উত্তৰ লক্ষীমপুৰ, ২০ জুনঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্যাপন কৰা হয়। অনুষ্ঠানটিত কলাগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই । মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পুস্পাঞ্জলি অৰ্পণ কৰে। অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপিকা মৃদুস্মিতা হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ ডেকাই। তেখেতে কলাগুৰু জনাৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বৰ্তমান সময়ত বিষ্ণুৰাভা অধ্যয়নৰ প্ৰাসংগিকতা সম্পৰ্কে বিশ্লেষণ দাঙি ধৰে। কাৰ্যালয়ৰ সহায়ক হেমন্ত বৰা, ছাত্ৰী এলিনা দাসে কবিতা আবৃত্তি কৰে। অধ্যাপিকা অৰূপা দত্ত, হিমাদ্ৰী ডেকা বুঢ়াগোহাঁই আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰাভা সংগীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। অধ্যাপিকা ড° বিভা দত্তই আঁত ধৰা সভাখনিত ৰাভাক স্মৰণ কৰি বক্তব্য আগবঢ়াই অধ্যাপক কুলদীপ নাৰায়ণ দত্তই।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.