মৃত নে জীৱিতঃ লিডুৰ অবৈধ কয়লা খনিত পুনৰ সন্ধানহীন যুৱক

এমাহে যোগাযোগ বিচ্ছিন্ন : কোন এই ’কমল চাহাব’

0 35
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত অবৈধ কয়লা খনিত ২ জন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনাৰ দিনচেৰেক পাছতে পুনৰ অবৈধ কয়লা খননত নিয়োজিত তিনিচুকীয়াৰ এজন প্ৰায় ২৪ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে ৷ পত্নী আৰু একমাত্ৰ আঢ়ৈ বছৰীয়া পুত্ৰক এৰি শ্ৰম কৰি ধন ঘটাৰ মানসেৰে বিগত ডিচেম্বৰত জনৈক ’কমল চাহাব’ বুলি পৰিচিত ব্যক্তিজনৰ অধীনত কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে ৰাওনা হৈছিল জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ ৷ সপ্তাহ, দহদিনৰ মূৰেমূৰে ঘৰলৈ অহা প্ৰাঞ্জল ডিচেম্বৰৰ শেষৰ পৰা ৬ জানুৱাৰীলৈকে ঘৰতে আছিল ৷ ৬ জানুৱাৰীত পুনৰ কামলৈ বুলি ওলাই যোৱা প্ৰাঞ্জলে সেইবাৰ কৰ্মস্থলীত চাৰ্জ দিবলৈ অসুবিধা হোৱাৰ বাবে নিজৰ মবাইলটো ঘৰতে থৈ গৈছিল ৷ ১২ জানুৱাৰীলৈকে আনৰ মবাইলৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰখা প্ৰাঞ্জল দুদিন পাছত ভোগালী বিহুৰ বাবে ঘৰলৈ অহাৰ কথাও আছিল৷ কিন্তু ৰহস্যজনকভাৱে ১২ জানুৱাৰীৰ পাছৰ পৰা যুৱকজন যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ পৰিয়ালৰ লোকে প্ৰাঞ্জলৰ ইজন সিজন সহকৰ্মীলৈ ফোন কৰি যুৱকজনৰ সন্ধান লাভৰ অশেষ চেষ্টা কৰে যদিও কাৰো পৰা কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহয় ৷ সেই সময়তে লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দুজন শ্ৰমিকৰ কৰুণ মৃত্যুৰ বাতৰিয়ে ‘আমাৰ অসম’কে ধৰি একাংশ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে৷ এই বাতৰিত আতংকিত প্ৰাঞ্জলৰ পৰিয়ালে যুৱকজনৰ সন্ধানত ১ ফেব্ৰুৱাৰীত নিজে গৈ লিডুত উপস্থিত হয় আৰু কয়লা খননৰ লগত জড়িত একাধিক ব্যক্তিক সোধপোছ কৰি প্ৰাঞ্জলৰ সন্ধান উলিওৱাৰ প্ৰয়াস কৰে৷ একাংশ লোকে যুৱকজন পূৰ্বে দেখা বুলি কয় যদিও বৰ্তমান তেওঁ ক’ত সেই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৷ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ইয়াৰ পাছদিনাই অৰ্থাৎ ২ ফেব্ৰুৱাৰীৰ পুৱা তেওঁলোকৰ ঘৰত উপস্থিত হয় লক্ষীপথাৰৰ হৰেন গগৈ (মুন) নামৰ এজন লোক৷ উক্ত ব্যক্তিজনে লেখাপানী অঞ্চলত প্ৰাঞ্জলৰ মৃত্যুৰ খবৰ জাহিৰ কৰে৷ এই কথা শুনা মাত্ৰেই প্ৰাঞ্জলৰ ঘৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ প্ৰাঞ্জলৰ পৰিয়ালে ঘটনাস্থলীলৈ তেওঁলোকক লৈ যোৱাৰ বাবে উক্ত ব্যক্তিজনক অনুৰোধ কৰে যদিও ব্যক্তিজনে অজুহাত দেখুৱাই জনৈক ধ্যান মিলি নামৰ আন এজন ব্যক্তিৰ লগত যোগাযোগ কৰিবলৈ কয়৷ সেইমতে পৰিয়ালৰ লোকে গাঁৱৰ কেইজনমান ব্যক্তিৰ সৈতে লেখাপানীত উপস্থিত হয়৷ তাত তেওঁলোকে কয়লাৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰটোৰ জনৈক ৰাজা, কমল চাহাবকে ধৰি একাধিক ব্যক্তিক লগ পাই যদিও প্ৰাঞ্জলৰ বিষয়ে কোনো পতিয়নযোগ্য উত্তৰ লাভ নকৰে ৷ বৰং কয়লা মাফিয়া চক্ৰই দায়সৰা উত্তৰ দি সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিবলৈ বিচাৰে বুলি অভিযোগত প্ৰকাশ৷ ইয়াৰোপৰি সেই ব্যক্তিসকলে উক্ত দিনা প্ৰাঞ্জলৰ পৰিয়ালৰ সৈতে গাঁৱৰ অন্যান্য লোক থকাৰ বাবে বিশেষ কথা কোৱাৰ পৰা বিৰত থাকি পৰৱৰ্তী সময়ত সন্ধানহীন যুৱকজনৰ পিতৃমাতৃ আৰু পত্নীৰ সৈতে কথা পাতিব বুলি কোৱা বুলি প্ৰাঞ্জলৰ ককায়েকে সংবাদ মাধ্যমৰ লোকক জানিবলৈ দিয়ে৷ প্ৰাঞ্জলৰ ভাতৃয়ে লগতে উল্লেখ কৰে যে সেইদিনা লেখাপানী যোৱাৰ সময়ত তেওঁলোকে তাত কয়লা খননৰ সময়ত কিছুদিন পূৰ্বে এক দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পাৰে৷ ১২ জানুৱাৰীৰ পৰা প্ৰাঞ্জল সন্ধানহীন হৈ থকা সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে ৷ কিন্তু লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকনে ’আমাৰ অসম’ক এই সন্দৰ্ভত একো শুংসূত্ৰ লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে ৷ এনে পৰিস্থিতিত আঢ়ৈ বছৰীয়া সন্তানৰ সৈতে প্ৰাঞ্জলৰ পত্নী আৰু পৰিয়ালৰ লোকে এক অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জিলাখনৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ পশ্চিম মামৰণীৰ বিজয় মূঢ়া নামৰ দুজন শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰিছিল ৷ মৃত শ্ৰমিকদ্বয়ে ক্ষিতিচ দেৱনাথ নামৰ ব্যক্তিজনৰ ভাটাত কয়লা যোগান ধৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷ কিন্তু দুৰ্ঘটনাৰ পাছতে পাছতে সমগ্ৰ কাণ্ডক গাপ দিয়াৰ বাবে তৎপৰ হৈ উঠে কয়লা মাফিয়া চক্ৰ ৷ কয়লাৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰই অতি কৌশলেৰে দুই শ্ৰমিকৰ মৃতদেহ পৰিয়ালক চমজাই দি মৰণোত্তৰ পৰীক্ষা অবিহনেই গোপনে সৎকাৰ কৰিবলৈ বাধ্য কৰে ৷ ৰহস্যজনকভাৱে উক্ত ঘটনা সন্দৰ্ভতো মাৰ্ঘেৰিটা আৰক্ষীৰ হাতত কোনো তথ্য নাছিল ৷ লিডু, মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত শ্ৰমিকৰ অকাল মৃত্যুৰ ঘটনা কোনো নতুন কথা হৈ থকা নাই ৷ ইয়াৰ পূৰ্বেও একাধিকবাৰ এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু প্ৰায় প্ৰতিবাৰেই সমগ্ৰ ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্ৰভাৱশালী কয়লা মাফিয়া চক্ৰ৷ অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয় । কোনো কোনো ক্ষেত্ৰত মৃতদেহ উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থবলৈ সক্ষম হয় ৷ বিগত বৰ্ষটো সংঘটিত এনে কেইবাটাও দুৰ্ভাগ্যজনক ঘটনা সংবাদ মাধ্যমে পোহৰলৈ আনিছিল যদিও তাৎপৰ্য্যপূৰ্ণভাৱে উক্ত ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত নাছিল কোনো তথ্য ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More