মাখিৰ খেতিঃ এক নতুন সম্ভাৱনা

কুকুৰা পালক, মৎস্য পালকৰ দানাৰ খৰচ হ্ৰাস পোৱাৰ নিশ্চিতি

0 367

ড° লক্ষীপ্রসাদ হাজৰিকা 

প্রতি বছৰত বিশ্বৰ বাঢ়ি অহা জনসংখ্যাৰ তথ্যই সচেতন মহলক চিন্তাত পেলাইছে। কাৰণ এই বাঢ়ি অহা জনসংখ্যাৰ সমান্তৰালকৈ গুণগত খাদ্য উৎপাদন বহাব পৰা নাই। ভােকাতুৰৰ লগতে পুষ্টিহীনতাৰ সংখ্যাই ভাৰতবৰ্ষৰ দৰে দেশকো লাজত পেলাইছে। পুষ্টিকৰ খাদ্য যেনে গাখীৰ, মাছ, মাংস, কণী ইত্যাদিৰ উৎপাদন বাঢ়িছে যদিও ক্রমবর্ধমান উৎপাদন ব্যয়ে সাধাৰণ মানুহক বিপদত পেলাইছে। বিশেষকৈ প্রাণীজ প্ৰটিনৰ বর্ধিত দামে দৰিদ্ৰ জনসাধাৰণৰ জীৱন দুর্বিসহ কৰি পেলাইছে। এনে পৰিপ্ৰেক্ষিতত আমি কিছুমান বিকল্প চিন্তা কৰাৰ বাহিৰে আমাৰ হাতত অন্য উপায় নাই। তেনে এটা বিকল্প চিন্তাই হ’ল আজিৰ এই লেখাৰ বিষয়বস্তু ‘মাখিৰ খেতি’।

বর্তমানলৈকে বিশ্বৰ প্রায় দুহেজাৰাে অধিক প্রজাতি পতংগ মানুহে পােনপটীয়াকৈ খাদ্য হিচাপে গ্রহণ কৰে। যেনে পলুৰ লেটা, আমৰলি পৰুৱাৰ টোপ ইত্যাদি। গুৰুত্বপূৰ্ণ কথাটো হ’ল গােটেই বিশ্বত বৰ্তি থকা প্ৰাণীৰ ভিতৰত পতংগ জাতৰ প্ৰাণীৰ সংখ্যাই সকলােতকৈ বেছি। চৈধ্য লাখৰ অধিক বিভিন্ন প্রজাতিৰ পতংগ পৃথিৱীৰ বায়ু, পানী আৰু মাটিত সর্বত্র বিদ্যমান। সাধাৰণ অর্থনীতিৰ চিন্তাৰে আমি ধৰি ল’ব পাৰাে যে প্রকৃতিৰ এই চহকী তথা উভৈনদী উপাদানসমূহক আমাৰ খাদ্য শৃংখলত সুমুৱাই ল’ব পাৰিলে আমি লাভবান হ’ম। হয়, বর্তমান তেনে এটা সম্ভাৱনাই বাস্তৱ ৰূপ পাইছে আৰু অতি সােনকালে এই নতুন কৃষি পদ্ধতিয়ে পৃথিৱীত প্রাণীজ প্ৰটিনৰ অভাৱ দূৰ কৰিব পাৰিব।IMG 20220819 WA0012

আহাে মাখিৰ খেতিৰ প্ৰসংগলৈ। অৱশ্যে মাখি বুলি ক’লে আমি সহজাতভাৱে আমাৰ অনিষ্টকাৰী সাধাৰণ মাখিবিধলৈ মনত পৰে আৰু এটা ভাল নলগা ঘিন ভাব মনলৈ আহে। কিয়নাে এই মাখি বুলি ক’লেই আমি অনিষ্টকাৰী পতংগ হিচাপে গণ্য কৰােঁ। অৱশ্যে মৌ-মাখিৰ ক্ষেত্ৰত এই ভাৱ আমাৰ মনলৈকে নাহে। বর্তমানৰ সম্ভাৱনাময় মাখিবিধ হ’ল ‘ব্লেক চ’লজাৰ ফ্লাই’ নামৰ এবিধ ক’লা মাখি যাৰ বৈজ্ঞানিক নাম– Hermetia Illicens। এচিয়া, আফ্রিকা, আমেৰিকা আদি বিভিন্ন ঠাইত পােৱা এই ক’লা মাখিৰ প্রজাতিটোৰ খেতি কৰি ইয়াৰ পলু বা মেগতবােৰ মাছ, কুকুৰা, গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।IMG 20220819 WA0011 পলুবােৰক মাছ, কুকুৰাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিলে আমি অর্থনৈতিকভাৱে যথেষ্ট লাভৱান হােৱাৰ স্থল আছে। কাৰণ এই পলুসমূহৰ খাদ্যগুণ অতি উৎকৃষ্ট ৷ পলুসমুহৰ প্ৰটিনৰ পৰিমাণ চল্লিশৰ পৰা পয়ষষ্ঠি শতাংশ। ঠিক তেনেকৈ স্নেহ পদাৰ্থৰ পৰিমাণাে বিশ শতাংশতকৈ অধিক। প্রয়ােজনীয় খাদ্যপ্ৰাণ আৰু ধাতৱ মৌলৰ পৰিমাণাে সন্তোষজনক। মুঠতে এই পলুসমূহ জৈৱিক খাদ্য হিচাপে বর্তমানে অদ্বিতীয়।

এই প্রজাতিৰ মাখি পােহপাল কৰাটো অতি সহজ। খুউব কম পৰিসৰৰ ব্যৱস্থাপনাৰে যথেষ্ট সংখ্যাক পলুৰ দৈনিক উৎপাদন কৰিব পাৰি। গুৰুত্বপূৰ্ণ কথাটো হ’ল প্রজননক্ষম পৈনত মাখিবােৰে সামান্য পানীৰ বাহিৰে একো নাখায়। পৈণত মাখি অৱস্থাত ইহঁত প্রায় ন-দহদিনমান জীয়াই থাকে আৰু যিহেতু ইহঁতে খাদ্য নাখায় গতিকে বেমাৰৰ বীজাণু বিয়পােৱাটো ইহঁতৰ বাবে সম্ভৱ নহয়। এজনী মাইকী মাখিয়ে পাঁচশমান কণী পাৰে আৰু এই কণীসমূহ চাৰি দিনমানৰ ভিতৰত উপযুক্ত পৰিবেশত পলু অৱস্থা পায়। পলু অৱস্থাত ইহঁত ওঠৰদিনমান থাকে আৰু এই অৱস্থাটোতে ইহঁতে খাদ্য গ্রহণ কৰে। মুঠতে পাঁচবাৰ মােট সলাই ছটা দশাৰ পলু সৃষ্টি কৰে। পলু অৱস্থাৰ পিছত তুলনামূলকভাৱে শুকান ঠাইত লেটা অৱস্থা পায়। লেটা হিচাপে ইহঁতে চৈধ্যদিনমান কটায়। লেটাসমুহৰপৰা পুনৰ পূৰ্ণাংগ প্রজননক্ষম মাখিৰ সৃষ্টি হয়। পলুৰ খাদ্য হিচাপে বিভিন্নধৰণৰ জৈৱিকভাৱে পচনশীল আৱৰ্জনা ব্যৱহাৰ কৰিব পাৰি। ফল-মূলৰ বাকলি, পেলনীয়া শাক-পাচলি, জীৱ-জন্তুৰ মল, কচাইখানাৰ বর্জিত দ্ৰৱ্য, পেলনীয়া খাদ্য ইত্যাদিৰ মিশ্ৰণক এই জাতৰ মাখিৰ প্রতিপালনত ব্যৱহাৰ কৰিব পাৰি। এক কথাত ক’বলৈ গ’লে এই মাখিৰ খেতিত আমি এহাতে যিধৰণে উৎকৃষ্ট মানদণ্ডৰ পশু খাদ্য উৎপাদন কৰিব পাৰি আনহাতে আমাৰ আধুনিক জীৱনশৈলীত সৃষ্টি হােৱা বিভিন্ন ধৰণৰ গােটা জৈৱিক আৱৰ্জনা নিস্কাশন কৰিবও পাৰি। অকল পশু খাদ্যই নহয়, পৃথিৱীৰ বহুবােৰ দেশত মানুহে এই পলুসমূহক পােনপটীয়াকৈ নিজৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে। মাছৰ খেতি বা হাঁহ-কুকুৰা পালনত এই পলু ব্যৱহাৰ কৰিলে উৎপাদনৰ খৰচ ষাঠি শতাংশৰাে অধিক কমাব পৰা হােৱাৰ লগতে মাছ, কুকুৰা, গাহৰি আদিক আমি জৈৱিকভাৱে প্রতিপালন কৰাটো নিশ্চিত কৰিব পাৰি। বর্তমান প্রেক্ষাপটত মাছ, কুকুৰাৰ দানাত ব্যৱহাৰ কৰা বিভিন্ন উপাদানৰ কেতিয়াবা স্বাস্থ্য আৰু পৰিবেশৰ প্রতিও ভাবুকি আনে, যিটো এই পলু খুৱাই প্রতিপালন কৰাৰ ব্যৱস্থাত অকণাে অৱকাশ নাই। বিশেষকৈ কিছুমান মাছৰ খেতি যেনে মাগুৰ, শিঙি, কাৱৈ, পাভ, শিঙৰা আদি যদি এই মাখিৰ পলু খােৱাই প্রতিপালন কৰা হয় তেতিয়া নিশ্চিতভাৱে আমি অধিক লাভৱান হ’ম। IMG 20220819 WA0013 শেষত পাঠকসকলক এটা উৎসাহজনক খবৰ দিয়াৰ লােভ সামৰিব নােৱাৰিলাে। খবৰটো হ’ল দৰং জিলাৰ পূব প্ৰান্তত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে সমীপৰ এখন গাঁৱত এজন উদ্যমী খেতিয়কে এই মাখিৰ খেতি আৰম্ভ কৰিছে। খেতিয়কজন পেছাত এজন শিক্ষক, নাম নুৰুদ্দিন মহম্মদ আব্দুৰ চাত্তাৰ আকন্দ। শিলবড়ী অঞ্চলত তেওঁ “চাত্তাৰ মাষ্টৰ বুলিয়েই পৰিচিত। তেখেত এজন সফল মৎস্য খেতিয়কো। এই বছৰ তেওঁ সফলতাৰে থলুৱা মাগুৰ আৰু শিঙি মাছৰ পােনা ব্যৱসায়িকভাৱে উৎপাদন কৰাত সফল হৈছে। খেতিয়কজনে তেওঁৰ দ্বাৰা পালিত মাছে উৎকৃষ্ট খাদ্য লাভ কৰিবৰ বাবে এই বছৰৰ এপ্রিল-মে মাহৰপৰা উক্ত মাখিবিধৰ খেতি আৰম্ভ কৰিছে। ঘৰৰ পিছফালে এডােখৰ সৰু ঠাইতে কেইটামান প্লাষ্টিকৰ গামলা, আঁঠুৱা আদি ব্যৱহাৰ কৰি আজিৰ তাৰিখত দৈনিক দহ-বাৰ কেজি মাখিৰ পলু উৎপাদন কৰিছে। মহম্মদ চাত্তাৰে তেওঁৰ পলুৰ উৎপাদন দৈনিক এশ কিলােগ্রাম কৰিবলৈ আঁচনি লৈছে। দৈনিক উৎপাদিত তেওঁৰ পলুসমূহ নিজৰে মাছসমূহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব। পলুৰ খাদ্যৰ বাবে প্রয়ােজন হােৱা সকলােবােৰ দ্রব্য তেওঁ স্থানীয়ভাৱে সংগ্রহ কৰিছে। তেখেতৰ মতে তেওঁৰ বৰ্তমানৰ পুখুৰী চাৰিটাত দৈনিক যিমান পৰিমাণৰ বজাৰৰপৰা কিনা দানাৰ খৰছ হয় তাক চাৰি ভাগৰ এক অংশলৈ কমাব পাৰিব। তেতিয়া মাছৰ উৎপাদন খৰছ আধাতকৈ বেছি কমি যাব আৰু লগতে মাছৰ বৃদ্ধি খৰতকীয়া হ’ব। এই আঁচনিৰ বহল ৰূপায়ন কৰিলে নিশ্চয় মাছৰ খেতি, হাঁহ-কুকুৰা পালন আদিত এক নতুন সংযােজন হ’ব। লগতে আৱৰ্জনা নিস্কাশন প্রক্রিয়াও ত্বৰান্বিত হ’ব বুলি আশা কৰিব পাৰি। এইক্ষেত্ৰত আগ্ৰহী কুকৰা , মৎস্য় পালকে যোগাযোগ কৰিলে আমি সহায় কৰিব পাৰিম।

লেখকৰ ঠিকনাঃ অধ্যক্ষ, পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয় দলগাঁও, দৰং

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More