লখিমপুৰত অসম জাতীয় পৰিষদৰ সভাত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হুংকাৰ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ লখিমপুৰ নগৰৰ মাজমজিয়াত অসম জাতীয় পৰিষদৰ এখন সভা আজি অনুষ্ঠিত হয়৷ এই সভাত বৰ্তমান চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে পৰিষদে তীব্ৰ হুংকাৰ দিয়ে৷ উত্তৰ লখিমপুৰ নগৰৰ সাহিত্য সভা ভৱনত অসম জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাগৰিক সভাত এনে হুংকাৰ দিয়ে পৰিষদে৷ লখিমপুৰৰ জিলা সভাপতি ৰামেশ্বৰ কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক সুৰজিৎ ভূঞাই৷ সভাখনত নগৰখনৰ অৰ্ধশতাধিক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে আৰু সকলোৱে সাম্প্ৰতিক সময়ত চৰকাৰী পৃষ্ঠপোষকতাত যি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা হৈছে তাক ৰোধ কৰাৰ বিষয়ে আলোচনা কৰা হয়৷ জিলাখনত সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীৰ মাজত যাতে সাম্প্ৰদায়িকতাৰ বীজ ৰোপন নহয় তাৰবাবে সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান জনায়৷ আজিৰ সভাত বিজয় দেউৰী, প্ৰফুল্ল শৰ্মা, বিপুল শৰ্মা বৰুৱা, ৰেবত চন্দ্ৰ গগৈ, নাৱাজ আহমেদ বৰবৰুৱা, অধিবক্তা অৰূপ কলিতা, ছাজাদ হাজৰিকা, জীৱন দত্ত আদিয়ে অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More