মাৰ্ঘেৰিটা পৌৰসভাৰ  দায়িত্ব ভাৰ গ্রহণ

 পৌৰপতিৰ আসনত আনন্দ কুমাৰ শৰ্মা

0 21
মাৰ্ঘেৰিটা, ১৪ এপ্রিলঃ মাৰ্ঘেৰিটা পৌৰসভাৰ নৱ নিৰ্বাচিত ৱাৰ্ড কমিচনাৰসকলৰ শপত গ্রহণ অনুষ্ঠান   মাৰ্ঘেৰিটা পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হয় | পৌৰপতি হিচাপে আনন্দ কুমাৰ শৰ্মাই আৰু  উপ পৌৰপতি হিচাপে  ৰাজ লক্ষী দেবী গগৈয়ে  শপত গ্রহণ কৰে | উল্লেখ্য যে নগৰ সমিতিখনৰ বিগত কাৰ্যকালত উপপৌৰপতি হিচাপে কায্যনিৰ্বাহ কৰিছিল আনন্দ কুমাৰ শৰ্মাই | মাৰ্ঘেৰিটা পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্রাপ্ত মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে নৱ নিৰ্বাচিত পৌৰপতি উপ-পৌৰপতি সহ বিজেপি আৰু মিত্ৰজোঁট অগপৰ বিজয়ী ১০ টা ৱাৰ্ডৰ ৱাৰ্ডমেম্বাৰ সকলক শপত বাক্য পাঠ কৰায় । আগন্তুক দিনত মাৰ্ঘেৰিটা পৌৰসভা আৰু পৌৰসভা এলেকাৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত আন সদস্যসকলৰ লগত লৈ তথা মাৰ্ঘেৰিটা ৰাইজৰ সহযোগত দায়বদ্ধতাৰে নিজ কৰ্ম সম্পাদন কৰি যাব বুলি নৱ নিৰ্বাচিত পৌৰপতি আনন্দ কুমাৰ শৰ্মাই জানিবলৈ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More