মনিষা হত্যাৰ মূল অভিযুক্ত দেৱাশীষকক পাঁচদিনলৈ তেজপুৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰৰ এটা ভাড়াঘৰত পঞ্জাৱ নেছনেল বেংকৰ তেজপুৰ শাখাৰ কৰ্মচাৰী মনিষা বড়োৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঠেলামৰাৰ দেৱাশীষ কৰে আৰক্ষীৰ তদন্তত এইপৰ্যন্ত মুখ খোলা নাই৷ উল্লেখযোগ্য যে,১৩ এপ্ৰিলৰ নিশা ঊষানগৰৰ ভাড়াঘৰত হত্যা কৰা ২৫বছৰীয়া সুন্দৰী আৰু মেধাবী যুৱতীগৰাকীৰ নিথৰ দেহ ১৪এপ্ৰিলত উদ্ধাৰ কৰা হৈছিল৷ঘটনা সন্দৰ্ভত নিহত মনিষাৰ পৰিয়ালে দেৱাশীষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মনিষাৰ আন এজন সহকৰ্মী তথা দেৱাশীষ মনিষাৰ ভাড়াঘৰত প্ৰৱেশ কৰাৰ সময়ত তাতে থকা ৰিচাৰ্ড দলে’ক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই দেৱাশীষ হত্যাকাণ্ডৰে জড়িত থকাটো নিশ্চিত হয়৷উল্লেখযোগ্য যে,আজি দিনত দুই অভিযুক্ত ৰিচাৰ্ড আৰু দেৱাশীষক তেজপুৰস্হিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে দুয়োকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে৷উল্লেখযোগ্য যে,১৩এপ্ৰিলৰ নিশাৰ পৰা পলাতক অৱস্থাত থকা দেৱাশীষক কালি শোণিতপুৰ আৰক্ষীৰ এটা দলে শ্ৰীৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আজি প্ৰকাশ কৰি আৰক্ষীয়ে জনোৱা অনুসৰি দেৱাশীষক অসমৰ সীমাৰ ভিতৰতে কৰায়ত্ত কৰা হয়৷যোৱা নিশা তেজপুৰ সদৰ আৰক্ষী থানালৈ অনা হয় দেৱাশীষক৷ কিন্তু এই পৰ্যন্ত ঘটনা সন্দৰ্ভত দেৱাশীষে কোনো কথাই প্ৰকাশ কৰা নাই বুলি সদৰি কৰি আৰক্ষীৰ এক শীৰ্ষসূত্ৰই লগতে কয় যে,মূল অভিযুক্ত দেৱাশীষক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু শীঘ্ৰেই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব৷আনহাতে,নিহত মনিষাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিবলৈ আৰু দুদিনমান সময় লাগিব বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই৷উল্লেখযোগ্য যে,জঘন্য হত্যাকাণ্ডটোৰ তদন্তকাৰী আৰক্ষীয়ে ডিএনএ পৰীক্ষাৰো ব্যৱস্থা কৰিছে৷ ইপিনে, কালিৰে পৰা আৰক্ষীৰ জেৰাতো কোনো কথাই প্ৰকাশ নকৰা দেৱাশীষে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়োৱা নাই৷এনে অৱস্থাত আৰক্ষীয়ে দুই অভিযুক্তক পাঁচদিনৰ বাবে জিন্মাত লাভ কৰাত এইসময়ৰ ভিতৰত হত্যাকাণ্ডটোৰ সৱিশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে,গ্ৰেপ্তাৰৰ পাছতেই আনজন অভিযুক্ত ৰিচাৰ্ডে তেওঁৰ স’তে মনিষাৰ সম্পৰ্ক গঢ়ি উঠা আৰু দেৱাশীষে ৰিচাৰ্ডকো ঘটনাৰ নিশা আক্ৰমণ কৰা বুলি স্বীকাৰ কৰাৰ উপৰি দেৱাশীষৰ স’তে মনিষাৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে সদৰি কৰিছিল৷ উল্লেখযোগ্য যে,ৰিচাৰ্ডে দেৱাশীষৰ আক্ৰমণৰ সময়ত মনিষাক অকলে এৰি গোপনে পলায়ন কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More