সপ্তম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

‘‘শব্দৰ আত্মা সন্ধানৰ আনন্দ লেখক আৰু পঢ়ুৱৈ দুয়ো উপভোগ কৰে’’

0 174

গুৱাহাটী, ২০ আগষ্টঃ ‘‘শব্দৰ আত্মা সন্ধানৰ আনন্দ লেখক আৰু পঢ়ুৱৈ দুয়ো উপভোগ কৰে৷ কিন্তু সঠিক শব্দ বিচাৰি পোৱা কাৰবাৰটো অত্যন্ত জটিল৷’’ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ ৯৬সংখ্যক জন্মদিৱসৰে সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত আয়োজিত সপ্তম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় বিশিষ্ট সমালোচক, সাহিত্য অকাডেমি বঁটা বিজেতা অনুবাদক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° পৰী হিলৈদাৰীয়ে৷ ‘অজিৎ বৰুৱাৰ কবিতাঃ প্ৰেম, পেৰ’ডী আৰু প’ষ্টমডাৰ্নিজ্‌ম’ শীৰ্ষক ভাষণ প্ৰদান কৰি ড° হিলৈদাৰীয়ে কয়– ‘‘সাহিত্য হৈছে এক নিৰ্মাণ– কিছুমান কথাৰ স্মৃতিৰ নিৰ্মাণ৷’’ নিৰ্মিতিত বিশ্বাসী অজিৎ বৰুৱাই নিজে উত্তৰ আধুনিকতাক স্বীকাৰ কৰিব খোজা নাছিল যদিও তেওঁৰ বিভিন্ন পাঠত উত্তৰাধুনিক নিৰ্মাণৰ প্ৰয়াস স্পষ্ট ৷ অজিৎ বৰুৱা আছিল প্ৰেমৰ কবি, আধুনিক কবি, উত্তৰ আধুনিক কবি৷ আধুনিক আৰু উত্তৰ আধুনিক কবিতাৰ বিভিন্ন বৈশিষ্ট্যৰ প্ৰসংগ অৱতাৰণা কৰি অজিৎ বৰুৱাৰ কবিতাৰ সূক্ষ্মদৰ্শী পৰ্য্যালোচনা আগবঢ়াই ড° হিলৈদাৰীয়ে আৰু কয়– ‘‘এলিয়টক আধুনিক মানুহৰ মোহভঙ্গৰ অক্ষমতাই প্ৰধানতঃ বিড়ম্বনা দিছিল৷ এই বিড়ম্বনা, অস্বস্তিবোধ আৰু উৎকণ্ঠাৰ স্বৰূপ লক্ষণীয়ভাৱে আধুনিক৷ অজিৎ বৰুৱাই এনে উদ্বিগ্নতা আৰু সংশয়গ্ৰস্ততাক বাৰু কেনেদৰে গ্ৰহণ কৰিছিল? তেওঁৰ কবিতা পঢ়িলে ভাব হয় যেন তেওঁ সেই সংশয় আৰু উৎকণ্ঠাৰ ওপৰতো প্ৰশ্ন তুলিছিল– অৰ্থাৎ আধুনিক সংশয়গ্ৰস্ততাকো তেওঁ সন্দেহৰ আৱৰ্তত ৰাখিছিল, তাক লৈ কৌতুক কৰিছিল৷’’
অজিৎ বৰুৱা অনুৰাগী সমাজ, কটন বিশ্ববিদ্যালয়ৰ সাহিত্য আৰু আলোচনী বিভাগ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান হেৰিটেজ, আৰ্ট এণ্ড ডিজাইনৰ সন্মিলিত উদ্যোগত আয়োজিত সপ্তম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতাৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে অজিৎ বৰুৱা অনুৰাগী সমাজৰ উপ সভাপতি, কবি, আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱাই৷ ইয়াৰ পাছতে অজিৎ বৰুৱাৰ তিনিটা কবিতা আবৃত্তি কৰে প্ৰসিদ্ধ গীতিকাৰ, কবি, অনুবাদক, আবৃত্তিকাৰ কীৰ্তিকমল ভূঞাই আৰু অজিৎ বৰুৱাই নিজে কৰা ইংৰাজী অনুবাদৰ দুটা কবিতা আবৃত্তি কৰে সমালোচক, অনুবাদক ড° স্তুতি গোস্বামীয়ে৷ অনুষ্ঠানত বিশিষ্ট কবি ড° লুটফা হানুম ছেলিমা বেগমে এই বৰ্ষৰ স্মাৰক বক্তৃতাৰ ওপৰত পৰ্য্যালোচনাধৰ্মী আলোকপাতেৰে নিজৰ বক্তব্য আগবঢ়ায়৷ আনহাতে, স্মাৰক বক্তৃতাৰ পাছতে আয়োজিত অজিৎ বৰুৱা সোঁৱৰণী কবি সন্মিলনখনি সঞ্চালনা কৰে বিশিষ্ট কবি, কাহিনীকাৰ, সমালোচক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰাণ্‌জিৎ বৰাই৷ অনুষ্ঠানত অংশ লৈ কবিতা পাঠ কৰে কটনিয়ান কবি সব্যসাচী দাস, মমিনা আখটাৰ আৰু অশ্বিনী ফুকনে৷ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহঃ অধ্যাপিকা ড° কাকলি গগৈয়ে আঁত ধৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কটনিয়ান কবি দীপাংকৰ বৰুৱাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More