মানাহৰ বাবে এটুপি চকুলো

2 501

শৈলেন বৰুৱা

মানাহ ৰাষ্ট্ৰীয় উদ্যান যদি আপুনি এতিয়ালৈকে দৰ্শন কৰা নাই, তেন্তে পূৰ্বৰ পৰা চলি থকা নিৰিখত উদ্যানখনত প্ৰবেশ কৰিব নোৱাৰিব। ৫ জুলাই (২০২২ চন) বিটিচি প্ৰশাসনে জাৰি কৰা এক জাননী মৰ্মে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰিদৰ্শন কৰিব বিচৰা পৰ্যটকসকলৰ বাবে মানাহত প্ৰৱেশৰ বাবদ বিভিন্ন ধৰণে প্ৰৱেশ মাছুল বৃদ্ধি কৰিছে।ফলত প্ৰতিজন পৰ্যটকে মানাহত প্ৰৱেশৰ বাবদ পূৰ্বে নিৰ্ধাৰিত ১০০ টকা মাছুলৰ পৰিৱৰ্তে বৰ্তমান নতুন জাননীখনৰ মতে প্ৰৱেশ মাছুল ৩০০ টকা ভৰিব লাগিব। কেৱল সিমানেই নহয়, শনিবাৰ, দেওবাৰ আৰু বন্ধৰ দিনত এই মাছুল ৪০০টকা। তদুপৰি একেজন পৰ্যটকে উদ্যানখনৰ আকৰ্ষণীয় ঠাই মথনগুৰীলৈ যাবলৈ বিচাৰিলে পুনৰ ২০০ টকা ভৰিব লাগিব।অৰ্থাৎ বন্ধৰ দিনত এজন পৰ্যটকে পূৰ্বৰ ১০০ টকাৰ ঠাইত ৬০০ টকা আৰু গাড়ীৰ বাবদ পূৰ্বৰ ৩০০ টকাৰ ঠাইত ৯০০টকা ভৰিব লাগিব। গতিকে এনে বৰ্ধিত মাছুলৰ বাবে মানাহত পৰ্যটকৰ হাৰ হ্ৰাস পোৱাটো নিশ্চিত বুলি আশংকা কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজ, পৰ্যটনৰ লগত জড়িত স্থানীয় উদ্যোগী তথা দল-সংগঠনে। কিন্তু ইয়াৰ বিপৰীতে এই নিৰিখ কাজিৰঙা, পবিতৰা আদি উদ্যানত বৃদ্ধি কৰা নাই।20220722 072058

বিটিচি প্ৰশাসনে পৰ্যটকৰ মূৰত কঁঠাল ভাঙি খোৱাৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে, মানাহক বিটিচি প্ৰশাসনে ডিঙি মুচৰি পেলোৱাৰ দৰে হ’ব। মাছুল বৃদ্ধিৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হব উদ্যানখনৰ কাষত গঢ়ি উঠা গেষ্ট হাউচ, কটেজ, ৰিজ’ৰ্ট, হোম ষ্টে আদিত জড়িত থলুৱা উদ্যোগীসকল। কাৰণ মানাহলৈ কাজিৰঙাৰ দৰে অভিজাত দেশী-বিদেশী পৰ্যটক নাযায়। মানাহলৈ বিদেশী পৰ্যটকৰ আগমণো অতি কম।সম্ভৱতঃ ২-৫ শতাংশ।

মানাহলৈ কেনে পৰ্যটক যায়

মানাহ ভ্ৰমণ কৰে “কম বাজেটৰ” পৰ্যটকে।এইসকলৰ পৰ্যটক দেশৰ ভিতৰৰে।মূলতঃ পশ্চিমবংগক কেন্দ্ৰ কৰি মধ্যভাৰতৰ পৰ্যটকেই সৰ্বাধিক।এই সকল কম বাজেট বা নিৰ্দিষ্ট বাজেটত চলা মানুহ। তেঁওলোকে লাহ বিলাহ কৰিবলৈ মানাহলৈ নাহে, আহে দুটামান দিন নিৰিবিলি পৰিৱেশত থাকি জীৱজন্তু চাবলৈ।

মানাহলৈ আহে দেশৰ বহুসংখ্যক পক্ষীপ্ৰেমী ফটোগ্ৰাফাৰ। বেংগল ফ্লৰিকান, ময়ূৰ আদি নিৰ্দিষ্ট কেইবিধমান চৰাইৰ ফটো তুলিবলৈ আহে তেঁওলোক। কিন্তু উদ্যান কৰ্তৃপক্ষই উদ্যানৰ প্ৰৱেশ মাছুল, কেমেৰা মাছুল বৃদ্ধি কৰাৰ সমান্তৰালভাবে উদ্যানখনৰ ভিতৰৰ বহুকেইটা পথ স্থায়ীভাবে বন্ধ কৰি দিয়াৰ ফলত ফটোগ্ৰাফাৰৰ সংখ্যাও হ্ৰাস হোৱাৰ আশংকা আছে।20220722 071212
বন বিভাগৰ যুক্তি– নিৰ্ভয়ে চলাফুৰা কৰা জীৱজন্তুৰ উন্নয়নৰ বাবেই উদ্যানৰ ভিতৰৰ প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘৰ মথনগুৰি-ভূঞাপাৰা পথ, ৰুইচিংগলা পথ, পদুম পুখুৰী পথ, গৰুছাৰা পথ, মৰাজ্ঞাতি-দৈমাৰী আদি পথ বন্ধ কৰি দিয়া হৈছে। আপাত দৃষ্টিত এই যুক্তি শুদ্ধ, কিন্তু বাস্তৱ দৃষ্টিভংগীৰে ইয়াৰ যুক্তিযুক্ততাৰ বিশেষ প্ৰভাব নাই। অৰ্থাৎ বন বিভাগে কব বিচাৰে যে উদ্যানৰ ভিতৰত মূলতঃ জীপ চাফাৰি কৰি থাকিলে বন্যপ্ৰাণীৰ অসুবিধা হয় বা ইহঁতৰ সংখ্যা বৃদ্ধিত কুপ্ৰভাব পৰে। শেহতীয়াকৈ বাঘৰ সংখ্যা বৃদ্ধিয়ে এই যুক্তিক খণ্ডন কৰে। ২০১০ চনত মানাহত বাঘ আছিল ১০ টা, ২০২০ চনত বাঘৰ সংখ্যা বৃদ্ধি হল ৩৬ টালৈ আৰু ২০২১ চনত এই সংখ্যা ৪৮ টা হলগৈ। যিসময়ত মানাহৰ ভিতৰৰ পথবোৰ খোলা আছিল আৰু নিৰ্দিষ্ট চিজনত পৰ্যটকে গিজগিজাই আছিল, সেই সময়ত বাঘৰ সংখ্যা ভবাতকৈয়ো অধিক বৃদ্ধি হৈছিল আৰু হৈ আছে।এনে দ্ৰুত বৃদ্ধিৰ বাবে মানাহে UNESCOকে ধৰি একাধিক সংস্থাৰ আন্তৰ্জাতিক বঁটাও লাভ কৰিছে। তেনে প্ৰেক্ষাপটত পৰ্যটকৰ বাবে পথৰ সংখ্যা হ্ৰাস কৰাটো যুক্তিযুক্ত বা বাস্তবসন্মত নহয়। উদ্যানৰ ভিতৰখন যদি ঘূৰি পকি ভালদৰে চাবই নোৱাৰে তেন্তে কোনে মানাহ দৰ্শন কৰিবলৈ যাব! কেৱল এটা পথেৰে জীপ চাফাৰি কৰিলে মানাহলৈ একেজন পৰ্যটক দ্বিতীয়বাৰৰ বাবে নাযাবও পাৰে।আনহাতে পক্ষীপ্ৰেমী ফটোগ্ৰাফাৰসকলে মাত্ৰ এখন ভাল ফটোৰ বাবে দিনৰ পিছত দিন মানাহৰ অভ্যন্তৰত কটায়।এই সকল ফটোগ্ৰাফাৰে খুলি ৰখা নিৰ্দিষ্ট পথটোত বিচৰা ফটোখন বা বিচাৰি অহা চৰাইবিধক পাবই বুলি জানো গেৰাণ্টি দিব পৰা যাব? ফলত উদ্যানৰ বন্ধ কৰি ৰখা পথবোৰ পুনৰ মুকলি কৰি নিদিলে ক্ৰমশঃ উদ্যানলৈ অহা পৰ্যটক ফটোগ্ৰাফাৰৰ সংখ্যাও হ্ৰাস পোৱাৰ সম্ভাৱনাই অধিক।

মানাহত পৰ্যটক ঘূৰা ফিৰাত পথৰ সংখ্যা কমাই মাছুল বৃদ্ধি কৰাৰ দৰে আজৱ আৰু অদ্ভুত “আঁচনি” কোনে কাৰ স্বাৰ্থত গ্ৰহণ কৰিলে?

মানাহৰ বাঁহবাৰী(Bansbari)ৰেঞ্জ এলেকাতে পৰ্যটক থকাৰ বাবে প্ৰায় ৩০ খন ৰিজ’ৰ্ট, কটেজ, হোম ষ্টে আদি আছে। পানবাৰী ৰেঞ্জত ৩ খন, ভূঞাপাৰা ৰেঞ্জত ২ খন মানকৈ আছে। প্ৰতিখন কটেজ বা ৰিজ’ৰ্টত গড়ে ১০ জন মালিক-কৰ্মচাৰী আছে বুলি ধৰিলে বাঁহবাৰী ৰেঞ্জতে ৩০০ থলুৱা লোকে পৰ্যটকক সেৱা আগবঢ়াই আছে।এইসকলৰ বাহিৰেও জীপচি আছে ১৬০ খন। চাফাৰিৰ লগত মালিক, চালক/গাইড হিচাপে জৰিত হৈ আছে প্ৰায় ৩০০ যুৱক।এইসকলৰ গৰিষ্ঠসংখ্যকেই বড়ো যুৱক।

মানাহত পৰ্যটক হ্ৰাস পালে এই ৬০০ মান থলুৱা লোকৰ ওপৰত প্ৰত্যক্ষভাবে মাধমাৰ পৰিব। এইসকল লোকে পৰ্যটন বৃত্তি এৰি দিব লাগিব নতুবা এৰিবলৈ বাধ্য হ’ব। ফলত এদিন মানাহ এৰাপৰলীয়া উদ্য়ান হৈ পৰিব পাৰে!

বিটিচি এলেকাত বড়ো আন্দোলনৰ সময়ত মানাহ প্ৰায় বিধ্বস্ত হৈ পৰিছিল। খাদ্যৰ বাবে বহু বনৰীয়া ম’হ নিধন কৰা হৈছিল। চোৰাং কাৰবাৰীয়ে বনৰীয়া ম’হৰ মাংস দাঁতি কাষৰীয়া নগৰাঞ্চলত পহুৰ মাংস বুলিও বিক্ৰী কৰাৰ কথাও শুনা যায়।সেয়া সচা নে মিছা সেয়া কালৰ বুকুৰ লীন গ’ল। বড়ো আন্দোলনৰ সময়ত মানাহৰ দাঁতি কাষৰীয়া যিবোৰ গাঁৱলৈ প্ৰকৃতিপ্ৰেমী বা আন মানুহ যাবলৈ ভয় কৰিছিল, সেইবোৰ গাঁৱৰ যুৱকেই এতিয়া যিকোনো প্ৰকাৰে এখন জীপচি ক্ৰয় কৰি মানাহত পৰ্যটকক ঘূৰাই ফুৰে, গাইড কৰে।এইসকল যুৱকে মানাহখনক অন্তঃকৰণেৰে ভাল পায়।মানাহেই এতিয়া তেঁওলোকৰ জীৱন জীৱিকা। পৰা সকলে নিজ গৃহৰে এটা দুটা কোঠা সজাই পৰাই হোম ষ্ট্ৰেৰ জৰিয়তে পৰ্যটকক ৰাখি দুপইচা অৰ্জন কৰে।
গাঁৱৰ মহিলায়ো শালত বোৱা কাপোৰ চিজনত পৰ্যটকৰ বাবে বিপণি খোলে।তাতে থলুৱাভাবে তৈয়াৰ কৰা দুটামান আচাৰৰ বটলো ৰাখে। পুৱাই টেকেলি মুখত দিয়া পিঠা আৰু চাহৰো ব্যৱসায় কৰে স্থানীয় মহিলাই।

মানাহৰ দাঁতি কাষৰ গ্ৰাম্য অৰ্থনীতি এনেদৰেই আগবাঢ়িছিল। মূলতঃ ২০১৬ চন মানৰ পৰাহে মানাহত পৰ্যটনে ঠন ধৰিছিল। এয়া গোটেই বছৰটোৰ ব্যৱসায় নহয়।মূলতঃ পীক সময় বুলি ৪ মাহ আৰু দুমাহমানৰ বাবেহে থলুৱা লোকসকলৰ এই ব্যৱসায় চলে। জীপচি চলাই, গাইড কৰি কোনোজন থলুৱা যুৱকেই স্বচ্চল হোৱা নাই। কোনোমতে ভাত-কাপোৰৰ সমস্যা সমাধান কৰি আছে। মানাহক ভাল পাই বাবেই তেঁওলোকে “অলাভজনক” হলেও পৰ্যটনত জড়িত হৈ আছে।
এনে সময়তে বন্ধ কৰি দিয়া হৈছে মানাহৰ অভ্যন্তৰৰ একাধিক পথ। বঢ়াই দিয়া হৈছে পৰ্যটকৰ প্ৰৱেশ মাচুল, জীপৰ প্ৰৱেশ মাচুল, হাতী ছাফাৰিৰ মাচুল, কেমেৰাৰ মাছুল। একমাত্ৰ মোবাইল ফোনহে বিনামূলীয়াকৈ নিব পাৰিব। কোনোমতে জীপচি ক্ৰয়েৰে মানাহক ভাল পোৱা এটা প্ৰজন্মৰ যুৱকে যি আশাৰে পৰ্যটন বিকাশত নামি পৰিছিল, আজি সেইসকল যুৱকৰ মূৰত মাধমাৰ মৰা হৈছে। লগতে বৃদ্ধি কৰা মাছুলৰ জৰিয়তে প্ৰস্ফূতিত হোৱা মানাহৰ থলুৱা পৰ্যটন কলিতে মোহাৰি পেলাবলৈ বিচাৰিছে বিটিচি প্ৰশাসন তথা ক্ষেত্ৰ সঞ্চালকে।

কিয় এনে সিদ্ধান্ত
বিটিচি প্ৰশাসনে মানাহৰ ক্ষেত্ৰ সঞ্চালকৰ জৰিয়তে মাছুল বৃদ্ধিৰ খচৰা তৈয়াৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পক “গুণগত” মান প্ৰদান কৰাৰ লক্ষ্যৰে পৰ্যটকৰ প্ৰৱেশ মাছুল বৃদ্ধি কৰা হৈছে। পিছে কেনেদৰে গুণগত মান বৃদ্ধি হ’ব তাৰ বাবে উদ্যান কৰ্তৃপক্ষই পৰ্যটনৰ লগত জৰিত থলুৱা উদ্যোগীসকলৰ লগত কোনো আলোচনা কৰা নাই। কৰ্তৃপক্ষই ভাবি লৈছে-মানাহলৈ “ধনী”পৰ্যটকক আকৰ্ষণ কৰা হ’ব আৰু “কম সংখ্যক ধনী পৰ্যটক”ৰ জৰিয়তে আয় বৃদ্ধি কৰা হ’ব। এই “হ’ব”বোৰ মাথোন সম্ভাৱনাহে। বাস্তবৰ প্ৰতিচ্ছবিখন বিপৰীত। মানাহৰ ঐতিহ্য, পৰ্যটকৰ প্ৰকাৰ, থলুৱা উদ্যোগীৰ উৎসাহ আৰু অংশগ্ৰহণ, স্থানীয় মানুহৰ মানাহক লৈ জীৱন জীৱিকাৰ আশা আৰু অন্তঃকৰণেৰে বন্যপ্ৰাণীক ভালপোৱা আদি বিষয়বোৰ বিটিচি প্ৰশাসন বা উদ্যান কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই। তুলনা কৰা নাই কাজিৰঙাৰ পৰ্যটনৰ দিশবোৰ।

পৰ্যটক কাজিৰঙালৈ যায় মূলতঃ একখড়্গযুক্ত গঁড় চাবলৈ। অসমৰ এই গঁড় বিশ্বতে বিৰল বাবে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক আহে কাজিৰঙালৈ।কাজিৰঙাত সততে বিদেশী পৰ্যটকৰ ভিৰ দেখা যায়। আনহাতে পৰ্যটক মানাহলৈ যায় মূলতঃ বাঘ চাবলৈ বা আৱাসিক চৰাই চাবলৈ। মানাহলৈ পৰিভ্ৰমী পক্ষীৰ আগমণৰ সংখ্যা তুলনামূলক ভাবে কম।কাজিৰঙাত বেছি। মানাহৰ পৰ্যটক মূলতঃ দেশৰ ভিতৰৰ বিভিন্ন ৰাজ্যৰ।আনহাতে এই দেশীয় পৰ্যটকো “নিৰ্দিষ্ট বাজেট”ৰ ভিতৰুৱা। সেয়ে কাজিৰঙাৰ ক্ষেত্ৰত যি ‘থিয়ৰি’ চলি আছে মানাহৰ ক্ষেত্ৰত কোনো কাৰণতে প্ৰযোজ্য নহয়।তেনে প্ৰেক্ষাপটত শতিকা পুৰণি আৰু বিশ্ব বন্দিত কাজিৰঙাৰ দৰে ধনী পৰ্যটকৰ আশাত মাত্ৰ কেইবছৰমানৰ আগৰে পৰা উত্থান ঘটা মানাহৰ পৰ্যটনক “গুণগত” ৰূপ দিয়াৰ স্বাৰ্থত অভাৱনীয় মাছুল বৃদ্ধি কোনো কাৰণতে বাস্তৱসন্মত নহয়।

মানাহৰ পৰ্যটনৰ লগত জৰিত “স্থানীয় সম্প্ৰদায়”টোক উপেক্ষা কৰা মানে মানাহ পুনৰবাৰ বিধ্বস্ত কৰাৰ অভিপ্ৰায়। সেয়ে অসমৰ কোনো অভয়াৰণ্যতে প্ৰযোজ্য নকৰা মাছুল বৃদ্ধি মানাহৰ পৰা বাতিল কৰা উচিত। মানাহক অসমৰ সম্পদ কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় উদ্যানখনৰ উন্নতি আৰু পৰ্যটনৰ বিকাশত আত্মনিয়োগ কৰা “স্থানীয় সম্প্ৰদায়”টোক লগত লৈ আগবাঢ়িবলৈ বিটিচি প্ৰশাসন তথা উদ্যান কৰ্তৃপক্ষক আহ্বান জনালো।

আৰম্ভ হৈছে প্ৰতিবাদ
IMG 20220726 WA0022মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ বাবে চৈধ্যটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাহ কনজাৰভেছন এণ্ড টুৰি’জম ডেভলপ’মেণ্ট ছ’চাইটিৰ উদ্যোগত বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত যোৱা ২১ জুলাইত গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিটিচি প্ৰশাসনে জাৰি কৰা জাননীৰ জৰিয়তে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অত্যধিক হাৰত প্ৰৱেশ মাছুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তিনি ঘণ্টীয়া গণ প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি প্ৰশাসনে পৰ্যটকৰ বাবে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে।বিটিচি প্ৰশাসনৰ এই বৰ্ধিত মাছুলৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ সংখ্যা হ্ৰাস হোৱাৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটকৰ সহায়ৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰি থকা লোকসকলে কৰ্ম সংস্থাপন হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰে প্ৰতিবাদী সকলে।IMG 20220726 WA0019উল্লেখ্য যে বিগত ৫ জুলাই তাৰিখে বিটিচি প্ৰশাসনে জাৰি কৰা এক জাননী মৰ্মে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অহা পৰ্যটক সকলে মানাহত প্ৰৱেশৰ বাবদ বিভিন্ন ধৰণে প্ৰৱেশ মাছুল বৃদ্ধি কৰিছে। বিটিচি প্ৰশাসনে মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি অৰ্থত প্ৰৱেশ মাছুল ইমান বৃদ্ধি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদী জনতাই।

(বুবুল নাথ, ধৰ্মেন্দ্ৰ ৰায়লৈ কৃতজ্ঞতাৰে)

2 মন্তব্য
  1. Avatar of দুলু
    দুলু says

    স্থানীয় সম্প্ৰদায় মানে কাক বুজাব বিছাৰিছে। লিখনিৰ ফটোত থকাসকল নেকি?

    1. Avatar of শতাব্দ
      শতাব্দ says

      নহয়, যিসকল লোকে ৰিজট, গেষ্ট হাউচ, জীপ চাফাৰিকে ধৰি পৰ্যটন খণ্ডত জৰিত হৈ আছে সেই সকলক এটা গোট হিচাপে বুজাবলৈ স্থানীয় সম্প্ৰদায় শব্দ দুটা লিখা হৈছে, ই নিৰ্দিষ্ট জাতি বা কাষ্ট বুজোৱা হোৱা নাই। মন্তব্যৰ বাবে ধন্য়বাদ

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More