ড° লক্ষীপ্ৰসাদ হাজৰিকা
চাউল-দাইলৰ লগতে আমাৰ নিত্য প্ৰয়োজনীয় খাদ্য শস্যৰ তালিকাত শাক-পাচলিৰ গুৰুত্ব অপৰিহাৰ্য৷ ইয়াৰ ভিতৰত আলু-পিঁয়াজৰ বাবে আমি বৰ্তমানে বহিঃ ৰাজ্যৰ ওপৰতে নিৰ্ভৰশীল৷ অনুকূল বতৰৰ বাবে অসমত শীতকালীন শাক-পাচলিৰ প্ৰায়বোৰ অঞ্চলতে কম-বেছি পৰিমাণে উৎপাদন হয় যদিও গ্ৰীস্মকালীন শাক-পাচলিৰ ক্ষেত্ৰত ৰাজ্যখনে নিৰ্দিষ্ট কেতবোৰ অঞ্চলৰ ওপৰতে নিৰ্ভৰশীল৷ এই দুটা বতৰৰ শাক-পাচলিৰ উৎপাদনত অৱদান যোগোৱা অসমৰ অন্যতম অঞ্চল হ’ল দৰং জিলাৰ বৃহত্তৰ খাৰুপেটীয়া, দলগাঁও আৰু বেছিমাৰী অঞ্চল৷ খাৰুপেটীয়া আৰু বেছিমাৰী বজাৰৰপৰা দৈনিক সাতশৰপৰা এহাজাৰ ট্ৰাক শাক-পাচলি অসমৰ গুৱাহাটী মহানগৰকে ধৰি বিভিন্ন জিলালৈ যোৱাৰ লগতে মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ তথা অন্যান্য ঠাইলৈ যোগান ধৰা হয়৷ অঞ্চলটোৰ জনগাঁথনি, উৰ্বৰ কৃষিভূমি, কম বৰষুণ, তুলনামূলকভাৱে বাম মাটি বেছি- আদিৰ বাবে বছৰটোৰ সকলো সময়তে ধান খেতিৰ উপৰি বিভিন্ন জাতৰ বতৰৰ শাক-পাচলি উৎপাদন হয়৷ অঞ্চলটোৰ খেতিয়কসকলৰ এই উৎপাদনৰ ফলতে ৰাজ্যবাসীয়ে বৰ্তমানলৈকে তুলনামূলকভাৱে কম দামতে দৈনিক প্ৰয়োজনীয় শাক-পাচলিৰ যোগান পাই আহিছে৷ অৱশ্যে অধিক উৎপাদনৰ স্বাৰ্থত ব্যৱসায়িকভাৱে লাভবান হ’বলৈ খেতিয়কসকলে অত্যধিক পৰিমাণৰ ৰাসায়নিক সাৰ আৰু লগতে কীটনাশক দৰৱ প্ৰয়োগ কৰাতো অৱশ্যম্ভাৱী হৈ পৰিছে৷ কাৰণ জৈৱিক পদ্ধতিৰে উৎপাদন হোৱা শাক-পাচলিৰ দাম অধিক হোৱাৰ আশংকাত খেতিয়কসকল আগ্ৰহী নহয়৷ বৰ্তমানৰ বজাৰখনেও খেতিয়কসকলক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে উৎসাহিত বা অনুপ্ৰাণিতও কৰিব পৰা নাই৷ এই সমস্যাসমূহৰ লগতে ভূতৰ ওপৰত দানৱ পৰাদি উপভোক্তা ৰাইজৰ ওপৰত আন এটা গভীৰ আশংকা আহি পৰিছে৷ সেইটোৱে হ’ল আজিৰ এই লেখাৰ বিষয়বস্তু৷
কৰ্মসূত্ৰে যোৱা কেইবছৰমান খাৰুপেটীয়া অঞ্চলত থাকিবলগা হোৱাত অঞ্চলটোৰ কৃষিখণ্ডৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন লক্ষ্য কৰিছোঁ৷ এই পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰিয়ে আমি আশংকা কৰিছোঁ যে এই বছৰ গ্ৰীষ্মকালীন শাক-পাচলিৰ যোগান অঞ্চলটোৰপৰা সীমিত হ’ব আৰু তাৰ ফল ভোগ কৰিব লাগিব উপভোক্তা ৰাইজে৷ দৰং জিলাৰ এই অঞ্চলত প্ৰায় চল্লিছ শতাংশ ভূমিত বছৰৰ গোটেই সময়খিনিত কেৱল শাক-পাচলিৰ খেতিয়েই কৰা হয়, আনহে নালাগে বাৰিষা বা গ্ৰীস্ম কালতো বাকী খেতি পথাৰসমূহত শালিধানৰ খেতি চপোৱাৰ পিছতে পথাৰবোৰত কবি, বিলাহী, লাও, লেচেৰা, জলকীয়া আদি বিভিন্ন জাতৰ শাক-পাচলিৰ খেতি কৰা হয়৷ পথাৰসমূহত বিশেষকৈ লাও, জিকা, ভোল, পটলৰ হেণ্ডালিৰে ভৰি পৰে৷ এইসমূহে হ’ল আমাৰ গ্ৰীষ্মকালৰ প্ৰধান শাক-পাচলি৷ কিন্তু ২০২০-২১ চনৰপৰা আৰম্ভ হোৱা এটা পৰিৱৰ্তন হ’ল উপৰোক্ত খেতি পথাৰসমূহত লাহে লাহে শাক-পাচলিৰ পৰিৱৰ্তে মাকৈ বা গোমধানৰ খেতিৰে সেউজ হৈ পৰিছে৷ এই বছৰত অৰ্থাৎ ২০২২-২০২৩ বৰ্ষত দেখা গৈছে যে প্ৰায় সত্তৰ শতাংশ তেনে কৃষিভূমি মাত্ৰ মাকৈ খেতিৰ বাবে ব্যৱহৃত হৈছে৷ অৱধাৰিতভাৱে সেই খেতি পথাৰসমূহত আগতে উৎপাদিত হোৱা গ্ৰীষ্মকালীন শাক-পাচলিৰ উৎপাদন নোহোৱা হ’ল বা হ’বলৈ গৈ আছে৷ তেনেক্ষেত্ৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ যে বজাৰত পৰিব সেয়া সহজেই অনুমেয়৷ উপভোক্তাসকলে এই বছৰ বা বৰ্তমানৰ ব্যৱস্থা বাহাল থাকিলে ভৱিষ্যতলৈ গ্ৰীস্মকালীন শাক-পাচলি অধিক দামত কিনি খাব লাগিব সেয়া সহজেই অনুমান কৰিব পাৰি৷
এতিয়া আহোঁ খেতিয়কসকল মাকৈ খেতিৰ বাবে আকৰ্ষিত হোৱাৰ কেইটামান কাৰণৰ বিষয়ে আলোচনা কৰিবলৈ৷ যদিও অৰ্থনৈতিক দিশত প্ৰত্যাশিত লাভ শাক-পাচলিৰ খেতিত মাকৈ খেতিতকৈ বেছি তথাপিও খেতিয়কসকল এই খেতিৰ প্ৰতি ধাবিত হোৱাৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰণ আছে৷ চমুকৈ কাৰণকেইটা হ’ল-
১) মাকৈ খেতিৰ বাবে প্ৰয়োজনীয় মূলধনৰ পৰিমাণ শাক-পাচলিৰ খেতিতকৈ কম৷
২) মাকৈ খেতিত প্ৰায় সকলোখিনি কাম যান্ত্ৰিকভাৱে কৰিবপৰা হোৱাত প্ৰয়োজনীয় শ্ৰমিকৰ সংখ্যা বহুত কম ৩)কৃষি সুৰক্ষাৰ খৰচো যথেষ্ট কম আৰু সহজ৷
৪) জৈৱ সাৰতকৈ ৰাসায়নিক সাৰৰ প্ৰয়োগ বেছি৷
৫) পানীৰ প্ৰয়োজন শাক-পাচলিৰ খেতিৰ তুলনাত কম৷
৬) প্ৰাকৃতিক দুৰ্যোগৰ বাবে ক্ষতিৰ আশংকাও কম
৭) অতিকৈ গুৰুত্বপূৰ্ণ কথা হ’ল মাকৈ বজাৰখন সুস্থিৰ আৰু ক্ৰমাৎ ঊৰ্ধমুখী৷ ২০২০ চনত প্ৰতি কুইণ্টলত চৈধ্যশ টকাৰপৰা বৰ্তমান ওঁঠৰশৰপৰা দুহাজাৰলৈকে হৈছেগৈ৷
৮) মাকৈ বজাৰখনত মধ্যভোগী প্ৰায় নায়েই৷ খেতিয়কসকলে খেতি পথাৰৰপৰাই পোনপটীয়াকৈ উৎপাদিত ফচল বিক্ৰী কৰিব পাৰে৷ আনহাতে শাক-পাচলিৰ বজাৰখন দৈনিক পৰিৱৰ্তনশীল হোৱা দেখা যায়৷ মধ্যভোগীৰ হেঁচাত খেতিয়কসকল প্ৰায়ে প্ৰতাৰিত হোৱাও দেখা যায়৷
৯) মাকৈ খেতিৰে খেতিয়কসকলৰ পশুপালনত প্ৰয়োজনীয় ঘাঁহৰ যোগানো আংশিকভাৱে পূৰণ কৰিব পাৰিছে৷
শেষত আন এটা দিশো আঙুলিয়াব পাৰি, সেই গুৰুত্বপূৰ্ণ দিশটো হ’ল বৰ্তমান পেট্ৰলজাত ইন্ধনৰ লগত ইথানল মিহলোৱা আঁচনিয়ে ইথালনৰ চাহিদা বৃদ্ধি কৰিছে৷ যিহেতু মাকৈ ইথানল প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হয়, ফলত মাকৈ খেতিৰ বাবে খেতিয়কসকল আগ্ৰহী হোৱাৰ সম্ভাৱনাই অধিক৷ মাকৈ বজাৰখন ভৱিষ্যতে উপৰোক্ত কাৰণত অধিক ঊৰ্ধগামী হোৱা আশা কৰিব পাৰি৷ অৱধাৰিতভাৱে খেতিয়কসকল আৰ্থিক লাভালাভ আৰু বজাৰৰ অনিশ্চয়তাৰ পৰা হাত সাৰিবলৈ ভৱিষ্যতে অধিক মাকৈ খেতিৰ প্ৰতি আগ্ৰহী হোৱাৰ আশাহে আছে৷ ইয়াৰ ফলত শাক-পাচলিৰ বজাৰখনত ভৱিষ্যতে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ আশংকা প্ৰকট৷ উল্লেখ্য যে এয়া দৰং জিলাৰ এক চাক্ষুষ অভিজ্ঞতা যদিও ইতিমধ্যে মাকৈ বিপ্লৱে নামনি অসমৰ বৰপেটা, বঙাইগাঁও আদি জিলাকো সামৰি লৈছে। কাজেই গ্ৰীষ্মকালিন শাক পাচলিৰ খেতি কৰা কৃষকে কেৱল মাকৈ খেতিকে কৰিলে অসমৰ আন জিলাত শাক পাচলিৰ নাটনি হোৱাৰ লগতে দামো উৰ্ধমুখী হোৱাটো নিশ্চিত। ইতিমধ্যে গুৱাহাটীত ভাত কেৰেলাৰ প্ৰতি কেজিৰ দাম ২৪০ টকা হোৱাটোৱে এই আশংকাক প্ৰকট কৰি তুলিছে।