লখিমপুৰত কাকৈ নৈৰ বলুকাত কবিতাৰ গুঞ্জন

কাব্য, সাহিত্য সংস্কৃতিৰ অনুষ্ঠান বহু ভাষিক কবি সন্মিলনৰ সমন্বয়ৰ যাত্ৰা

0 46

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ ২৬ ডিচেম্বৰ: কাব্য, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সৌজন্যত ২৫ ডিচেম্বৰত “লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ এখনি বৈঠক, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ” শীৰ্ষক এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কাকৈনৈৰ বলুকাত ১২ বজাৰ পৰা ১২-৪০ বজালৈ অসম বহুভাষিক কবি সন্মিলনৰ বিশিষ্ট কবি কেন্দ্ৰীয় সভাপতি অজিত দত্তৰ পৰ্যবেক্ষণত কাৰ্যনিৰ্বাহক বৈঠকখনি অনুষ্ঠিত হয়। দুপৰীয়া ১২.৪০ বজাৰ পৰা ১২.৫৫ বজাত শিক্ষাবিদ ড° দিলীপ কুমাৰ ঝা, কবি, গল্পকাৰ মায়া সন্দিকৈ, শিক্ষাবিদ, গীতিকাৰ বিভা হাতী কাকতিয়ে বন্তি প্ৰজ্বলন, মুক্তি যুঁজাৰু সন্মিলনৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি, প্ৰবীন মুক্তিযোদ্ধা ভোলানাথ নগৰীয়া, সাংবাদিক, কবি ভূৱন গৌতম, ইছলাম ধৰ্মৰ ধৰ্মগুৰু মুফতি আব্দুল হাছিৱে স্মৃতি তৰ্পনেৰে মাঙ্গলিক কাৰ্যসূচী শুভাৰম্ভ কৰে। দিনৰ ১ বজাৰ পৰা “শীতৰ দুপৰীয়া কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ” অনুষ্ঠানটিৰ গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী দুটি ৰূপায়ন কৰা হয়। অসমৰ চুবুৰীয়া ৰাজ্য ঐতিহাসিক সাতভনীৰ অন্যতম অৰুণাচল প্ৰদেশৰ দাঁতিৰ কাকৈ ৰাজগড়স্থিত কাকৈ নদীৰ পাৰত অৱস্থিত কাকৈ গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনৰ প্ৰাকৃতিৰ নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হয় “শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ” শীৰ্ষক অনুষ্ঠানটি। সাংবাদিক কুশল শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা “শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সম্প্ৰীতিৰ এসাঁজ” অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই কথা কবিতাৰ স্তৱকেৰে আঁত ধৰে অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচে। বিশিষ্ট সাহিত্যিক, প্ৰকৃতিপ্ৰেমী উদয় শংকৰ হাজৰিকাই সাৰগৰ্ভ ভাষণ আৰু স্বৰচিত কবিতা পাঠেৰে শুভ উদ্বোধন কৰা অনুষ্ঠানটিত উদীয়মান কবি, গীতিকাৰ জ্যোতিৰেখা মুদৈ নাথৰ নেতৃত্বাধীন দলটিয়ে দিহানাম পৰিৱেশন কৰে। অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, মুখ্য অতিথি বিশিষ্ট কবি অজিত দত্তৰ কবিতাই সভাসদক মোহাচ্ছন্ন কৰি তোলে। সন্মানীয় অতিথি বিশিষ্ট কবি, গল্পকাৰ, শিক্ষাবিদ ড° দিলীপ কুমাৰ ঝাই হিন্দী কবিতাৰে কাব্যপ্ৰেমী সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে। বিশিষ্ট অতিথি ৰূপে ক্ৰমে গীতিকাৰ, কবি অজয়া দত্ত, অৱসৰপ্ৰাপ্ত পৰিকল্পনা বিষয়া, বিশিষ্ট কবি অনন্ত কুমাৰ ভূঞা, প্ৰবীন মুক্তিযোদ্ধা ভোলানাথ নগৰীয়া, শিক্ষাবিদ প্ৰফুল্ল শৰ্মা, সাহিত্যিক, শিক্ষাবিদ মায়া সন্দিকৈ, গীতিকাৰ বিভা হাতী কাকতি, বিশিষ্ট কবি, মঙ্গলময় পত্ৰিকাৰ সঞ্চালক জিতেন বৰুৱা, লখিমপুৰ ডায়েটৰ প্ৰৱক্তা নয়ন জ্যোতি ফুকন, শিক্ষাবিদ, কবি চন্দ্ৰ নাথ দাস, সমৰকলাবিদ চিত্ৰৰঞ্জন হাজৰিকা, লেখক, যোগবিদ ভদ্ৰেশ্বৰ দাসকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট কবি, সাহিত্যিকে আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰি গীত, কবিতাৰে অনুষ্ঠানটি জীপাল কৰি তোলে। লখিমপুৰৰ সমাজ জীৱন, কাব্য, সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বহু কেইগৰাকী বৰেণ্যক বৰণ কৰা অনুষ্ঠানটিত গীতিকাৰ ক্ৰমে লাৱন্য দত্ত শইকীয়া, জয় প্ৰকাশ দত্ত, অজয়া দত্ত, জ্যেষ্ঠ সাংবাদিক কুশল শইকীয়া, জ্যোতিৰেখা মুদৈয়ে সুমধুৰ গীতেৰে সমগ্ৰ পৰিৱেশটো মুখৰিত কৰি অনুষ্ঠানটিক এক অনন্য ৰূপ দিয়ে। জেষ্ঠ কবি গোলাপ দিহিঙীয়া, অনন্ত কুমাৰ ভূঞা, ভূৱন গৌতম, ভাগ্যলক্ষী ডেকা, অমৰজ্যোতি ঘোষ, ডলী মুদৈ, ৰঞ্জিতা চেতিয়া হাজৰিকা, ৰাজজ্যোতি শইকীয়া, প্ৰতিমা বুঢ়াগোহাঁই, মনিষা ভূঞা, চন্দ্ৰ নাথ দাস, ৰেখা ভূঞা, ভদ্ৰেশ্বৰ দাস, যতিন বড়া, লক্ষিন্দ্ৰ গগৈ, ৰশ্মি ৰেখা ফুকন, প্ৰশান্ত কুমাৰ বড়া, নিতুল শইকীয়া, দ্বিপেন কুমাৰ গোহাঁই, প্ৰশান্ত গগৈ, পম্পী বড়া, মিনা শৰ্মা, মোহন কুমাৰ দাস, জয়ন্ত দত্ত, প্ৰনিতা হাজৰিকা, বিতুপন শৰ্মা, আলবিদা হুছেইন, গিতালী বৰা, মুস্তাকিমা হুছেইন, জুনমনি বৰগোহাঁই, পল্লৱ মিলি, ৰূপজ্যোতি দত্ত কোচ, পংকী বৰাকে আদি কবি সকলে অসমীয়া, নেপালী, হিন্দী, ইংৰাজী, বাংলা, দেউৰী, টাই, কোচ-ৰাজবংশী ভাষাত স্বৰচিত কবিতা পাঠ কৰে। “সমন্বয়ৰ এসাঁজ” অনুষ্ঠানটো এটি প্ৰাৰ্থনাৰে শুভৰম্ভ কৰে প্ৰকৃতিপ্ৰেমী উদয় শংকৰ হাজৰিকা, প্ৰবীন মুক্তিযোদ্ধা ভোলানাথ নগৰীয়াই। ব্যক্তিক্ৰমধৰ্মী অনুষ্ঠানটিত লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ শীৰ্ষক অনুষ্ঠানটিত লখিমপুৰ জিলা বহুভাষিকৰ বিষয়-ববীয়া, উপদেষ্টা মণ্ডলী, কাৰ্যনিৰ্বাহক সদস্য-সদস্যা সকল, সংবাদ মাধ্যমৰ লগতে লখিমপুৰ ভোজপুৰী সমাজৰ হৈ ছি পি গুপ্তা, ৰাজেশ চৌধুৰী, লখিমপুৰ, ধেমাজী, মাজুলী জিলাৰ নবীন, প্ৰবীন কবি, গীতিকাৰ, সাহিত্যিক, শিক্ষাবিদ, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, কাব্য-সাহিত্যপ্ৰেমী প্ৰমুখ্যে তিনি শতাধিক শুভাকাংক্ষীয়ে বৰষুণৰ বতৰকো অতিক্ৰমি উপস্থিত থাকি কাব্য-সাহিত্য, সংস্কৃতিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি দত্ত কোচে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More