মৰ্মন্তুদঃ তিনিচুকীয়াত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ডেৰ বছৰীয়া পুত্ৰসহ নিহত মাতৃ

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ পানীতোলা থানাৰ অন্তৰ্গত বেটিয়নী গাঁৱত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কৰুণভাৱে মৃত্যুমুখত পৰে ডেৰ বছৰীয়া সন্তানসহ এগৰাকী মাতৃ ৷IMG 20221226 111543 নিজ বাসগৃহৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লোৱা মাতৃ আৰু তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ ক্ৰমে পুনম গোৱালা (২২) আৰু ৰমেশ গোৱালা বুলি প্ৰকাশ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় ৯/৯.৩০ বজাত অজ্ঞাত উৎসৰ পৰা বেটিয়নী গাঁৱৰ মানেশ্বৰ গোৱালা নামৰ ব্যক্তিজনৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ ঘটনাৰ সময়ত ঘৰত এজনো পুৰুষ নাছিল বুলি প্ৰকাশ ৷ কিছু সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰটো আগুৰি ধৰে ৷ সেই সময়ত ঘৰত থকা অন্যান্য মহিলা সদস্যসকলে কোনোৰকম বাহিৰলৈ ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও দুৰ্ভাগ্যজনকভাৱে ঘৰৰ ভিতৰতে ডেৰ বছৰীয়া পুত্ৰসহ আবদ্ধ হৈ পৰে পুনম গোৱালা ৷ স্থানীয় ৰাইজে বহু চেষ্টা কৰিও মাতৃপুত্ৰক ৰক্ষা কৰাত ব্যৰ্থ হয় ৷ পাছত স্থানীয় ৰাইজৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা তিনিচুকীয়া আৰু চাবুৱাৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত মাতৃপুত্ৰৰ সৈতে ঘৰটো সম্পূৰ্ণভাৱে ভস্মীভূত হয় ৷ এই কৰুণ ঘটনাই সমগ্ৰ বেটিয়নী গাঁৱত শোকৰ ছাঁ পেলাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More