মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খাদানত মৃত্যুৰ কিৰিলি : শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত মহকুমাধিপতিক তদন্তৰ নিৰ্দেশ উপায়ুক্তৰ

0 22

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : মাত্ৰ কেইটামান টকাৰ মোহত মাৰ্ঘেৰিটাৰ চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা দৰিদ্ৰ শ্ৰমিকৰ ইটোৰ পাছত সিটো মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত্যুৰ কিৰিলিয়ে কঁপাই থকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰত ২৭ জুলাইৰ নিশা চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ খাদানৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে এজন নিহত হোৱা ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিক তদন্তৰ নিৰ্দেশ দিছে তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে । আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উপায়ুক্তই এই কথা সদৰি কৰে । উল্লেখ্য যে কয়লা চোৰৰ ধাৰাবাহিক সন্ত্ৰাস অব্যাহত থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰত কয়লা চুৰি কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ সাধাৰণ শ্ৰমিকে প্ৰাণ হেৰুৱাৰ কেইবাটাও দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে । যোৱা ২৭ জুলাইৰ নিশা কয়লাক্ষেত্ৰখনৰ লিডু টিৰাপ কলিয়ৰীৰ ৬ নং লাইনৰ এক অবৈধ কয়লাখনিত কয়লা খান্দিবলৈ যাওঁতে উক্ত বিস্ফোৰণ সংঘটিত হোৱা বুলি প্ৰকাশ । কিন্তু এই সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত নাই কোনো স্পষ্ট তথ্য । শেহতীয়াকৈ জানিব পৰা মতে বিস্ফোৰণত অগ্নিদগ্ধ শ্ৰমিক তিনিজন বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক ছাৰ্জাৰী বিভাগত চিকিৎসাধীন হৈ আছে । ঘটনাৰ নিশাই তিনিওকে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয় । অৱশ্যে ডিগবৈৰ এখন হোটেলৰ পাকঘৰত হোৱা বিস্ফোৰণৰ ফলত তিনিও অগ্নিদগ্ধ হোৱা বুলিহে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা বুলি সূত্ৰত প্ৰকাশ । অভিযোগ অনুসৰি সকলো পক্ষকে মেনেজ কৰি অবৈধ কয়লাৰ বেহা চলাই অহা প্ৰভাৱশালী চোৰাং কয়লা মাফিয়া চক্ৰই পূৰ্বৰ দৰেই এইবাৰো সমস্ত ঘটনা গাপ দিয়াৰ লগতে শ্ৰমিককেইজনৰ পৰিচয় গোপনে ৰখাৰ বাবে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই । লিডু অঞ্চলৰ জনৈক বেতাব মালি, ৰাজা আৰু ৰাজীৱ নামৰ কয়লা চোৰ কেইটাৰ অবৈধ কয়লাখনিত খনন চলোৱাৰ সময়তে উক্ত দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে । জানিব পৰা মতে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহত শ্ৰমিককেইজন ক্ৰমে ছফিকুল ইছলাম, জয়নাল ইছলাম আৰু বি ইছলাম । আটাইৰে বয়স ২০ ৰ পৰা ২১ বছৰৰ ভিতৰত । মাৰ্ঘেৰিটাৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰত অবৈধ খনিৰ ভিতৰত খননৰ সময়ত শ্ৰমিক মৃত্যুমুখত পৰাৰ ঘটনা নতুন কথা নহয় । স্থানীয় সূত্ৰমতে অধিকাংশ ঘটনাতে খাদানৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয় । কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থবলৈ সক্ষম হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More