যোৰহাটত পৌৰ সভাৰ শপত গ্ৰহণ

অগপক বিমুখ কৰি পৌৰপতি, উপ পৌৰপতি দুয়োটা পদ বিজেপিৰ দখলত

0 31
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১২ এপ্ৰিল : শতবৰ্ষ গৰকা যোৰহাট পৌৰ সভাৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ আজি পৌৰসভা কক্ষত অনুষ্ঠিত হয় । পৌৰ সভা খনৰ ১৯ টা ৱাৰ্ডৰ ৯ টা বিজেপি দলে, ৮টা কংগ্ৰেছে, ২ টা ৱাৰ্ড অগপ দলে দখল কৰে । একক সংখ্যাগৰিষ্ঠ হৈ বিজেপি দলে অগপ ৰ সহযোগত যোৰহাট পৌৰ সভা গঠন কৰে। নৱগঠিত পৌৰসভাৰ পৌৰপতি হিচাপে শপত লয় ১৬ নং  ৱাৰ্ডৰ সদস্যা লখিমী বৰুৱা খাৰঘৰিয়াই আৰু উপ পৌৰপতি হিচাপে হিচাপে শপত গ্ৰহণ কৰে ২ নং ৱাৰ্ডৰ সদস্য দিলিপ দত্তই । নিৰ্বাচিত সদস্য সকলক শপত বাক্য পাঠ কৰোৱাই যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। উল্লেখ্য, বিজেপি দলে ৯ খন আসন পোৱাৰ বিপৰীতে অগপই দুখন আসন পোৱাতহে মেজিক নম্বৰ মিলি যায়। সেই হিচাপত অগপই উপ পৌৰপতিৰ আসন লাভ কৰাটো নিশ্চিত আছিল যদিও অগপক বিমূখ কৰি সভাপতি, উপ পৌৰপতি দুয়োটা পদ বিজেপিয়ে নিজৰ দখলত ৰাখে। ইয়াকে লৈ এতিয়া অগপ বিজেপিৰ শীতল যুদ্ধ অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More