আৰু এইক্ষেত্ৰত বিদ্যুৎ বিভাগেও পৰীক্ষা কৰা নায়৷পৰিণতিত চুবুৰীয়ে চুবুৰীয়ে ভল্টেজৰ সমস্যাই দেখা দিছে৷আনহাতে সৰবৰাহ হোৱা বিদ্যুতৰ অধিকাংশ বিভিন্ন উদ্যোগে ব্যৱহাৰ কৰি আহিছে বাবেই সৰ্বসাধাৰণে বিদ্যুতৰ সমস্যাত ভোগা বুলি অভিযোগ উঠাৰ সময়ত সম্প্ৰতি জিলাখনত বিদ্যুতৰ উপভোক্তাৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে বিদ্যুতৰ যোগান নাই বুলিও অভিযোগ উঠিছে৷তদুপৰি বিদ্যুৎ সংযোগী লাইনৰ শোচনীয় অৱস্থাও ইয়াৰ এক কাৰণ বুলি অভিযোগ উঠাৰ সময়ত তেজপুৰত নতুনকৈ এটা বিদ্যুৎ লাইন সংযোগৰ কাম অব্যাহত থকাৰ বিষয়ে প্ৰকাশ কৰি এপিডিচিএল ৰ সূত্ৰটোৱে কয় যে এই লাইনৰ কাম সম্পূৰ্ণ হ’লেই বিদ্যুৎ কৰ্টনৰ সমস্যা যথেষ্ট হ্ৰাস পাব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More