যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবীত যুৱ পৰিষদৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

ৰাজ্যত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ আগষ্টঃ ৰাজ্যত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি অহাৰ সময়তে আজি লখিমপুৰত মূল্যবৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত তথা ড॰ বি. আৰ. আম্বেদকাৰ প্ৰতিমূৰ্তিৰ সমীপত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰি যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰাৰ লগতে মন্ত্ৰীজনৰ পদত্যগ দাবী কৰে৷ সভাপতি মনোজ কলিতা, সাধাৰণ সম্পাদক প্ৰবীণ হাজঙৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক মোবিন আহমেদে কয় যে যোগানমন্ত্ৰীজনে ৰাজ্যত মূল্যবৃদ্ধি ঘটাৰ সময়ত তাক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে তেওঁ নিজে যোগাসন কৰাৰ ফটো সামাজিক মাধ্যমত আপলোড কৰি ৰাইজক উপলোঙা কৰি আহিছে৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে যোগান মন্ত্ৰীজনে পদত্যাগ কৰিব লাগে বুলি আজি পৰিষদে দাবী জনায়৷ যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আৰু মূল্যবৃদ্ধি ৰোধৰ দাবী জনাই পৰিষদে বিভিন্ন শ্লগান দি লখিমপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে৷ আজিৰ কাৰ্যসূচীত আঞ্চলিক সমিতিৰ বিত্ত সম্পাদক পংকজ হাজৰিকা, চাপৰি গাঁও শাখা সমিতি, ঘাৰমৰা শাখা সমিতি আদিয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক আদি বিভিন্ন শ্লগান দিয়ে৷ পিছত আৰক্ষীয়ে প্ৰতিবাদী লোকসকলক বাধা দিয়াৰ চেষ্টা কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More