ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ ওপৰত আলফা, এনএছচিএনৰ আক্ৰমণ : জেচিঅ’ আহত

0 14
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : শান্তি প্ৰক্ৰিয়া ব্যৰ্থ হোৱাৰ ইংগিত দি সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই (স্বা) সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ পাছত ১৫ আগষ্টলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি ধলপুৱাতে ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় আলফা আৰু নগা বিদ্ৰোহী সংগঠন এনএছচিএনৰ সৈতে নিৰাপত্তা বাহিনীৰ তুমুল সংঘৰ্ষ ৷ জানিব পৰা মতে আজি পুৱা প্ৰায় ৪.৪৪ বজাত ভাৰত-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্ত্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু-পাছত ১৯ আছাম ৰাইফলছৰ শিবিৰৰ পৰা মাত্ৰ কেইশমিটাৰমান নিলগত আছাম ৰাইফলছৰ এটা তহলদাৰী গোটক সন্দেহজনক আলফা (স্বা) আৰু এনএছচিএনৰ (কে-ৱাই এ) যৌথ দলে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত বেছ কিছু সময়ৰ বাবে প্ৰচণ্ড গুলীয়াগুলী হোৱা বুলি সূত্ৰত প্ৰকাশ ৷ জানিব পৰা মতে উগ্ৰপন্থীৰ দলে অত্যাধুনিক ৰাইফলৰ উপৰি গধুৰ মাৰণাস্ত্ৰও ব্যৱহাৰ কৰিছিল ৷ সংঘৰ্ষত সেনাৰ এজন জুনিয়ৰ কমিশ্যনড্‌ অফিচাৰ (জেচিঅ’) পৰ্যায়ৰ বিষয়া আহত হোৱা বুলি সেনা বাহিনীৰ সূত্ৰই সদৰি কৰিছে ৷ গুলীয়াগুলীৰ মাজতে উগ্ৰপন্থীৰ দলটো নিৰাপদে আঁতৰি যাবলৈ সক্ষম হয় ৷ ইফালে এই ঘটনাৰ পাছৰ পৰা সেনাই সমগ্ৰ অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে শেহতীয়াকৈ উজনি অসমত আলফাৰ (স্বা) তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ চোৰাংচোৱাৰ সূত্ৰই স্বাধীনতা দিৱসৰ আশেপাশে আলফাই উজনিত কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পাছত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে ৷ ম্যানমাৰৰ পৰা যাতে উগ্ৰপন্থীয়ে প্ৰবেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্তটো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ মাজতে আজি নিচেই পুৱাতে ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় সন্দেহজনক আলফা আৰু এনএছচিএন বিদ্ৰোহীৰ সৈতে নিৰাপত্তা বাহিনীৰ প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More