লক্ষীমপুৰত বিভিন্ন স্থানত ৰাভা দিৱস উদ্‌যাপন

0 27

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২০ জুনঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে লক্ষীমপুৰ জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাভা দিৱসটি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰে৷ জিলাখনৰ অ পি ডি মহাবিদ্যালয়ৰ লিটাৰেৰী আৰু গ্ৰামা ক্লাবৰ উদ্যোগত অসমীয়া বিভাগ আৰু তেলাহী কমলাবাৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত দিৱসটি উদযাপন কৰা হয়৷ মহাবিদ্যালয়খনত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় তেলাহী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোহিত খাউণ্ডে৷ অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সুৰেশ দত্তই৷ অনুষ্ঠানটোত শিক্ষাৰ্থীসকলৰ মাজত ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ শীৰ্ষক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে দুলাল দত্ত, বিজয়লক্ষী দাস আৰু গুঞ্জন দত্তই৷ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নবিন মেধি, দ্বিতীয় ফটিক বৰা আৰু তৃতীয় স্থান লাভ কৰে পৰিস্মিতা হাজৰিকাই৷ লিটাৰেৰী আৰু গ্ৰামা ক্লাবৰ সমন্বয়ক ড॰ ৰাশি দেউধাই ফুকনে আঁত ধৰা অনুষ্ঠানটোত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে৷ আনহাতে আছুকে ধৰি বিভিন্ন সন্থা সংগঠনৰ লগতে জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয়তো ৰাভা দিৱস উদযাপন কৰা হয়৷

মহাইজান প্ৰাথমিক বিদ্যালয়ত

অসম নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা লখিমপুৰ জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ কনকেশ্বৰ ডেকা ৰাজকোঁৱৰৰ উপস্থিতিত উত্তৰ লখিমপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মহাইজান প্ৰাথমিক বিদ্যালয়ত পুৱা ৭-৩০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত বেচ উলহ-মালহেৰে উদযাপন কৰা হয়।WhatsApp Image 2023 06 20 at 8.43.49 PM এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক বেণুকৃষ্ণ গোস্বামী, সহকাৰী শিক্ষক প্ৰশান্ত বৰুৱা, শিক্ষয়িত্ৰী মাখনী দাস, বেবী বৰুৱা, জয়া কলিতাই ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজৰ উপকাৰ হোৱাকৈ বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন- দৰ্শন, সৰ্বগুণৰ আলোচনা -পৰ্যালোচনা, ব্যাখ্যা দাঙি ধৰে। ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা ৰাভা নৃত্য, ৰাভা সংগীত আৰু বক্তৃতাই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মুখ্য অতিথি হিচাপে আমন্ত্ৰিত ডেকা ৰাজকোঁৱৰে অনুষ্ঠানটোত বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্ম সম্পৰ্কে ভুৰুকাত হাতী ভৰোৱাৰ দৰে চমু ভাষণেৰে আলোকপাত কৰাৰ লগতে শিশু কল্যাণ সমিতিৰ হৈ শিশু শ্ৰমিক, বাল্য বিবাহ, মাদক দ্ৰব্যৰ সেৱন, আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰী, বিদ্যালয়লৈ নোযোৱা শিশু সকলৰ বিৰুদ্ধে চলাই থকা অভিযানৰ সম্পৰ্কে বিবৰি কয়। বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত সন্ধ্যা বিদ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More