মহানগৰীত ধ্বংস কৰা হ’ল ১০০ কোটি টকাৰ জব্দকৃত ড্ৰাগছ 

0 3
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ আজি সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰব্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰব্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰো আৰু গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই দুটাকৈ স্থানত পৃথকে পৃথকে দাহন তথা বিনষ্ট কৰে বৃহৎ সংখ্যক ড্ৰাগছ, কফ চিৰাপ, গাঞ্জা আদিকে ধৰি বহু নিচাযুক্ত দ্ৰব্য। মহানগৰ আৰক্ষীয়ে মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা নিচাযুক্ত দ্ৰব্যসমূহ পানীখাইতীৰ হাতীশিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বিনষ্ট কৰাৰ বিপৰীতে এন চি বিয়ে হাজংবাৰীস্থিত ফ্ৰেছ এয়াৰ নামৰ কাৰখানাটোত বিনষ্ট কৰে। এন চি বিয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা প্ৰায় ৫৯,০৯১ হাজাৰ কফ চিৰাপৰ বটল, ৭৬৫.৩৮০ কেজি গাঞ্জা আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন কৰে। ইপিনে মহানগৰ আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ১৮ খন থানা এলেকাৰ পৰা বিভিন্ন সময়ত জব্দ কৰা হেৰইন ৬.৭৩০ কেজি, গাঞ্জ ১৩১৭.৯৩৫ কেজি, কোকেইন ৩.৬১ গ্ৰাম, টেবলেট ১৯,১৭,৬০০ টা, কফ চিৰাপ ৩,৭৪,৯৮৫ টা, ব্ৰাউন ছুগাৰ ৫২.২ গ্ৰাম, Methmphetamine ১৩.৭৫৪ গ্ৰাম শনিবাৰে চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ হাতিশীলাত বিনষ্ট কৰে। চন্দ্ৰপুৰত দাহন কৰা ড্ৰাগছৰ মূল্য প্ৰায় ১০০ কোটি টকা। মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৰোলাৰ চলাই নষ্ট কৰে নিচাযুক্ত দ্ৰৱ্যসমূহ। দাহন কাৰ্যসূচীত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ দেৱাশিস কাশ্যপ, মহানগৰ আৰক্ষী আয়ুক্ত হৰমিতদ সিং, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত আৰক্ষী প্ৰদীপ শইকীয়া আৰু সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More