মালয়েছিয়াত অনুষ্ঠিত ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত তৃষাণু আৰু হিমাংশুৰ অংশগ্ৰহণ

বিহুৱে মুহিলে সকলোকে

0 10
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ লয়েছিয়াৰ কুৱালালামপুৰৰ ইন্টাৰনেচনেল য়ুথ চেন্টাৰত যোৱা ৩০ ছেপ্তেম্বৰত পৰা ২ অক্টোবৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত অংশ লয় ৰাজ্যৰ দুই প্ৰতিভাশালী যুৱক তৃষাণু ভূঞা আৰু হিমাংশু ৰাজ বৰাই৷ উল্লেখযোগ্য যে, এই আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱৰ সময় তিনি অক্টোবৰৰ অতিৰিক্ত দিনলৈ বৃদ্ধি কৰা হয়৷ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ সংসদৰ প্ৰাক্তন সভাপতি তৃষাণু আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক হিমাংশুৱে পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰ্যৰে জড়িত থাকে৷ দুই প্ৰতিভাশালী যুৱকে ছিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।দুয়োজনে বিভিন্ন সময়ত ৰাজ্যৰ সামাজিক কৰ্মৰে জড়িত হৈ কৰা কামৰ বাবেই এই আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীলৈ আমন্ত্ৰণ লাভ কৰে৷ উল্লেখযোগ্য যে, এই  অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ সামাজিক ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰা ব্যক্তি তথা যুৱ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰাৰ উপৰি মালয়েছিয়া, ফিলিপাইনছ, চিৰিয়া, চুডান ,বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেচিয়া, মাল দ্বীপ, থাইলেণ্ড, নেপাল আদিকে ধৰি  প্ৰায় ১৫ খনৰো অধিক আফ্ৰিকা আৰু এছিয়াৰ দিশৰ যুৱক-যুৱতীয়ে অংশ লয়।মালয়েছিয়াৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সচিব প্ৰধান জানা শান্তিৰাম মুনিয়ানৰ লগতে  মালেছিয়া মন্ত্ৰালয় আৰু প্ৰসাশনিক বিভাগৰ উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সামাজিক ক্ষেত্ৰখনৰ বহুকেজন আগশাৰীৰ ব্যক্তিও উপস্থিত থাকে৷ এই সন্মিলনত বিশ্বজুৰি যুৱকসকলৰ মাজত সামাজিক কাৰ্যাৱলীক কেনেদৰে আগবঢ়াই নিব পাৰি সেই বিষয়েও বিশেষভাবে আলোচনা কৰা হয়৷ উল্লেখযোগ্য যে, দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত, সমগ্ৰ দেশতে হোৱা “স্বচ্ছ ভাৰত অভিযান” কাৰ্যসূচীৰ উদাহৰণেৰে তেজপুৰৰ সন্তান তৃষাণুৱে সামাজিক কৰ্ম আৰু যুৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশেষ ব্যক্তব্য আগবঢাই উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰৰ যুৱক হিমাংশুৱে সামাজিক তথা সাংস্কৃতিক বিভিন্ন দিশ সামৰি  মন্তব্য আগবঢাই৷ এই অনুষ্ঠানৰ দ্বিতীয়টো দিনটোত মালয়েছিয়া ইন্টাৰনেচনেল ইছলামিক ইউনিভাৰচিটিত বিভিন্ন সমাজ কৰ্ম বিষয়ক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ সতে সন্মিলনত অংশগ্ৰহণকাৰী সকলৰ এক বাৰ্তালাপ অনুষ্ঠানো ইয়াত অনুষ্ঠিত হয়। ইয়াত সাংস্কৃতিক বিনিময় অনুষ্ঠানত ৰাজ্যৰ  দুই যুৱকে বিহু গীত পৰিৱেশন কৰে৷ উপস্থিত সকলোৱে বিহুৰ আনন্দ উপভোগ কৰে৷ আনহাতে, শাৰদীয় দুৰ্গা পূজাৰ সময়তে অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত দেশ তথা ৰাজ্যক সফলতাৰে প্ৰতিনিধিত্ব কৰি আজি দুই যুৱক ৰাজ্যত উপস্থিত হৈ উভতি আহি সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে  প্ৰকাশ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More